অসমৰ চলচ্চিত্ৰ
১৫ প্ৰবন্ধ
-
অসমৰ চলচ্চিত্ৰ
অসমৰ চলচ্চিত্ৰ বুলিলে মূলতঃ অসমীয়া ভাষাত নিৰ্মিত কথাছবি বুজালেও অসমৰ ভিতৰত আৰু বাহিৰত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ ভাষাত নিৰ্মিত স্থানীয় চলচ্চিত্ৰসমূহো ইয়াৰ বিস্তৃত পৰিসৰত ধৰা হয়।
-
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত (Assam State Film (Finance and Development) Corporation Ltd.}) বা চমুকৈ ASFFDC হৈছে অসমৰ চলচ্চিত্ৰৰ প্ৰসাৰ আৰু উন্নয়নৰ লক্ষ্যৰে গঠিত অসম চৰকাৰৰ অধীনস্থ এটা সংস্থা।
-
ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান
ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (Dr. Bhupen Hazarika Regional Government Film and Television Institute) পূৰ্বৰ জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰশিক্ষণ প্ৰতিষ্ঠান সমগ্ৰ উত্তৰ-পূব ভাৰতৰ একমাত্ৰ চলচ্চিত্ৰ শিক্ষা প্ৰতিষ্ঠান।
-
ৱশ্ব'বিপো
ৱশ্ব’বিপো Wosobipo ১৯৯০ চনৰ কাৰ্বি ভাষাৰ এখন ৰঙীন চলচ্চিত্ৰ। গৌতম বৰা পৰিচালিত এইখন কাৰ্বি ভাষাৰ প্ৰথম ছবি। প্ৰযোজনা কৰিছিল কাৰ্বি আংলং জিলা পৰিষদে। সঙ্গীত শ্বেৰ চৌধুৰীৰ।
-
কৰমা কে ৰাতি
কৰমা কে ৰাতি (ইংৰাজী:Karma Ke Rati) ২০১৩ চনত মুক্তি লাভ কৰা এখন অসমীয়া আৰু ছাদ্ৰী ভাষাৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা আৰু সংগীত পৰিচালনা জয়ন্ত নাথৰ। মুখ্য চৰিত্ৰত অভিনয় কৰে আইমী বৰুৱা, বিষ্ণু খাৰঘৰীয়া, ৰাজকুমাৰ, ৰিম্পী দাস, প্ৰিন্স, তৃষ্ণা কুৰ্মী, লবিন দাস আদিয়ে।
-
ক: য়াদ
ক: য়াদ (ইংৰাজী নাম: Ko: Yad -A Silent Way) হৈছে মঞ্জু বৰা পৰিচালিত মিচিং ভাষাত নিৰ্মিত ২০১৪ বৰ্ষৰ এখন অসমীয়া চলচ্চিত্ৰ। বিহু সংখ্যাৰ সাদিনত প্ৰকাশিত অনিল পাংগিঙৰ দ্বাৰা ৰচিত বহু পঠিত আৰু উচ্চ প্ৰশংসিত কঃ য়াদ নামৰ উপন্যাসখনৰ আধাৰত এই ছবিখন নিৰ্মিত হৈছে।
-
আলায়াৰণ
আলায়াৰণ (आलायारन; Alayaron) বড়ো ভাষাৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ কাহিনী ছবি। আলায়াৰণ শব্দৰ অৰ্থ প্ৰভাত। ১৯৮৬ চনৰ ১৩ মাৰ্চত কোকৰাঝাৰৰ গঙ্গা টকীজত ছবিখনে মুক্তি পাইছিল। বডোচা ফিল্ম প্ৰডাকচনে প্ৰযোজনা কৰা ছবিখনৰ পৰিচালনা, চিত্ৰগ্ৰহণ আৰু সম্পাদনা আছিল জাংদাও বডোচা।
-
জোনাকী ছবিঘৰ
জোনাকী ছবিঘৰ (Jonaki Cinema Hall) হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা অসমৰ প্ৰথম স্থায়ী চিত্ৰগৃহ। ১৯৩৭ চনত প্ৰতিষ্ঠিত এই ছবিঘৰটি জ্যোতিপ্ৰসাদৰ ঘাইঘৰ পকীৰ পিছচোতালৰ হাবি-বন মুকলি কৰি তৈয়াৰ কৰা হৈছিল।
-
ডলফিন ফিল্মছ প্ৰাইভেট লিমিটেড
ডলফিন ফ্লিমছ প্ৰাইভেট লিমিটেড (Dolphin Films Private Limited) প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠাপিত এটা চলচ্চিত্ৰ কোম্পানী। এই কোম্পানীটোৱে বৰ্তমানলৈকে বহুতো চলচ্চিত্ৰ নিৰ্মাণ কৰিছে যিবোৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুতো পুৰস্কাৰ লাভ কৰিব সক্ষম হৈছে।
-
ডাও হুদুনি মেথাই
ডাও হুদুনি মেথাই (दाव हुदुनि मेथाइ, Song of the Horned Owl) হৈছে মঞ্জু বৰাৰ দ্বাৰা পৰিচালিত ২০১৫ চনৰ বড়ো ভাষাৰ এখন চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ কাহিনী ৰশ্মিৰেখা বৰাৰ অসমীয়া উপন্যাস ডাও হুদুৰ গান -ৰ ওপৰত আধাৰিত।
-
হাগ্ৰামায়াও জিনাহাৰি
হাগ্ৰামায়াও জিনাহাৰি ( Hagramayao Jinahari) জাংদাও বডোচা পৰিচালিত ১৯৯৬ চনত মুক্তি পোৱা এখন বড়ো ভাষাৰ চলচ্চিত্ৰ। এইখন বডোচাই পৰিচালনা কৰা দ্বিতীয় কাহিনী ছবি। পৰিচালনাৰ উপৰিও তেওঁ ছবিৰ প্ৰযোজনা আৰু সম্পাদনা কৰাৰ উপৰিও চিত্ৰনাট্যও লিখিছে।
-
প্ৰাগ চিনে বঁটা ২০১৪
প্ৰাগ চিনে বঁটা, ২০১৪ (Prag Cine Awards) মাৰ্চ মাহৰ ২২ তাৰিখে বেংগালুৰুৰ এন জি ভি ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয়। পোন প্ৰথমবাৰৰ বাবে এই অনুষ্ঠান অসমৰ বাহিৰত আয়োজন কৰা হয়। এই অনুষ্ঠানটো আয়োজন কৰে অসমৰ ছেটেলাইট চেনেল প্ৰতিষ্ঠান, প্ৰাগ এ এম টেলিভিশ্যন প্ৰাইভেট লিমিটেডে।
-
হান্দুক (চলচ্চিত্ৰ)
হান্দুক (The Hidden Corner) অসমৰ জয়ছেং জয় দহোতীয়াৰ দ্বাৰা নিৰ্মিত এখন মৰাণ ভাষাৰ চলচ্চিত্ৰ। মায়ামৰা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ ৰচনা আৰু প্ৰযোজনাও দহোতীয়াৰ। চলচ্চিত্ৰখন উত্তৰ-পূব ভাৰতৰ বিচ্ছিন্নতাবাদী আন্দোলনৰ সত্য বাতৰি আৰু ঘটনাৱলীৰ ওপৰত আধাৰিত।
-
গুৱাহাটী চিনে ক্লাব
গুৱাহাটী চিনে ক্লাব হৈছে অসমৰ এটা পঞ্জীয়নভুক্ত চলচ্চিত্ৰ সমাজ। ১৯৬৫ চনৰ ২৬ এপ্ৰিল তাৰিখে অসমৰ বিশিষ্ট শিল্পী আৰু সাংস্কৃতিক ব্যক্তিত্ব ড° ভূপেন হাজৰিকাই কেইগৰাকীমান চলচ্চিত্ৰ প্ৰেমী, সমালোচক আৰু লেখকৰ সৈতে মিলি এই ক্লাবটো প্ৰতিষ্ঠা কৰিছিল।
-
ভায়ামামা কৌতুক গোষ্ঠী
ভায়ামামা অসমৰ প্ৰথম কৌতুক গোষ্ঠীসমূহৰ অন্যতম। বিংশ শতিকাৰ ৮০-ৰ দশকৰপৰা এই গোটে কৌতুক অনুষ্ঠান পৰিবেশন কৰিবলৈ লয়। প্ৰথমে মঞ্চত কৌতুক অনুষ্ঠান পৰিৱেশনেৰে আৰম্ভ কৰা এই দলটোৱে পাছলৈ কেইখনমান কৌতুকৰ শ্ৰাৱ্য কেছেট উলিওৱাৰ উপৰিও এখন টিভি ছিৰিয়েল আৰু ভিডিঅ' ছবি নিৰ্মান কৰে।