উচ্চ ৰক্তচাপ (Hypertension, সংক্ষেপে HTN বা HT), এটা দীৰ্ঘম্যাদী ৰোগ য'ত ধমনীৰ ৰক্তচাপ জোখতকৈ বেছি থাকে।১ উচ্চ ৰক্তচাপৰ সাধাৰণতে কোনো লক্ষণ নাই। দীৰ্ঘদিনীয়া উচ্চ ৰক্তচাপৰ ফলত ক'ৰ'নেৰী ধমনী ৰোগ, ষ্ট্ৰ'ক, হাৰ্ট ফেইলাৰ, প্ৰান্তীয় সংবহনতান্ত্ৰিক ৰোগ (peripheral vascular disease), অন্ধত্ব আৰু দীৰ্ঘম্যাদী বৃক্ক ৰোগ (chronic kidney disease) হ'ব পাৰে।২৩
উচ্চ ৰক্তচাপক প্ৰাথমিক উচ্চ ৰক্তচাপ (Essential hypertension/primary high blood pressure) আৰু অপ্ৰধান উচ্চ ৰক্তচাপত (secondary high blood pressure) ভাগ কৰা হয়। প্ৰায় ৯০-৯৫% ৰোগীৰ ক্ষেত্ৰত সেয়া প্ৰাথমিক যাক অনিৰ্দিষ্ট জীৱনশৈলী আৰু জিনীয় কাৰকৰ বাবে হোৱা উচ্চ ৰক্তচাপ বোলে। ৰোগৰ আশংকা বঢ়াব পৰা জীৱনশৈলী কাৰকৰ ভিতৰত মাত্ৰাধিক নিমখ, মেদবহুলতা, ধূমপান আৰু মদলৈ আঙুলিয়াব পাৰি। বাকী থকা ৫-১০% ৰোগীক অপ্ৰধান উচ্চ ৰক্তচাপত অন্তৰ্ভুক্ত কৰিব পাৰি যাৰ নিৰ্দিষ্ট কাৰণ আছে। ইয়াৰ ভিতৰত দীৰ্ঘম্যাদী বৃক্ক ৰোগ, বৃক্কৰ ধমনীৰ সংকোচন, অন্তঃস্ৰাৱী ৰোগ আৰু জন্ম নিয়ন্ত্ৰক ঔষধ প্ৰধান।
ৰক্তচাপক দুটা জোখেৰে বৰ্ণোৱা হয়— চিষ্ট'লিক আৰু ডায়েষ্ট'লিক চাপ। হৃদ চক্ৰ (cardiac cycle)ত এই দুটা ক্ৰমে সৰ্বোচ্চ আৰু সৰ্বনিম্ন চাপ। বিশ্ৰাম অৱস্থাত শৰীৰৰ ৰক্তচাপ ১০০-১৪০ মিলিমিটাৰ পাৰা (চিষ্ট'লিক) আৰু ৬০-৯০ মিলিমিটাৰ পাৰা (ডায়েষ্ট'লিক)।৪ প্ৰাপ্তবয়স্কৰ বাবে ৰক্তচাপ অনবৰতে ১৪০/৯০ mmHgৰ বেছি থাকিলে উচ্চ ৰক্তচাপ বোলে। শিশুৰ বাবে এই সংখ্যা ভিন্ন।৫ এবাৰ ৰক্তচাপ জোখাতকৈ ২৪ ঘণ্টা জুৰি জোখা ৰক্তচাপ অধিক শুদ্ধ।১
জীৱনশৈলী পৰিৱৰ্তন আৰু ঔষধে ৰক্তচাপ কমাই স্বাস্থ্যৰ গুৰুতৰ বিসংগতি ৰোধিব পাৰে। জীৱনশৈলী পৰিৱৰ্তনৰ ভিতৰত ওজন কমোৱা, নিমখ কমাই খোৱা, শাৰীৰিক ব্যায়াম আৰু স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ প্ৰধান। এইবোৰ উপায়ে কাম নিদিলে ঔষধৰ প্ৰয়োগ কৰা হয়। ৯০% মানুহৰ ক্ষেত্ৰত তিনিবিধলৈকে ঔষধে ৰক্তচাপ কমাব পাৰে। বিশ্বজুৰি উচ্চ ৰক্তচাপে ১৬-৩৭% লোকৰ স্বাস্থ্যত প্ৰভাৱ পেলায়। ২০১০ চনত উচ্চ ৰক্তচাপ ১৮% মৃত্যুৰ (৯.৪ নিযুত) কাৰণ আছিল বুলি বিশ্বাস কৰা হয়।৬
লক্ষণ আৰু চিহ্নসমূহ
উচ্চ ৰক্তচাপৰ লক্ষণ কমেইহে দেখা যায়। স্ক্ৰীনিং বা আন বেমাৰ দেখুৱাবলৈ যাওঁতেহে ৰোগনিৰ্ণয় কৰা হয়। উচ্চ ৰক্তচাপত ভোগা কোনো কোনোৱে মূৰৰ বিষ (বিশেষকৈ ৰাতিপুৱাৰ সময়ত মূৰৰ পিছফালে), মূৰ পাতল লগা, মূৰ ঘূৰোৱা, গুমগুমনিৰ নিচিনা শুনা, দেখাৰ সমস্যা বা অচেতন হোৱাৰ বৰ্ণনা দিয়ে।৭ কিন্তু এই লক্ষণবিলাক উচ্চ ৰক্তচাপৰ পৰা হোৱাতকৈ সাংসৰ্গিক উদ্বিগ্নতাৰ পৰাহে হ'ব পাৰে।৮
অপ্থাল্ম'স্ক'পেৰে পৰীক্ষা কৰোঁতে অপ্টিক ফাণ্ডাছৰ (optic fundus) সলনি দেখিবলৈ পোৱা যাব পাৰে।৯ এই সলনিবোৰক হাইপাৰ্টেন্ছিভ ৰেটিন'পেথী (hypertensive retinopathy) বোলা হয়।৯ উচ্চ ৰক্তচাপত ভোগা দিন যিমানে বাঢ়ে, ৰেটিন'পেথীৰ তীব্ৰতাও প্ৰায়েই সিমানে বাঢ়ে।৭
অপ্ৰধান উচ্চ ৰক্তচাপ
উচ্চ ৰক্তচাপত বিশেষ লক্ষণ আৰু চিহ্ন থাকিলে সেয়া অপ্ৰধান শ্ৰেণীৰো হ'ব পাৰে অৰ্থাৎ নিৰ্দিষ্ট কাৰক থকা ৰক্তচাপ। যেনে— কুশ্বিং ছীন্দ্ৰ'মৰ (Cushing's syndrome) ফলত পেটত চৰ্বি জমা, গ্লুক'জ অসহিষ্ণুতা (glucose intolerance), চন্দ্ৰৰ দৰে মুখাবয়ব, ডিঙি/কান্ধৰ পিছফালে চৰ্বিৰ কুঁজ, আৰু পেটত ৰঙচুৱা দাগ হ'ব পাৰে।১০ হাইপাৰথাইৰইডিজমত প্ৰায়েই ভোক বঢ়াৰ লগত ওজন কমা, বেছি হৃদকম্পন, চকু ওলাই অহা (exophthalmos) আৰু হাত-ভৰিৰ কঁপনি হ'ব পাৰে। বৃক্কৰ ধমনীৰ সংকীৰ্ণতা (Renal artery stenosis)ত পেটৰ সোঁমাজৰ ওচৰত ধমনীৰ শব্দ (bruit) হ'ব পাৰে। ফিঅ'ক্ৰম'চাইট'মা (Pheochromocytoma])ত হঠাতে উচ্চ ৰক্তচাপ, মূৰৰ বিষ, বুকুৰ ধপধপনি, শেঁতা পৰা আৰু বেছিকৈ ঘমা লক্ষণ হ'ব পাৰে।১০
উচ্চ ৰক্তচাপীয় সংকট
উচ্চ ৰক্তচাপ খুব বেছি হ'লে (ছিষ্ট'লিক ১৮০ বা ডায়েষ্ট'লিক ১১০ মিমি পাৰা) তাক উচ্চ ৰক্তচাপীয় সংকট (Hypertensive crisis) বোলে। অংগৰ ক্ষয়-ক্ষতি নথকা বা থকাৰ ওপৰত ভিত্তি কৰি ক্ৰমে ইয়াক উচ্চ ৰক্তচাপীয় অত্যাৱশ্যকীয়তা (hypertensive urgency) আৰু উচ্চ ৰক্তচাপীয় জৰুৰীকালীনতা বুলিব পাৰি।১১১২
উচ্চ ৰক্তচাপীয় অত্যাৱশ্যকীয়তাত অংগৰ ক্ষয় হোৱাৰ প্ৰমাণ নাথাকে। তেতিয়া মুখেৰে খোৱা দৰবেৰে ২৪-৪৮ ঘণ্টাৰ ভিতৰত ৰক্তচাপ কমোৱা হয়।১৩
উচ্চ ৰক্তচাপীয় জৰুৰীকালীনতাত এটা বা ততোধিক অংগৰ ক্ষতি হয়।১৪১৫ ইৰায় ভিতৰত মগজু, বৃক্ক, হৃদয় আৰু হাওঁফাওঁ প্ৰধান। বিভ্ৰান্তি, টোপনিৰ ভাৱ, বুকুৰ বিষ আৰু উশাহ নোপোৱাৰ দৰে লক্ষণ হ'ব পাৰে।১৩ এনে অৱস্থাত অংগৰ ক্ষতি ৰোধ কৰিবলৈ সোনকালে ৰক্তচাপ কমাব লাগে।১৩ কিন্তু এনে কৰাৰ বাবে বিশেষ প্ৰমাণ নাই।১৫
গৰ্ভধাৰণ
প্ৰায় ৮-১০% গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপে দেখা দিয়ে।১০ ছঘণ্টাৰ ব্যৱধানত দুবাৰ ৰক্তচাপ ১৪০/৯০ মিমি পাৰাৰ বেছি হ'লে গৰ্ভধাৰণৰ উচ্চ ৰক্তচাপ বোলা হয়।১৬ গৰ্ভাৱস্থাৰ উচ্চ ৰক্তচাপক আগৰে পৰা থকা উচ্চ ৰক্তচাপ, প্ৰসৱাজনিত উচ্চ ৰক্তচাপ, বা প্ৰি-এক্লাম্পছিয়াত ভাগ কৰিব পাৰি।১৭
গৰ্ভধাৰণৰ দ্বিতীয় ভাগ আৰু সন্তান প্ৰসৱৰ পাছত হোৱা গুৰুতৰ অৱস্থা প্ৰি-এক্লেম্প্চিয়াত উচ্চ ৰক্তচাপ আৰু প্ৰস্ৰাৱত প্ৰ'টিন পোৱা যায়।১০ প্ৰায় ৫% গৰ্ভাৱস্থাত হোৱা এই ৰোগত বিশ্বজুৰি প্ৰায় ১৬% মাতৃৰ মৃত্যু হয়।১০ ইয়াৰ সাধাৰণতে কোনো লক্ষণ নাথাকে আৰু নিয়মমাফিক পৰীক্ষাৰ জৰিয়তে ধৰা পৰে। কেতিয়াবা লক্ষণ থাকিলে মূৰৰ বিষ, চকুৰে ভালকৈ নেদেখা, বমি, পেটৰ বিষ আৰু হাত-ভৰি ফুলা আদিয়ে দেখা দিয়ে। প্ৰি-এক্লেম্প্চিয়াৰ চিকিৎসা নকৰিলে প্ৰাণনাশী উচ্চ ৰক্তচাপীয় সংকট এক্লেম্প্চিয়াই দেখা দিয়ে যাৰ ফলত অন্ধত্ব, মস্তিষ্ক ফুলা, কঁপনি, বৃক্কৰ ব্যৰ্থতা, DIC (তেজ গোট মৰা ৰোগ) আদি হ'ব পাৰে।১০১৮
শিশু
নৱজাতক আৰু কেঁচুৱাৰ উচ্চ ৰক্তচাপ হ'লে ওজন নবঢ়া, খিংখিঙীয়া, সপ্ৰতিভ নোহোৱা, উশাহ লোৱাৰ কষ্ট আদিয়ে দেখা দিয়ে।১৯ শিশু অৱস্থাত উচ্চ ৰক্তচাপে মূৰৰ বিষ, চট্ফটনি, বেছি ভাগৰ, চকুৰে ধুঁৱলি-কুঁৱলি দেখা, নাকেৰে তেজ ওলোৱা, মুখৰ পক্ষাঘাত আদি লক্ষণ সৃষ্টি কৰে।১৯
কাৰক
প্ৰাথমিক উচ্চ ৰক্তচাপ
জিন আৰু পাৰিবেশিক কাৰকৰ জটিল বিনিময়ৰ ফলত উচ্চ ৰক্তচাপ হয়। ৰক্তচাপত অলপ-অচৰপ প্ৰভাৱ পেলোৱা বহু জিনীয় কাৰকৰ লগতে২০ বেছি প্ৰভাৱ পেলোৱা কিছুমান দুৰ্লভ জিনীয় কাৰকো চিনাক্ত কৰা হৈছে।২১ GWAS অধ্যয়নে ৰক্তচাপৰ লগত সম্পৰ্ক থকা ৩৫টা জিনীয় স্থান বিচাৰি উলিয়াইছে।২২
বয়সৰ লগে লগে ৰক্তচাপ বৃদ্ধি পায় আৰু পাছলৈ উচ্চ ৰক্তচাও হোৱা সম্ভাৱনা বাঢ়ে।২৩ পাৰিবেশিক কাৰকৰ ভিতৰত নিমখ সংবেদী লোকৰ অধিক নিমখ গ্ৰহণ, ব্যায়াম নকৰা, মেদবহুলতা আৰু হতাশা আদি চিনাক্ত কৰা হৈছে।২৪ অধিক কেফেইন গ্ৰহণ২৫ আৰু ভিটামিন ডিৰ অভাৱৰ২৬ ভূমিকা স্পষ্ট নহয়। মেদবহুলতা আৰু মেটাব'মিল ছীন্ড্ৰমত পোৱা ইন্চুলিন অৱৰোধেও উচ্চ ৰক্তচাপলৈ অৱদান আগবঢ়াব পাৰে।২৭ প্ৰাৰম্ভিক ঘটনা যেনে জন্মাৱস্থাৰ কম ওজন, গৰ্ভাৱস্থাত ধূমপান আৰু স্তনপান নকৰোৱা আদিও সম্ভাব্য কাৰক হ'ব পাৰে কিন্তু এইবোৰৰ পদ্ধতি স্পষ্ট নহয়।২৮ জহকালিতকৈ জাৰকালি সাধাৰণতে ৰক্তচাপে বেছি হয়।২৯
গৌণ উচ্চ ৰক্তচাপ
গৌণ উচ্চ ৰক্তচাপৰ নিৰ্দিষ্ট কাৰণ থাকে। ইয়াৰ ভিতৰত প্ৰধান হৈছে বৃক্কৰ ৰোগ।১০ আন্তঃশ্ৰাৱী ৰোগ যেনে কুশ্বিং ছীন্দ্ৰ'ম, হাইপাৰথাইৰইডিজম, হাইপ'থাইৰইডিজম, এক্ৰ'মেগেলী, ক'ন ছীন্ড্ৰ'ম, হাইপাৰপাৰাথাইৰইডিজম আৰু ফিঅ'ক্ৰম'চাইট'মাৰ ফলতো উচ্চ ৰক্তচাপ হয়।১০৩০ আন কাৰকৰ ভিতৰত মেদবহুলতা, স্লীপ এপ্নিয়া, গৰ্ভধাৰণ, অত্যধিক মদ্যপান, কিছুমান দৰব আদিলৈ আঙুলিয়াব পাৰি।১০৩১ খোৱা পানীত বেছি আৰ্ছেনিক থাকিলে ৰক্তচাপ বাঢ়ে বুলি প্ৰমাণ পোৱা গৈছে।৩২৩৩
উচ্চ ৰক্তচাপ থকা বয়সীয়া লোকৰ Pulse pressure (ছীষ্ট'লিক আৰু ডায়েষ্ট'লিক চাপৰ ব্যৱধান) প্ৰায়েই বাঢ়ি থকা পোৱা যায়। ইয়াৰ অৰ্থ এয়েই যে ছীষ্ট'লিক চাপ অস্বাভাৱিকভাৱে বেছি, কিন্তু ডায়েষ্ট'লিক চাপ সাধাৰণ বা নিম্ন। ইয়াক "বিচ্ছিন্ন ছীষ্ট'লিক উচ্চ ৰক্তচাপ" (Isolated systolic hypertension) বোলা হয়।৩৪ উচ্চ ৰক্তচাপ বা বিচ্ছিন্ন ছীষ্ট'লিক উচ্চ ৰক্তচাপ থকা বয়সীয়া লোকৰ বেছি Pulse pressure-ৰ কাৰণ বয়সৰ লগে লগে বঢ়া ধমনীৰ কঠিনতা (arterial stiffness) বুলি ঠাৱৰ কৰা হৈছে।৩৫
উচ্চ ৰক্তচাপৰ বেছি প্ৰান্তীয় অৱৰোধৰ কাৰণ হিচাপে কেইবাটাও প্ৰক্ৰিয়া আগবঢ়োৱা হৈছে। বৃক্কৰ লৱণ আৰু পানীৰ পৰিশোধন প্ৰক্ৰিয়াত (বিশেষকৈ renin-angiotensin system) গোলমাল হোৱাৰ প্ৰমাণ পোৱা গৈছে।৩৬ ছীম্পেথেকিক স্নায়ু প্ৰণালীৰো ইয়াত হাত আছে।৩৭ এই প্ৰক্ৰিয়াবোৰ একচেটিয়া নহয় আৰু প্ৰায়বোৰ প্ৰাথমিক উচ্চ ৰক্তচাপৰ ৰোগীত দুয়োটা প্ৰক্ৰিয়া ঘটিব পাৰে। উচ্চ ৰক্তচাপত বেছি প্ৰান্তীয় অৱৰোধ আৰু নলীকাৰ ক্ষতিৰ কাৰণ হিচাপে endothelial dysfunction আৰু নলীকাৰ প্ৰদাহকো আঙুলিয়াই দিয়া হৈছে।৩৮৩৯ উচ্চ ৰক্তচাপত ভূমিকা থকা কেইবাবিধো প্ৰতিৰক্ষা প্ৰণালীৰ ৰাসায়নিক পদাৰ্থ (immune system chemical signals) ইণ্টাৰলিউকিনৰ (interleukin) ফলত বাঢ়ে বুলি অধ্যয়নত পোৱা গৈছে।৪০
২০১৪ চনত কৰা এটা মেটা-এনালাইচিছত৪১ কোৱা হৈছে যে প্ৰাপ্তবয়স্ক লোকৰ উচ্চ ৰক্তচাপত কেৱল ছ'ডিয়াম আৰু পটাছিয়ামতকৈ ছ'ডিয়াম-পটাছিয়াম অনুপাতৰ ভূমিকা অধিক।
ৰোগ নিৰ্ণয়
| + সাধাৰণতে কৰা পৰীক্ষা | প্ৰণালী | পৰীক্ষা |
| বৃক্ক | প্ৰস্ৰাৱৰ পৰীক্ষা, প্ৰস্ৰাৱত প্ৰ'টিন, ব্লাড-ইউৰিয়া নাইট্ৰ'জেন আৰু/বা ক্ৰিয়েটিনিন। | |
| অন্তঃস্ৰাৱী | ছেৰাম ছ'ডিয়াম, পটাছিয়াম, কেল্চিয়াম, থাইৰইড উদ্দীপক হৰম'ন (TSH) | |
| বিপাক | ফাষ্টিং ব্লাড গ্লুক'জ, HDL, LDL, আৰু ট'টেল ক'লেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড | |
| অন্যান্য | হিমাট'ক্ৰিট, ই চি জি, আৰু বুকুৰ এক্স ৰে' | |
| উৎস: Harrison's principles of internal medicine৪২ others৪৩৪৪৪৫৪৬৪৭ |
স্মাজ আৰু সংস্কৃতি
সজাগতা

বিশ্ব স্বাস্থ্য সংস্থাই উচ্চ ৰক্তচাপক হৃদজনিত মৃত্যুৰ মুখ্য কাৰক হিচাপে চিনাক্ত কৰিছে।৪৮ ৮৫খন উচ ৰক্তচাপ ছচায়েটি আৰু লীগৰ মূল সংস্থা The World Hypertension League-এ কয় যে বিশ্বৰ উচ্চ ৰক্তচাপ থকা লোকৰ ৫০% তকৈও বেছিয়ে তেওঁলোকৰ ৰোগৰ কথা নাজানে।৪৮ এই সমস্যাৰ মোকাবিলা কৰিবলৈ তেওঁলোকে ২০০৫ চনত বিশ্বজুৰি এটা সজাগতা অভিযান আৰম্ভ কৰে আৰু প্ৰতি বছৰৰ ১৭ মে' তাৰিখটো বিশ্ব উচ্চ ৰক্তচাপ দিৱস হিচাপে পালন কৰে। ২০০৭ চনত ৪৭খন দেশৰ চৰকাৰ, বেচৰকাৰী সংস্থা, ব্যক্তিগত উদ্যোগ আদিয়ে যুটীয়াভাৱে টেলিভিজন, ৰেলী আদিৰ জৰিয়তে উচ্চ ৰক্তচাপৰ সজাগতা অভিযান চলায় আৰু প্ৰায় ২৫ কোটি লোকলৈ এই বাৰ্তা যায়। WHL-এ আশা কৰে যে লাহে লাহে উচ্চ ৰক্তচাপত ভোগা প্ৰায় ১৫০ কোটি লোক ইয়াৰ প্ৰতি সজাগ হ'ব।৪৯
অতিৰিক্ত পঠন
- James, Paul A.; Oparil, Suzanne; Carter, Barry L. (18 December 2013). 2014 Evidence-Based Guideline for the Management of High Blood Pressure in Adults. JAMA. পৃ. 507–20
তথ্যসূত্ৰ
- ↑ Naish, Jeannette; Court, Denise Syndercombe. (2014). Medical sciences. পৃ. 562. ISBN 9780702052491
- ↑ Lackland, DT; Weber, MA. (May 2015). Global burden of cardiovascular disease and stroke: hypertension at the core.. The Canadian journal of cardiology. পৃ. 569–71
- ↑ Mendis, Shanthi; Puska, Pekka; Norrving, Bo. (2011). Global atlas on cardiovascular disease prevention and control. World Health Organization in collaboration with the World Heart Federation and the World Stroke Organization. পৃ. 38. ISBN 9789241564373
- ↑ Giuseppe, Mancia; Fagard, R; Narkiewicz, K. (July 2013). 2013 ESH/ESC Guidelines for the management of arterial hypertension: The Task Force for the management of arterial hypertension of the European Society of Hypertension (ESH) and of the European Society of Cardiology (ESC). European Heart Journal. পৃ. 2159–219
- ↑ James, PA.; Oparil, S.; Carter, BL. (Dec 2013). 2014 Evidence-Based Guideline for the Management of High Blood Pressure in Adults: Report From the Panel Members Appointed to the Eighth Joint National Committee (JNC 8). JAMA. পৃ. 507–20
- ↑ Campbell, NR; Lackland, DT; Lisheng, L. (March 2015). Using the Global Burden of Disease study to assist development of nation-specific fact sheets to promote prevention and control of hypertension and reduction in dietary salt: a resource from the World Hypertension League.. Journal of clinical hypertension (Greenwich, Conn.). পৃ. 165–67
- ↑ (2005). Harrison's Principles of Internal Medicine. McGraw-Hill. পৃ. 1463–81. ISBN 0-07-139140-1
- ↑ Marshall, IJ; Wolfe, CD; McKevitt, C. (Jul 9, 2012). Lay perspectives on hypertension and drug adherence: systematic review of qualitative research. BMJ (Clinical research ed.). পৃ. e3953
- ↑ Wong T, Mitchell P; Mitchell. (February 2007). The eye in hypertension. Lancet. পৃ. 425–35
- ↑ O'Brien, Eoin; Beevers, D. G.; Lip, Gregory Y. H. (2007). ABC of hypertension. BMJ Books. ISBN 1-4051-3061-X
- ↑ Rodriguez, Maria Alexandra; Kumar, Siva K.; De Caro, Matthew. (2010-04-01). Hypertensive crisis. Cardiology in Review. পৃ. 102–07
- ↑ Hypertensive Crisis. www.heart.org
- ↑ Marik PE, Varon J; Varon. (June 2007). Hypertensive crises: challenges and management. Chest. পৃ. 1949–62
- ↑ Chobanian, AV; Bakris, GL; Black, HR; Cushman, WC; Green, LA; Izzo JL, Jr; Jones, DW; Materson, BJ; Oparil, S; Wright JT, Jr; Roccella, EJ; Joint National Committee on Prevention, Detection, Evaluation, and Treatment of High Blood Pressure. National Heart, Lung, and Blood, Institute; National High Blood Pressure Education Program Coordinating, Committee. (Dec 2003). Seventh report of the Joint National Committee on Prevention, Detection, Evaluation, and Treatment of High Blood Pressure. Hypertension. পৃ. 1206–52
- ↑ Perez, MI; Musini, VM; Wright, James M. (23 January 2008). Pharmacological interventions for hypertensive emergencies.. The Cochrane database of systematic reviews. পৃ. CD003653
- ↑ (2011). Harrison's principles of internal medicine.. McGraw-Hill. পৃ. 55–61. ISBN 9780071748896
- ↑ Management of hypertension in pregnant and postpartum women. www.uptodate.com
- ↑ Gibson, Paul. (July 30, 2009). Hypertension and Pregnancy. eMedicine Obstetrics and Gynecology. Medscape
- ↑ Rodriguez-Cruz, Edwin; Ettinger, Leigh M. (April 6, 2010). Hypertension. eMedicine Pediatrics: Cardiac Disease and Critical Care Medicine. Medscape
- ↑ Ehret GB; Munroe PB; Rice KM. (October 2011). Genetic variants in novel pathways influence blood pressure and cardiovascular disease risk. Nature. পৃ. 103–09
- ↑ Lifton, RP; Gharavi, AG, Geller, DS. (2001-02-23). Molecular mechanisms of human hypertension. Cell. পৃ. 545–56
- ↑ Kato, Norihiro; Loh, Marie; Takeuchi, Fumihiko. (2015-11-01). Trans-ancestry genome-wide association study identifies 12 genetic loci influencing blood pressure and implicates a role for DNA methylation. Nature Genetics. পৃ. 1282–93
- ↑ Vasan, RS; Beiser, A; Seshadri, S. (2002-02-27). Residual lifetime risk for developing hypertension in middle-aged women and men: The Framingham Heart Study. JAMA: The Journal of the American Medical Association. পৃ. 1003–10
- ↑ Meng, L; Chen, D; Yang, Y. (May 2012). Depression increases the risk of hypertension incidence: a meta-analysis of prospective cohort studies.. Journal of Hypertension. পৃ. 842–51
- ↑ Mesas, AE; Leon-Muñoz, LM; Rodriguez-Artalejo, F. (October 2011). The effect of coffee on blood pressure and cardiovascular disease in hypertensive individuals: a systematic review and meta-analysis. The American Journal of Clinical Nutrition. পৃ. 1113–26
- ↑ Vaidya A, Forman JP; Forman. (November 2010). Vitamin D and hypertension: current evidence and future directions. Hypertension. পৃ. 774–79
- ↑ Sorof J, Daniels S; Daniels. (October 2002). Obesity hypertension in children: a problem of epidemic proportions. Hypertension. পৃ. 441–47
- ↑ Lawlor, DA; Smith, GD. (May 2005). Early life determinants of adult blood pressure. Current Opinion in Nephrology and Hypertension. পৃ. 259–64
- ↑ Fares, A. (June 2013). Winter Hypertension: Potential mechanisms.. International journal of health sciences. পৃ. 210–9
- ↑ Dluhy RG, Williams GH eds. (1998). Williams textbook of endocrinology. W.B. Saunders. পৃ. 729–49. ISBN 0721661521
- ↑ Grossman E, Messerli FH; Messerli. (January 2012). Drug-induced Hypertension: An Unappreciated Cause of Secondary Hypertension. Am. J. Med.. পৃ. 14–22
- ↑ Jieying Jiang; Mengling Liu; Faruque Parvez. (August 2015). Association between Arsenic Exposure from Drinking Water and Longitudinal Change in Blood Pressure among HEALS Cohort Participants. Environmental Health Perspectives
- ↑ Abhyankar, LN; Jones, MR; Guallar, E. (April 2012). Arsenic exposure and hypertension: a systematic review.. Environmental Health Perspectives. পৃ. 494–500
- ↑ Chobanian AV. (August 2007). Clinical practice. Isolated systolic hypertension in the elderly. N. Engl. J. Med.. পৃ. 789–96
- ↑ Zieman SJ, Melenovsky V, Kass DA; Melenovsky; Kass. (May 2005). Mechanisms, pathophysiology, and therapy of arterial stiffness. Arterioscler. Thromb. Vasc. Biol.. পৃ. 932–43
- ↑ Navar LG. (December 2010). Counterpoint: Activation of the intrarenal renin-angiotensin system is the dominant contributor to systemic hypertension. J. Appl. Physiol.. পৃ. 1998–2000; discussion 2015
- ↑ Esler M, Lambert E, Schlaich M; Lambert; Schlaich. (December 2010). Point: Chronic activation of the sympathetic nervous system is the dominant contributor to systemic hypertension. J. Appl. Physiol.. পৃ. 1996–98; discussion 2016
- ↑ Versari D, Daghini E, Virdis A, Ghiadoni L, Taddei S; Daghini; Virdis. (June 2009). Endothelium-dependent contractions and endothelial dysfunction in human hypertension. Br. J. Pharmacol.. পৃ. 527–36
- ↑ Marchesi C, Paradis P, Schiffrin EL; Paradis; Schiffrin. (July 2008). Role of the renin-angiotensin system in vascular inflammation. Trends Pharmacol. Sci.. পৃ. 367–74
- ↑ Gooch JL, Sharma AC; Sharma. (July 2014). Targeting the immune system to treat hypertension: where are we?. Curr Opin Nephrol Hypertens. পৃ. 000–000
- ↑ (2014). Sodium-to-Potassium Ratio and Blood Pressure, Hypertension, and Related Factors. Advances in Nutrition. পৃ. 712-741
- ↑ Loscalzo, Joseph; Fauci, Anthony S.; Braunwald, Eugene. (2008). Harrison's principles of internal medicine. McGraw-Hill Medical. ISBN 0-07-147691-1
- ↑ Padwal RS; Hemmelgarn BR; Khan NA. (May 2009). The 2009 Canadian Hypertension Education Program recommendations for the management of hypertension: Part 1 – blood pressure measurement, diagnosis and assessment of risk. Canadian Journal of Cardiology. পৃ. 279–86
- ↑ Padwal RJ; Hemmelgarn BR; Khan NA. (June 2008). The 2008 Canadian Hypertension Education Program recommendations for the management of hypertension: Part 1 – blood pressure measurement, diagnosis and assessment of risk. Canadian Journal of Cardiology. পৃ. 455–63
- ↑ Padwal RS; Hemmelgarn BR; McAlister FA. (May 2007). The 2007 Canadian Hypertension Education Program recommendations for the management of hypertension: Part 1 – blood pressure measurement, diagnosis and assessment of risk. Canadian Journal of Cardiology. পৃ. 529–38
- ↑ Hemmelgarn BR; McAlister FA; Grover S. (May 2006). The 2006 Canadian Hypertension Education Program recommendations for the management of hypertension: Part I – Blood pressure measurement, diagnosis and assessment of risk. Canadian Journal of Cardiology. পৃ. 573–81
- ↑ Hemmelgarn BR; McAllister FA; Myers MG. (June 2005). The 2005 Canadian Hypertension Education Program recommendations for the management of hypertension: part 1- blood pressure measurement, diagnosis and assessment of risk. Canadian Journal of Cardiology. পৃ. 645–56
- ↑ Chockalingam A. (May 2007). Impact of World Hypertension Day. Canadian Journal of Cardiology. পৃ. 517–19
- ↑ Chockalingam A. (June 2008). World Hypertension Day and global awareness. Canadian Journal of Cardiology. পৃ. 441–44
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উচ্চ ৰক্তচাপ” প্ৰবন্ধৰ সংশোধন ৬৩১৮২০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।