ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ (ইংৰাজী: Digital object identifier) বা DOI হৈছে ইলেক্ট্ৰনিক নথিপত্ৰ বা প্ৰকাশন চিনাক্ত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ডি অ' আই ফাউণ্ডেচন (International Organization for Standardization, চমুকৈ ISO)ৰ দ্বাৰা প্ৰত্যায়িত কৰা এটা নিৰ্দিষ্ট সংখ্যা।১ এই নম্বৰৰ সৈতে নথিটোৰ সৈতে জড়িত বিভিন্ন মেটাডাটা সংলগ্ন কৰা হয়। এই মেটাডাটাত নথিটোৰ অৱস্থান, যেনে নথিটো বিচাৰি পোৱা ইউআৰএল (URL) বা ৱেব ঠিকনা ইত্যাদি অন্তৰ্ভুক্ত কৰা হয়। কোনো এটা নথিৰ মেটাডাটা সলনি হ'ব পাৰে যদিও তাৰ doi সংখ্যা অপৰিৱৰ্তনীয়। যিকোনো এটা নথি (যেনে কিতাপ বা লেখা) এটা doi নম্বৰৰ দ্বাৰা চিনাক্ত কৰা বা আঙুলিয়াই দিয়াটো কেৱল এটা ইউআৰএল (URL) লৈ আঙুলিয়াই দিয়াতকৈ বহুত বেছি নিৰ্ভৰযোগ্য। কাৰণ ইউআৰএল সহজে সলনি হ’ব পাৰে, আৰু তাৰ ফলত নথিটো বিচাৰি পোৱাটো কঠিন হৈ পৰে। কিন্তু যদি এটা doi নম্বৰ থাকে, প্ৰকাশকে তেতিয়া কেৱল doi নম্বৰৰ মেটাডাটাৰ পৰা ইউআৰএল আপডেট কৰিব পাৰে।২৩৪
ইউআৰএল (URL)ৰ দৰে DOI ব্যৱস্থা সকলোৰে বাবে মুকলি নহয়। DOI সংস্থাৰ সৈতে চুক্তিবদ্ধভাৱে জড়িতসকলেহে doi নম্বৰ নিৰ্ধাৰণ কৰাৰ অধিকাৰ আছে। আৰু এই সংযোগৰ বাবে সদস্যপদ মাচুল দিব লাগে।৫ এই ব্যৱস্থাটো বিকশিত আৰু নিয়ন্ত্ৰণৰ বাবে কাম কৰা কেইবাটাও সংস্থা আন্তঃৰাষ্ট্ৰীয় ডি অ' আই ফাউণ্ডেচনে ৰক্ষণাবেক্ষণ আৰু পথ প্ৰদৰ্শন কৰে।৬ ২০০০ চনৰ শেষৰ ফালৰ পৰা এই ব্যৱস্থাটো প্ৰকাশৰ ক্ষেত্ৰত বিকশিত আৰু সম্প্ৰসাৰণ কৰা হৈছে। ২০১১ চনৰ এপ্ৰিল মাহলৈকে বিশ্বজুৰি প্ৰায় ৪,০০০ সংস্থাই প্ৰায় ৫০ লাখ doi নম্বৰ জাৰি কৰিছে।৭
তথ্যসূত্ৰ
- ↑ ISO 26324:2012(en), Information and documentation – Digital object identifier system. আন্তৰ্জাতিক মান সংস্থা
- ↑ Witten, Ian H.; Bainbridge, David; Nichols, David M. (2010). How to Build a Digital Library. Morgan Kaufmann. পৃ. 352–253. ISBN 978-0-12-374857-7
- ↑ Langston, Marc; Tyler, James. (2004). Linking to Journal Articles in an Online Teaching Environment: The Persistent Link, DOI, and OpenURL. The Internet and Higher Education. পৃ. 51–58
- ↑ (2001-07-23). How the "Digital Object Identifier" Works. BusinessWeek
- ↑ Davidson, Lloyd A.; Douglas, Kimberly. (December 1998). Digital Object Identifiers: Promise and problems for scholarly publishing. Journal of Electronic Publishing
- ↑ (28 June 2010). Welcome to the DOI System. Doi.org
- ↑ (20 April 2011). DOI News, April 2011: 1. DOI System exceeds 50 million assigned identifiers. Doi.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ” প্ৰবন্ধৰ সংশোধন ৪১৯০৫২ (২০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।