অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নদিয়া কে পাৰ (১৯৮২ চলচ্চিত্ৰ)

নদিয়া কে পাৰ (Nadiya Ke Paar, नदिया के पार) হৈছে গোবিন্দ মুনিশৰ দ্বাৰা পৰিচালিত ১৯৮২ চনৰ এখন ভাৰতীয় অবধী ভাষাত নিৰ্মিত ড্ৰামা ফিল্ম৷ চলচ্চিত্ৰখন কেশৱ প্ৰসাদ মিশ্ৰৰ হিন্দী উপন্যাস “কোহৱৰ কী শৰ্ত”ৰ প্ৰথমাৰ্ধৰ ওপৰত আধাৰিত, চলচ্চিত্ৰখন উত্তৰ প্ৰদেশৰ জৌনপুৰত নিৰ্মাণ কৰা হৈছে৷ চলচ্চিত্ৰখনত অভিনয়…

হালনাগাদ: ৬ জানুৱাৰী ২০২৪ ৩৪৪ শব্দ · ২ মিনিট সংগৃহীত ৪৯
সংশোধনৰ পৰামৰ্শ

নদিয়া কে পাৰ (Nadiya Ke Paar, नदिया के पार) হৈছে গোবিন্দ মুনিশৰ দ্বাৰা পৰিচালিত ১৯৮২ চনৰ এখন ভাৰতীয় অবধী ভাষাত নিৰ্মিত ড্ৰামা ফিল্ম৷ চলচ্চিত্ৰখন কেশৱ প্ৰসাদ মিশ্ৰৰ হিন্দী উপন্যাস “কোহৱৰ কী শৰ্ত”ৰ প্ৰথমাৰ্ধৰ ওপৰত আধাৰিত, চলচ্চিত্ৰখন উত্তৰ প্ৰদেশৰ জৌনপুৰত নিৰ্মাণ কৰা হৈছে৷ চলচ্চিত্ৰখনত অভিনয় কৰিছে- শচীন, সাধনা সিং, ইন্দৰ ঠাকুৰ, মিতালী, সবিতা বাজাজ, শীলা ডেভিদ, লীলা মিশ্ৰ আৰু চনী ৰাট৷১ ছবিখন বক্স অফিচত “চুপাৰ হিট” হয়।২

ৰাজশ্ৰী প্ৰডাকচনে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখন ১৯৮২ চনৰ ১ জানুৱাৰীত মুক্তি লাভ কৰে। চলচ্চিত্ৰখন পিছত ১৯৯৪ চনত ৰাজশ্ৰী প্ৰডাকচনৰ দ্বাৰা “হাম আপকে হে কৌন!” নামেৰে পুনৰ নিৰ্মাণ কৰা হয়।৩ চলচ্চিত্ৰখনক তেলেগু ভাষালৈ “প্ৰেমালয়ম” নামেৰে ডাব কৰা হয়৷

প্লট

চলচ্চিত্ৰখনৰ কাহিনীভাগ কেশৱ প্ৰসাদ মিশ্ৰৰ হিন্দী উপন্যাস “কোহৱৰ কী শৰ্ত”ৰ প্ৰথমাৰ্ধৰ ওপৰত আধাৰিত৷ ইয়াত উত্তৰ প্ৰদেশত বসবাস কৰা এগৰাকী ব্ৰাহ্মণ খেতিয়কক তেওঁৰ দুই ভতিজাৰ সৈতে দেখুওৱা হয়৷ তেওঁৰ বেমাৰ হয়, তেওঁৰ চিকিৎসাৰ বাবে ওচৰৰ গাঁও এখনৰ পৰা বৈদ্য এগৰাকীক মাতিবলৈ তেওঁৰ ভতিজা যায়৷ যেতিয়া খেতিয়কগৰাকী সুস্থ হৈ পৰে তেতিয়া তেওঁ চিকিৎসাৰ বাবে বৈদ্যগৰাকীক দিবলগীয়া খৰচৰ বিষয়ে সুধে; তেতিয়া বৈদ্য গৰাকীয়ে তেওঁৰ জ্যেষ্ঠ জীয়াৰী খেতিয়কৰ জ্যেষ্ঠ ভতিজা গৰাকীৰ সৈতে বিবাহৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু ব্ৰাহ্মণ খেতিয়ক গৰাকীও লগালগ সহমত হয়৷

ওমকাৰ (ইন্দৰ ঠাকুৰ) -ৰ বৈদ্য গৰাকীৰ জ্যেষ্ঠ কন্যা ৰূপা (মিতালী) -ৰ সৈতে বিবাহ সম্পন্ন হয় আৰু সুখী জীৱন-যাপন কৰিবলৈ লয়৷ ৰূপা এটি সন্তান জন্ম দিয়ে৷ ৰূপাৰ ভনী গুঞ্জা (সাধনা সিং) ৰূপাৰ গৰ্ভৱতী অৱস্থাত কামকাজত সহায় কৰিবলৈ সিহঁতৰ ঘৰলৈ আহে আৰু ওমকাৰৰ সৰু ভাই চন্দনৰ সৈতে প্ৰেমত পৰে৷

ৰূপা যেতিয়া সিহঁতৰ প্ৰেমৰ কথা গম পায় তেতিয়া সিহঁতক বিবাহ কৰাই দিয়াত সহায় কৰিম বুলি কথা দিয়ে যদিও এক দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈ যায়৷ সিহঁতৰ প্ৰেমৰ কথা ৰূপাৰ বাহিৰে সিহঁতৰ পৰিবাৰৰ কোনোৱে গম নাপায়৷ ৰূপাৰ মৃত্যুৰ পিছত খেতিয়ক আৰু বৈদ্য দুয়ো ৰূপাৰ সন্তানৰ পালন পোষণ কৰিবলৈ বুলি গুঞ্জাৰ বিবাহ ওমকাৰৰ সৈতে কৰিবলৈ বিচাৰে৷ যেতিয়া বিবাহ অনুষ্ঠানৰ সকলো কাৰুকাৰ্য সম্পূৰ্ণ হয় তেতিয়া চন্দন আৰু গুঞ্জাৰ প্ৰেম কাহিনী বাহিৰলৈ আহে৷ অৱশেষত গুঞ্জা আৰু চন্দনৰ সৰ্বসন্মতি সাপেক্ষে বিবাহ সম্পন্ন হয়৷

অভিনয়ত

অভিনয়তচৰিত্ৰতথ্যসূত্ৰ
শচীনচন্দন টিৱাৰী; ওমকাৰৰ সৰু ভাই
সাধনা সিংগুঞ্জা টিৱাৰী; বৈদ্যৰ কনিষ্ঠ জীয়াৰী; ৰূপাৰ ভনী; চন্দনৰ প্ৰেয়সী পিছলৈ পত্নী
মিতালীৰূপা; বৈদ্যৰ জ্যেষ্ঠ কন্যা; গুঞ্জাৰ ডাঙৰ ভনী; ওমকাৰৰ পত্নী; চন্দনৰ নবৌ
বিষ্ণু কুমাৰবৈদ্য জী; ৰূপা আৰু গুঞ্জাৰ পিতৃ
লীলা মিশ্ৰকাকী
ইন্দৰ ঠাকুৰওমকাৰ; চন্দনৰ জ্যেষ্ঠ ভাতৃ
ৰাম মোহনখেতিয়ক; ওমকাৰ আৰু চন্দনৰ খুৰা
শীলা শৰ্মাৰাজ্জো; চন্দনৰ প্ৰতি দুৰ্বলতা থকা চন্দনৰ শৈশৱৰ লগৰী

সংগীত

চলচ্চিত্ৰখনৰ সংগীত ৰচনা ৰবীন্দ্ৰ জৈনৰ। চলচ্চিত্ৰখনত থকা গীত বোৰৰ ভিতৰত “কৌন দিশা মে লেকে চলা ৰে বটোহিয়া”, “যোগী জী ধীৰে ধীৰে” আদি অধিক জনপ্ৰিয়৷

পৰৱৰ্তী ঘটনা

“এয়াৰ ইণ্ডিয়া ফ্লাইট ১৮২” ৰ দুৰ্ঘটনাত ওমকাৰৰ চৰিত্ৰত অভিনয় কৰা ইন্দৰ ঠাকুৰৰ মৃত্যু হয়।৩

তথ্যসূত্ৰ

  1. ↑ Nadiya Ke Paar: Complete Cast and Crew details
  2. ↑ (2 January 2010). Top Earners 1982
  3. ↑ (5 August 2015). Hum Aapke Hain Koun @ 20: Lesser Known Facts. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰভাৰতৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নদিয়া কে পাৰ (১৯৮২ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪০০৯৯৪ (৬ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।