নেমু (Citrus × limon) এবিধ টেঙা জাতীয় ফল। চিৰসেউজ গুল্মজাতীয় উদ্ভিদ নেমু মূলত দক্ষিণ এছিয়াৰ ঘাইকৈ ভাৰতৰ উত্তৰ-পূব ভাৰতৰ স্থানীয় উদ্ভিদ। নেমু হৈছে ফুলৰ উদ্ভিদ পৰিয়াল Rutaceae ৰ এবিধ সৰু চিৰসেউজ গছৰ প্ৰজাতি, ই এছিয়া, প্ৰধানকৈ উত্তৰ-পূব ভাৰত (অসম), উত্তৰ ম্যানমাৰ বা চীনৰ স্থানীয়। গোটেই বিশ্বত নেমুৰ ফল ৰান্ধি বা কেঁচাই দুই ধৰণে ব্যৱহাৰ কৰা হয়। ইয়াৰ টেঙা ৰসৰ বাবে ই বিশেষভাৱে জনাজাত।১ নেমুৰ বিশেষ গোন্ধ আৰু স্বচ্ছকাৰক গুণৰ বাবে বিভিন্ন প্ৰকাৰে ব্যৱহৃত হয়। নেমুৰ ৰসত ৫% ৰ পৰা ৬% লৈ ২.২ পিএইচৰ চাইট্ৰিক এচিড পোৱা যায়। এওঁ অম্লৰ কাৰণে নেমুৰ ৰসৰ সোৱাদ টেঙা। নেমুৰ ভিতৰত অসমত উৎপাদিত কাজী নেমুৰ ভূমিকা উল্লেখযোগ্য। কাজী নেমু আন নেমুতকৈ তুলনামূলকভাৱে যথেষ্ট ডাঙৰ আৰু ইয়াৰ গোন্ধও আন নেমুতকৈ পৃথক।
ইতিহাস

নেমুৰ উৎপত্তিৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়। কিন্তু বেছিভাগৰ মতে নেমু পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ অসমত খেতি কৰা হৈছিল।১ জিনীয় অধ্যয়নৰ পৰা গম পোৱা গৈছে জৰ নেমু টেঙা কমলা আৰু চাইট্ৰন ফলৰ সংকৰ।২৩
ৰোমান সম্ৰাজ্যৰ সময়ত আনুমানিক খ্ৰীষ্টীয় দ্বিতীয় শতিকাত নেমু দক্ষিণ ইটালীৰ পৰা ইউৰোপত প্ৰৱেশ কৰিছিল।১ কিন্তু নেমু খেতি তেতিয়া জনপ্ৰিয়তা অৰ্জন কৰা নাছিল। পিছলৈ ই ৭০০ খ্ৰীষ্টাব্দত পাৰস্য আৰু তাৰপিছত ইৰাক আৰু ইজিপ্তলৈ প্ৰৱেশ কৰে।১ দশম শতিকাৰ আৰৱীয় সাহিত্যৰ ইছলামিক বাগিচা সমূহত আলংকাৰিক উদ্ভিদ হিচাপে নেমু ৰোৱাৰ বিষয়ে উল্লেখ আছে।১ ১০০০ ৰ পৰা ১১৫০ খ্ৰীষ্টাব্দলৈ ই গোটেই মধ্য প্ৰাচ্য অঞ্চল বিয়পি পৰে।১
১৫ শতিকাত ইউৰোপৰ জিনোৱা অঞ্চলত প্ৰথম নেমু খেতি আৰম্ভ হয়। ১৪৯৩ চনত কলম্বাছে নেমু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ নিয়ে। ১৭৪৭ চনত ডাঃ জেমছ লিণ্ডে স্কাৰ্ভি বেমাৰৰ চিকিৎসাৰ বাবে খাদ্যত নেমুৰ ৰস ব্যৱহাৰ কৰিছিল। ভিটামিন চি আৱিষ্কাৰ হোৱাৰ আগৰে পৰা নেমু গুৰুত্বপূৰ্ণ খাদ্যৰ উপকৰণ আছিল।১৪
নামৰ উৎপত্তি
অসমীয়া নেমু নামটো সংস্কৃত ভাষা "নিম্বু"ৰ পৰা আহিছে।
খেতি
সাৰুৱা, খনিজ পদাৰ্থ বেছিকৈ থকা মাটিত নেমু খেতি ভাল লয়। ইয়াক সৰ্বনিম্ন ৭° চেলছিয়াছৰ প্ৰয়োজন। ক্ৰান্তীয় জলবায়ু নেমুৰ বাবে উত্তম।৫ নেমু জাতীয় গছৰ কলম দিয়া প্ৰয়োজন। সময় মতে কলম দিলে গছ জোপা জোপোহা হয়।
পুষ্টি
নেমু ভিটামিন চিৰ উৎকৃষ্ট উৎস। ইয়াৰ ১০০ গ্ৰামত ৬৪% ভিটামিন চি পোৱা যায়। অন্যান্য লাগতিয়াল পুষ্টি নেমুত কমকৈ পোৱা যায়। ইয়াৰ উপৰিও নেমুত পলিফিনল, তাৰপিন আৰু টেনিন পোৱা যায়।৬ নেমুৰ ৰসত প্ৰচুৰ পৰিমাণে চাইট্ৰিক এচিড পোৱা যায়। ইয়াৰ পৰিমাণ সম পৰিমাণৰ কমলা টেঙাৰ ৰসতকৈ পাঁচ গুণ বেছি।৭ নেমুত অন্যান্য খনিজ লৱণ আৰু ভিটামিনো পোৱা যায়।
ব্যৱহাৰ
খাদ্য হিচাপে
গোটা নেমু, ইয়াৰ ৰস, বাকলি আদি খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। গোটা নেমুৰে আচাৰ, জাম আদি বনোৱাৰ লগতে নেমুৰ টুকুৰাৰে খাদ্য সজাবলৈ আৰু সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা হয়। নেমুৰ ৰস চৰবত আদি বনাবলৈ ব্যৱহাৰ কৰা হয়। সংৰক্ষক হিচাপেও নেমুৰ ৰস ব্যৱহৃত হয়। নেমুৰ বাকলিৰে খোৱা বস্তুত গোন্ধ যোগ কৰিবলৈ ব্যৱহাৰ কৰা হয়। নেমুৰ বাকলিৰ পৰা পেকটিন নিষ্কাশন কৰি জেলী বনাবলৈ ব্যৱহাৰ কৰা হয়। নেমুৰ পাত সুগন্ধিত চাহ বনাবলৈ ব্যৱহাৰ কৰা হয়। ইয়াক মাংস আৰু সাগৰীয় খাদ্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। গোটা নেমুৰ পৰা মাৰ্মেলেড, নেমু দৈ আৰু নেমুৰ ৰাগীয়াল পানীয় তৈয়াৰ কৰা হয়। নেমুৰ টুকুৰা আৰু নেমুৰ ছাল খাদ্য আৰু পানীয়ৰ বাবে গাৰ্নিচ হিচাপে ব্যৱহাৰ কৰা হয়। ৰোগ প্ৰতিৰোধ ক্ষমতাৰ স্বাস্থ্যৰ বাবে ভিটামিন চি অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে। অধ্যয়নত এই কথাটোৰ পোষকতা কৰা হৈছে যে নিয়মিতভাৱে নেমুৰ ৰস বা ইয়াৰ পৰিপূৰক গ্ৰহণ কৰিলে বহু ৰোগৰ বিৰুদ্ধে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব পাৰে।
ঔদ্যোগিক ব্যৱহাৰ
নেমুৰ পৰা বাণিজ্যিক ভাবে চাইট্ৰিক এচিড প্ৰস্তুত কৰা হয়।৮ পৰিষ্কাৰক হিচাপে নেমুৰ ৰস ব্যৱহাৰ কৰা হয়। তাম আদি ধাতুৰ পাত্ৰ পৰিষ্কাৰ কৰিবলৈ নেমু আৰু ছডা ব্যৱহাৰ কৰা হয়। চাবোন প্ৰস্তুতকৰণত নেমু ব্যৱহাৰ কৰা হয়। কাঠ চাফা কৰিবলৈ আৰু পলিছ কৰিবলৈ নেমুৰ ব্যৱহাৰ হয়। কিম্বন ভিত্তিক প্ৰক্ৰিয়াৰ বিকাশৰ পূৰ্বে নেমু চাইট্ৰিক এচিডৰ প্ৰধান বাণিজ্যিক উৎস আছিল।
চিকিৎসা বিজ্ঞান
আয়ুৰ্বেদিক ঔষধ হিচাপে নেমু বহু বছৰৰ পৰা ব্যৱহাৰ হৈ আহিছে। নিমখত থোৱা নেমুৰ ঔষধি গুণাগুণ বহু বেচি। পেট কামোৰণি,পেটৰ অসুখ,পেট ফুলা,আভোক আদি পেটৰ অনেক ধৰণৰ বেমেজালিত এই নেমুৰ ৰস বা শাহখিনি খালে উপকাৰ পোৱা যায়। নেমুৰ বীজ কৃমিনাশক।৯ ভিটামিন চিৰ অভাৱত হোৱা স্কাৰ্ভিৰ ই উত্তম ঔষধ। সৌন্দৰ্য বৰ্ধনৰ বাবেও নেমু উত্তম। ইয়াৰ তেল এৰমাথেৰাপীত ব্যৱহৃত হয়। ইয়াৰ লগতে নেমুয়ে ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে। নেমুৱে ওজন নিয়ন্ত্ৰন কৰি ৰখাত সহায় কৰে।১০১১
অন্যান্য
নেমুৰে বিদ্যালয়ত বিভিন্ন শিক্ষামূলক পৰীক্ষা কৰা হয়। ইয়াৰ সহায়ত বেটেৰী বনাব পাৰি।১২ সেইদৰে লিটমাছ টেষ্টত অম্লৰ উদাহৰণ হিচাপে ব্যৱহাৰ কৰা হয়। নেমুৰ ৰসৰে অদৃশ্য চিয়াঁহী হিচাপে ব্যৱহাৰ কৰা হয়। পিছত তাপ প্ৰয়োগ কৰি চিয়াঁহীৰ পাঠোদ্ধাৰ কৰিব পাৰে। এৰোমাথেৰাপিত নেমুৰ তেল ব্যৱহাৰ কৰিব পাৰি। নেমুৰ তেলৰ সুগন্ধীয়ে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক প্ৰভাৱিত নকৰে। কিন্তু ই বিশ্ৰামত অৰিহণা যোগাব পাৰে। নেমুৰ ৰস তাপৰ দ্বাৰা বিকশিত হোৱা সৰল অদৃশ্য চিয়াঁহী হিচাপে ব্যৱহাৰ কৰিব পাৰি। নেমু গছৰ পাত চাহ বনাবলৈ আৰু সিজোৱা মাংস আৰু সাগৰীয় খাদ্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।১৩
উৎপাদন
| নেমুৰ উৎপাদন, ২০১৭ <small>(মিলিয়ন টন) | |
|---|---|
| দেশ | 2017 |
| ২.৫ | |
| ২.৪ | |
| ২.৩ | |
| ১.৭ | |
| ১.৩ | |
| ১.০ | |
| বিশ্ব | ১৭.২ |
২০১৭ চনত গোটেই পৃথিৱীত নেমুৰ উৎপাদন আছিল ১৭.২ মিলিয়ন টন।১৪ বিশ্বৰ শীৰ্ষ নেমু উৎপাদনকাৰী দেশ সমূহ হ'ল: মেক্সিকো, ভাৰত, চীন, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু তুৰস্ক। এইকেইখন দেশে পৃথিৱীৰ মুঠ উৎপাদনৰ ৬৫% উৎপাদন কৰে।১৪
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Julia F. Morton. (1987). Lemon in Fruits of Warm Climates. Purdue University. পৃ. 160–168
- ↑ Gulsen, O.; M. L. Roose. (2001). Lemons: Diversity and Relationships with Selected Citrus Genotypes as Measured with Nuclear Genome Markers. Journal of the American Society of Horticultural Science. পৃ. 309–317
- ↑ Genetic origin of cultivated citrus determined: Researchers find evidence of origins of orange, lime, lemon, grapefruit, other citrus species", Science Daily, January 26, 2011 (Retrieved February 10, 2017)
- ↑ James Lind. (1757). A treatise on the scurvy. Second edition.. A. Millar
- ↑ (2017). Citrus. Royal Horticultural Society
- ↑ Rauf A, Uddin G, Ali J. (2014). Phytochemical analysis and radical scavenging profile of juices of Citrus sinensis, Citrus anrantifolia, and Citrus limonum'. Org Med Chem Lett''. পৃ. 5
- ↑ (2008). Quantitative Assessment of Citric Acid in Lemon Juice, Lime Juice, and Commercially-Available Fruit Juice Products. Journal of Endourology. পৃ. 567–570
- ↑ M. Hofrichter. (2010). Industrial Applications. Springer. পৃ. 224. ISBN 978-3-642-11458-8
- ↑ ড॰ অন্নজ্যোতি গগৈ. (২০০৮). অসমত পোৱা কেইবিধমান ছাইট্ৰাছ ফলৰ পৰিচয় আৰু ব্যৱহাৰ. প্ৰান্তিক. পৃ. পৃষ্ঠা ৩৭
- ↑ Kiecolt-Glaser, J. K.; Graham, J. E.; Malarkey, W. B. (2008). Olfactory influences on mood and autonomic, endocrine, and immune function. Psychoneuroendocrinology. পৃ. 328–39
- ↑ Cooke, B; Ernst, E. (2000). Aromatherapy: A systematic review. British Journal of General Practice. পৃ. 493–6
- ↑ Lemon Power. California Energy Commission
- ↑ Mirsky, Steve. (April 20, 2010). Invisible Ink and More: The Science of Spying in the Revolutionary War. Scientific American
- ↑ (2018). World production of lemons and limes in 2017; Crops/Regions/World/Production Quantity from pick lists. Food and Agriculture Organization of the United Nations, Statistics Division (FAOSTAT)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেমু” প্ৰবন্ধৰ সংশোধন ৪০৩০৫৬ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।