

গোলনেমু (Rough Lemon) বৈজ্ঞানিক নাম - Citrus jambhiri Lush ৷ গোলনেমু উজনি অসমত বৰ জনপ্ৰিয়৷ নামনি অসমৰ ফালে এই নেমুক 'তুইলা টেঙা' বুলি কোৱা হয়৷ এই ফল গোন্ধ আৰু স্বাদৰ দিশত অধিক মানবিশিষ্ট হয়৷ আঘোণ-মাঘ মাহৰ ভিতৰত ফল পকে৷
খাদ্য হিচাপে
গোলনেমু কুমলীয়া অৱস্থাৰ পৰাই খাব পাৰি৷ কুমলীয়া অৱস্থাতো এই নেমু ৰসাল হয়৷ জেঠ-আহাৰ মাহৰপৰাই গোলনেমুৰ কেঁচা ফল খাব পাৰি৷ পাতত দিয়া সৰু মাছৰ লগত কেঁচা গোলনেমুৰ ৰস প্ৰয়োগ কৰি খালে খোৱাৰ ৰুচি অনেকখিনি বৃদ্ধি পায়৷ দাইল অথবা মাছৰ আঞ্জাত কেঁচা গোলনেমুৰ ৰস দিলে আঞ্জাখনৰ সোৱাদ দুগুণে চৰে৷ পকা ফলৰ ওপৰৰ হালধীয়া বাকলিখন চুৰুকি নেমুবোৰ নিমখত লেটিয়াই কেইদিনমান ৰ'দত শুকুৱাই পাছত বটলত ভৰাই কেইবা বছৰলৈও সংৰক্ষণ কৰিব পাৰি৷ নেমুৰে প্ৰস্তুত কৰা আচাৰ বজাৰত কিনিবলৈ পোৱা যায়৷ সানমিহলি আচাৰতো নেমু প্ৰয়োগ কৰিলে আচাৰৰ মান উন্নত হয়৷
আকৃতি
গোলনেমুৰ আকৃতি গোলাকাৰ৷ কেঁচা নেমু সেউজীয়া ৰঙৰ হয় আৰু পকিলে হালধীয়া বৰণৰ হয়৷
অৰ্থনৈতিক মূল্য
গোলনেমুত প্ৰতি ১০০মিলিলিটাৰ ৰসত ২৫-৮৫ মিলিগ্ৰাম পৰ্যন্ত ভিটামিন 'চি' পোৱা যায়৷ গোলনেমুত খনিজ লৱণো যথেষ্ট পৰিমাণে থাকে৷
ঔষধি গুণ
নিমখত থোৱা নেমুৰ ঔষধি গুণাগুণ বহু বেছি। পেট কামোৰণি,পেটৰ অসুখ,পেট ফুলা,আভোক আদি পেটৰ অনেক ধৰণৰ বেমেজালিত এই নেমুৰ ৰস বা শাহখিনি খালে উপকাৰ পোৱা যায়৷ নেমুৰ বীজ কৃমিনাশক৷১
তথ্যসূত্ৰ
- ↑ ড° অন্নজ্যোতি গগৈ. (২০০৮). অসমত পোৱা কেইবিধমান ছাইট্ৰাছ ফলৰ পৰিচয় আৰু ব্যৱহাৰ. প্ৰান্তিক. পৃ. পৃষ্ঠা ৩৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলনেমু” প্ৰবন্ধৰ সংশোধন ৫২৯০২১ (৩১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।