সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা বিজয়ী
১৪ প্ৰবন্ধ
-
দীনেশ চন্দ্ৰ গোস্বামী
ড॰ দীনেশ চন্দ্ৰ গোস্বামী (Dinesh Chandra Goswami) অসমৰ এগৰাকী বিজ্ঞানী, সাহিত্যিক, নাট্যকাৰ, ব্যংগ সাহিত্যক, আৰু ঘাইকৈ জনপ্ৰিয় বিজ্ঞান আৰু কল্পবিজ্ঞান গল্প-উপন্যাস-অনাতাঁৰ নাটক আদিৰ লিখক। ড॰ গোস্বামীয়ে যোৰহাটৰ আঞ্চলিক গৱেষণাগাৰৰ বিজ্ঞানী আৰু সঞ্চালকৰ উপদেষ্টা হিচাবে অৱসৰ গ্ৰহণ কৰিছে।
-
শান্তনু তামূলী
শান্তনু তামূলী (Santanoo Tamuly; জন্ম: ১৯৪৮-), মৌচাক মামা নামে পৰিচিত অসমৰ এগৰাকী বিজ্ঞান লেখক, শিশু সাহিত্যিক আৰু আলোচনী সম্পাদক। তেওঁ মৌচাক আৰু নতুন আৱিষ্কাৰ নামৰ দুখন শিশু আলোচনীৰ প্ৰতিষ্ঠাতা আৰু বৰ্তমানলৈ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁৰ প্ৰকৃত নাম প্ৰমোদ চন্দ্ৰ তামূলী।
-
ৰঞ্জু হাজৰিকা
ৰঞ্জু হাজৰিকা (Ranju Hazarika, জন্ম ২৪ জুলাই, ১৯৫২) অসমৰ এজন লেখক। তেখেতৰ প্ৰকৃত নাম কুমুদ চন্দ্ৰ হাজৰিকা। শোণিতপুৰ জিলাৰ মোনাবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰা হাজৰিকাই শৈশৱকাল কলিয়াবৰত পাৰ কৰে।
-
এলি আহমেদ
এলি আহমেদ (Eli Ahmed) অসম, ভাৰতৰ এগৰাকী লেখিকা, চিত্ৰনাট্যকাৰ, নিৰ্দেশক, গীতিকাৰ, কষ্টিউম ডিজাইনাৰ, অভিনেত্ৰী আৰু সমাজ কৰ্মী। তদুপৰি তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মহিলাৰ বাবে প্ৰকাশিত আলোচনী ওৰণি ৰ প্ৰকাশক,সম্পাদিকা আৰু স্বত্বাধিকাৰী। ১৯৭০ চনৰ পৰা এই আলোচনী প্ৰকাশিত হৈ আহিছে।
-
মৃণাল কলিতা
ড° মৃণাল চন্দ্ৰ কলিতা (Dr. Mrinal Chandra Kalita) অসমৰ এগৰাকী শিশু-সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক আৰু নিৱন্ধকাৰ। তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহযোগী অধ্যাপক।
-
গগনচন্দ্ৰ অধিকাৰী
গগনচন্দ্ৰ অধিকাৰী (Gagan Chandra Adhikari জন্ম: ১ জুন ১৯৪১ – মৃত্যু: ৩০ ছেপ্টেম্বৰ ২০২০) এগৰাকী ভাৰতীয় সাহিত্যিক। তেওঁ অসমীয়া ভাষাৰ শিশু সাহিত্যিক হিচাপে বিখ্যাত।
-
তোষপ্ৰভা কলিতা
তোষপ্ৰভা কলিতা (Toshaprobha Kalita)সাহিত্য অকাডেমি বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক আৰু সাহিত্যিক পেঞ্চন প্ৰাপ্ত প্ৰগতিশীল লেখিকা। তেওঁ শিশু-সাহিত্যিক আৰু অনুবাদক হিচাপে বিশেষ পৰিচিতি লাভ কৰিছিল। কবি, ঔপন্যাসিক আৰু ভ্ৰমণ কাহিনী লেখক হিচাপেও তোষপ্ৰভা কলিতাক জনা যায়।
-
বকুল ফুলৰ দৰে (গ্ৰন্থ)
বকুল ফুলৰ দৰে হৈছে ড॰ মৃণাল কলিতাৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস। ২০১৫ চনৰ নৱেম্বৰ মাহত বান্ধৱ প্ৰকাশনে এই উপন্যাসখন প্ৰকাশ কৰে। উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰথমে কিশোৰ-কিশোৰীৰ বাবে উপযোগী মাহেকীয়া আলোচনী বাৰ ওঠৰত প্ৰকাশ পায়।
-
হৰেন্দ্ৰনাথ বৰঠাকুৰ
হৰেন্দ্ৰনাথ বৰঠাকুৰ তিনিচুকীয়া জিলাৰ মাকুমৰ এগৰাকী শিশু সাহিত্যিক হোৱাৰ উপৰি এগৰাকী নাট্যকাৰ, গীতিকাৰ, গল্পকাৰ, কবি, ঔপন্যাসিক আৰু চিত্ৰভাস্কৰ্য শিল্পী হিচাপে পৰিচিত আছিল৷ তেখেতে ২০১৭ চনৰ শিশু সাহিত্য অকাডেমী বঁটা লাভ কৰে৷
-
মাধুৰীমা ঘৰফলীয়া
মাধুৰীমা ঘৰফলীয়া(Madhurima Gharphalia, ০২ এপ্ৰিল ১৯৮৫ ) এগৰাকী অসমীয়া শিশু সাহিত্যিক। ফচং শীৰ্ষক গ্ৰন্থৰ বাবে তেওঁ ২০২১ চনৰ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা লাভ কৰিছিল। শিৱসাগৰ জিলাৰ বকতা অঞ্চলৰ নেমুগুৰি ভকত গাঁৱত তেখেতৰ জন্ম হৈছিল। বিবাহসূত্ৰে ঘৰফলীয়া বৰ্তমান নয়ডাৰ বাসিন্দা।
-
যুগললোচন দাস
যুগললোচন দাস (Jugal Lochan Das) হৈছে এগৰাকী অসমীয়া লেখক। তেওঁ অসমীয়া ভাষাৰ শিশু সাহিত্যিক হিচাপে বিখ্যাত। শিশু সাহিত্যৰ উপৰিও বিস্ময়, ৰহস্য, মায়া আদি বিভিন্ন আলোচনীৰো নিয়মীয়া লেখক। বৰ্তমান তেওঁ সদৌ অসম অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উপ সভাপতি।
-
হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি
হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি (Harapriya Barukial Borgohain) এগৰাকী অসমীয়া সাহিত্যিক আৰু শিক্ষয়িত্ৰী। বিভিন্ন বিষয়ৰ ওপৰত লিখিছে যদিও তেওঁ শিশু সাহিত্যৰ বাবে বিশেষভাবে জনাজাত। শিশু সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁ অসমীয়া ভাষা শিতানত সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটা লাভ কৰিছে।
-
সুভদ্ৰা সেনগুপ্ত
সুভদ্ৰা সেন গুপ্তা (Subhadra Sen Gupta; জুন ১৯৫২ – ৩ মে’ ২০২১) এগৰাকী ভাৰতীয় লেখক। তেওঁ সাহিত্য অকাডেমিৰ ২০১৫ চনৰ শিশু সাহিত্য পুৰস্কাৰ বিজয়ী আৰু ৩০ খনতকৈও অধিক গ্ৰন্থ প্ৰণেতা। তেওঁৰ মিষ্ট্ৰি অৱ দ্য হাউচ অৱ পিজেনচ্ গ্ৰন্থখন খোজ খাজানা খোঝাৰ নামেৰে দূৰদৰ্শনৰ বাবে এখন ধাৰাবাহিক নিৰ্মাণ কৰা হৈছিল।
-
ৰথীন্দ্ৰ নাথ গোস্বামী
ৰথীন্দ্ৰ নাথ গোস্বামী (Rothindra Nath Goswami) এগৰাকী অসমীয়া ভূতত্ত্ববিদ, শিশু সাহিত্যিক, বিজ্ঞান, কল্পবিজ্ঞান আৰু ভ্ৰমণ কাহিনীৰ লেখক। শান্তনু তামূলীৰ দ্বাৰা সম্পাদিত অসমীয়া শিশু আলোচনী মৌচাকৰ জৰিয়তে শিশু-সাহিত্যৰ জগতখনত খোজ পেলোৱা গোস্বামীয়ে পৰৱৰ্তী সময়ত সেইখন আলোচনীতে চিচিং নামৰ এটি কাল্পনিক…