মটক জনগোষ্ঠী (Matak) হৈছে অসমৰ এটা পুৰণি জনগোষ্ঠী।১ ইতিহাসবিদ শ্ৰীষ্টিধৰ দত্তৰ মতে, মৰাণ, চুতীয়া, কছাৰী, বৰাহী, আহোম, কৈৱৰ্ত আদি জনগোষ্ঠীৰ লগতে ব্ৰাহ্মণ, কায়স্থ, কলিতা আৰু বিভিন্ন বৃত্তিজীৱী গোটৰ মায়ামৰা শিষ্যসকলক লৈ বৃহত্তৰ মটক সমাজ গঢ় লৈছিল।২ আনহাতেদি টাই ভাষাত লিখিত বুৰঞ্জী অনুসৰি মটক সকল ফু খাও পৰিয়ালৰ, যি টাই জাতিৰ অন্তৰ্গত।৩ পাছলৈ ১৭২৮-২৯ খ্ৰীষ্টাব্দত অনিৰুদ্ধ দেৱৰ অনুগামী মায়ামৰা সম্প্ৰদায়ৰ গৰিষ্ঠ সংখ্যক জনসংখ্যা এই জনগোষ্ঠীৰ দ্বাৰা গঠিত হৈছিল।৪ পিছে মায়ামৰা ধৰ্মৰ আৰম্ভনিৰ বহু আগৰে পৰাই মটক সকল অসমত বাস কৰি আহিছে।৫ মটক সকল মায়ামৰা ধৰ্মত সংখ্যা গৰিষ্ঠ বাবেই তেওঁলোকক মায়ামৰা মটক বুলি কোৱা হয়।৬ পৰৱৰ্তী সময়ত মায়ামৰা ধৰ্ম গ্ৰহণ কৰা আন জনগোষ্ঠীসমূহলৈও মটক পৰিচয়টো সম্প্ৰসাৰিত হয়। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত মটক নামটোৱে এক বৃহত্তৰ ৰাজনৈতিক অৰ্থ লাভ কৰে। ১৮০৫ চনত বেংমৰাক কেন্দ্ৰ কৰি স্বায়ত্তশাসিত মটক ৰাজ্য স্বীকৃত হোৱাৰ পিছত ৰাজনৈতিক আৰু আঞ্চলিক পৰিচয় হিচাপেও ব্যৱহৃত হ'বলৈ ধৰে।৭ মটক সকল আহোম জনগোষ্ঠীতকৈ বহু আগৰ পৰাই ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰি অহা টাই লোক।৮ ঔপনিৱেশিক যুগৰ কিছুমান লেখাত মৰাণ আৰু মটক শব্দ দুটা সমাৰ্থক বুলি কোৱা হৈছিল, চুকাফাই লগ পোৱা "মটক" সকল প্ৰকৃততে মৰাণ জনগোষ্ঠীৰ লোক আছিল বুলি ঔপনিৱেশিক যুগৰ কাশীনাথ তামুলীয়ে লিখিছিল।৯১০ পিছে মূল টাই ভাষাৰ বুৰঞ্জীত মৰাণ আৰু মটক দুইটা জনগোষ্ঠীৰে পৃথক উল্লেখ দেখা যায়। মূল টাই ভাষাৰ বুৰঞ্জীত স্পষ্ট ভাৱে চুকাফাই লগ পোৱা টাই পৰিয়ালক মটক বুলি নাম দিছিল আৰু মটক সকলক টাই মূলীয় ফু-খাও পৰিয়ালৰ বুলি লিখা আছে। ১১১২
মোৱামৰীয়া বিদ্ৰোহৰ সময়ত মটক পৰিচয়ে এটা বৃহত্তৰ ৰাজনৈতিক ৰূপ লাভ কৰে। বিদ্ৰোহৰ পৰিণতিত ১৮০৫ চনত সৰ্বানন্দ সিংহৰ নেতৃত্বত বেংমৰাক কেন্দ্ৰ কৰি স্বায়ত্তশাসিত মটক ৰাজ্য গঢ় লৈ উঠে।১৩১৪
নামসমূহ
বুৰঞ্জীসমূহত মৰাণ, মটক আৰু মোৱামৰীয়া শব্দসমূহৰ ব্যৱহাৰত একৰূপতা দেখা নাযায়। দেওধাই অসম বুৰঞ্জীত মূলতঃ মৰাণ শব্দ ব্যৱহৃত হৈছে; সাতসৰী অসম বুৰঞ্জীৰ কিছুমান বিৱৰণত মৰাণ আৰু মটক শব্দ দুটা একেটা জনগোষ্ঠীৰ বাবে ব্যৱহাৰ কৰা হৈছে। তুংখুঙীয়া বুৰঞ্জীত সাধাৰণতে মৰাণ আৰু মোৱামৰীয়া শব্দ ব্যৱহৃত হোৱাৰ বিপৰীতে মটক শব্দ অতি সীমিতভাৱে দেখা যায়। কিছুমান পৰৱৰ্তী অসমীয়া বুৰঞ্জীত আহোম চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা মায়ামৰা শিষ্যসকলক সামূহিকভাৱে মটক বুলি উল্লেখ কৰা হৈছে।১৫
চুকাফাৰ সময়ৰ ঘটনাৰ বৰ্ণনাত কিছুমান বুৰঞ্জীয়ে মটক শব্দ ব্যৱহাৰ কৰিলেও সমান্তৰাল বিৱৰণসমূহে সেই লোকসকলক মৰাণ বুলি চিনাক্ত কৰে।১৫ ফিলিপ ৰামিৰেজে টাই-আহোম বুৰঞ্জীত ব্যৱহৃত জনগোষ্ঠীসূচক নামসমূহ আলোচনা কৰি Rangyeu, Tiwra, Tumisa আৰু Môtukক সমভূমিৰ লোকসকলৰ বাবে ব্যৱহৃত তুলনামূলকভাৱে নিৰ্দিষ্ট নামসমূহৰ ভিতৰত ৰাখিছে। তেওঁ Tumisaক ডিমাছা/কছাৰী পৰিসৰৰ সৈতে আৰু Tiwraক চুতীয়াসকলৰ সৈতে সম্পৰ্কিত কৰিছে।১৬ আনহাতে কাশীনাথ তামুলী ফুকন আৰু হৰকান্ত শৰ্মা বৰুৱাৰ বুৰঞ্জীত চুকাফাৰ সৈতে সম্পৰ্কিত মটকসকলক মৰাণ বুলি চিনাক্ত কৰা হৈছে।৯ কাশীনাথ তামুলী ফুকনৰ অসম বুৰঞ্জীত এই প্ৰসংগত “এই মটককে মৰাণ বোলে” বুলি উল্লেখ আছে।১৭
'মটক শব্দৰ প্ৰাচীনতম উল্লেখ টাই আহোম ভাষাৰ বুৰঞ্জী সমূহতো পোৱা যায়। অসমীয়াত মায়ামৰা সকলৰ একমতৰ বাবে মত-এক শব্দৰ পৰা মটক নামটো ওলোৱা বুলি কিছু লেখকে কয়, পিছে মায়ামৰা সম্প্ৰদায়ৰ বহু আগৰে চুকাফাৰ আগমনৰ দিনৰ পৰা টাই নাম মটক (𑜉𑜦𑜡𑜄𑜨𑜀𑜫) বুৰঞ্জীত লিখিত আছে। ইতিহাসবিদ শ্ৰীষ্টিধৰ দত্তই এই ব্যুৎপত্তিসমূহক অনিশ্চিত বুলি গণ্য কৰিছে আৰু নামটোৰ প্ৰাচীন ব্যৱহাৰ সম্পৰ্কে বুৰঞ্জীসমূহৰ মাজত অসংগতি বুলি দাবী কৰে পিছে টাই বুৰঞ্জী সমূহৰ বাখ্যা স্পষ্ট দেখা যায়।১৫ আহোম বুৰঞ্জীত উল্লেখ অনুসৰি:
𑜉𑜢𑜤𑜰𑜫 𑜃𑜃𑜫 𑜄𑜥𑜃𑜫 𑜇𑜃𑜫 𑜉𑜃𑜫 𑜇𑜥𑜁𑜧 𑜋𑜪 𑜈𑜡 𑜉𑜦𑜡𑜄𑜨𑜀𑜫 𑜼 (মৌ নন তুন ফান মন ফু-খাও চাম ৱা মটক) (অসমীয়াত মোটামুটি অনুবাদ: সেই সময়ত বীজ সিঁচাৰ মূলৰ ভাল মানুহ মানে ফু খাও চমৱা মটক )
𑜇𑜤𑜁𑜧𑜨 𑜋𑜪 𑜈𑜡 𑜍𑜢𑜤𑜃𑜫 𑜃𑜩 𑜄𑜩 𑜉𑜧𑜨𑜼 (ফু খাও চাম ৱা ৰুণ নাই টাই মাও) (অসমীয়াত মোটামুটি অনুবাদ:ফু খাও চাম ৱা সকল টাই মাও ঘৰীয়া)
ফু-খাও(𑜇𑜥𑜁𑜧): আহোম বুৰঞ্জীত ব্যৱহৃত ফুখাও শব্দটো টাই ভাষাৰ শব্দ যত ফু মানে সন্মানীয় ব্যক্তি আৰু খাও মানে বগা। ১৮ টাই ভাষাৰ বুৰঞ্জীসমূহত মটকসকলক এক সন্মানীয় আৰু বীজ সিঁচাৰ সৈতে জড়িত উচ্চ বংশোদ্ভূত জনগোষ্ঠী হিচাপে বৰ্ণনা কৰা হৈছে।১৯
লানমাখ্ৰু (𑜎𑜃𑜫 𑜉𑜁𑜝𑜤): যেতিয়া মটকসকলৰ মুখিয়ালসকলে আহোম চাওঁফা চুকাফাক বেঙেনা যোগান ধৰিছিল, তেতিয়া আহোম বিষয়া কাং ঙানে তেওঁ লোকক লানমাখ্ৰু (𑜎𑜃𑜫 𑜉𑜁𑜝𑜤) বুলি নামকৰণ কৰিছিল। ২০ লান (𑜎𑜃𑜫) শব্দৰ অৰ্থ নাতি, মাখ্ৰু (𑜉𑜁𑜝𑜤) শব্দৰ অৰ্থ বেঙেনা।২১
ইতিহাস
প্ৰাচীন ইতিহাস
বৰ্তমানৰ অসমৰ উত্তৰ পূব কোণত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সামৰি প্ৰাচীন কালত মটক সকলৰ এখন ৰাজ্য সৌমাৰ আছিল আৰু ইয়াৰ ৰাজধানী বৰ্তমানৰ তিনিচুকীয়া চহৰ বা বেংমৰা আছিল বুলি ইশানী সেনাপতিয়ে উল্লেখ কৰিছে। ২২
আহোম ৰাজ্য গঠনত যোগদান
যেতিয়া ১২২৮ খ্ৰীষ্টাব্দত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল, তেতিয়া তেওঁ প্ৰথমতে টিপাম অঞ্চলতে মটকসকলক লগ পাইছিল। ২৩ চুকাফাই পুৰণি টাই মুলীয় মটকসকলৰ মুখিয়াল সকলৰ সহায় লাভ কৰিছিল যাৰ ফলত নিজৰ ৰাজ্য বিস্তাৰৰ ভেটি টিপামত গঢ়ি তুলিছিল।২৪ নগাসমূহক পৰাস্ত কৰাৰ ক্ষেত্ৰতো মটক মুখিয়াল সকলে টাই ৰাজকোঁৱৰ চুকাফাক যথেষ্ট সহায় কৰিছিল।২৫
মায়ামৰা ধৰ্ম
ধৰ্মীয় দৃষ্টিভঙ্গীৰ ফালৰ পৰা, মটকসকল মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ শাখা মায়ামৰা পন্থাৰ পালন কৰে। অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা কাল সংহতিৰ মায়ামৰা ধৰ্ম পন্থাত অন্য জনগোষ্ঠী যেনে কোচ, কলিতা, কৈৱৰ্ত, আহোম আদি বিভিন্ন জাতিক দীক্ষা দিয়া হৈছিল, কিন্তু মটকসকলৰ জনসংখ্যা ইয়াত ইমানেই বেছি আছিল যে এই সমগ্ৰ ধৰ্মীয় গোটটোৱে 'মায়ামৰা মটক' হিচাপে পৰিচিতি লাভ কৰিলে।২৬
অসমীয়ালৈ অনুবাদিত বুৰঞ্জীত মটক
বিভিন্ন অসমীয়ালৈ অনুবাদিত বুৰঞ্জীত আহোম চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা মায়ামৰা শিষ্যসকলক সামূহিকভাৱে মটক বুলি উল্লেখ কৰা হৈছে।১৫অসমীয়ালৈ অনুবাদিত বুৰঞ্জী সমূহ মতে শ্ৰীধৰ দত্তই মৰাণসকলৰ বাবে ব্যৱহৃত শব্দ মটক হ'ব পাৰে বুলি উল্লেখ কৰিব বিচাৰে।১৫ পিছে মূল টাই বুৰঞ্জীত মৰাণ আৰু মটক সকলক পৃথক ভাবে উল্লেখ কৰা হৈছে। পাছত অনুবাদিত কিছু অসমীয়া বুৰঞ্জীত দাই দলটোৱে লগ পোৱা "মটক" সকল প্ৰকৃততে মৰাণ জনগোষ্ঠীৰ লোক আছিল বুলি উল্লেখ কৰিছে।৯২৭ গৱেষক ফিলিপ ৰামিৰেজৰ অনুসৰি "ফু-খাও-আন-খাও" শব্দটোৱে ১৮ শতিকাত মায়ামৰীয়া সমাজৰ বিদ্ৰোহী সকলক বুজাবলৈও ব্যৱহাৰ কৰা হৈছিল।২৮ পিছে মূল টাই বুৰঞ্জীত তেওঁলোকক মটক বুলিয়ে উল্লেখ আছে। শ্ৰীষ্টিধৰ দত্তই মটক পৰিচয়ক মায়ামৰা সত্ৰৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ শিষ্যক সামৰি লোৱা এক যৌগিক সমাজ হিচাপে ব্যাখ্যা কৰিছে।২৯ পিছে মায়ামৰা সত্ৰৰ আৰম্ভনিৰ বহু আগৰে পৰা মটক সকলৰ কথা মূল টাই বুৰঞ্জীত উল্লেখ হৈ আহিছে। অনিৰুদ্ধদেৱ প্ৰতিষ্ঠা কৰা মায়ামৰা সত্ৰই বিভিন্ন জনজাতি, জাতি আৰু বৃত্তিজীৱী গোটৰ লোকক শৰণ দিছিল। শ্ৰীষ্টিধৰ দত্ত অনুসৰি মৰাণসকল এই সত্ৰৰ প্ৰথম আৰু প্ৰধান শিষ্যগোটসমূহৰ অন্যতম আছিল। পৰৱৰ্তী সময়ত চুতীয়া, কছাৰী, আহোম, কৈৱৰ্ত, কলিতা, ব্ৰাহ্মণ, কায়স্থ আৰু আন বহু গোটৰ লোকে মায়ামৰা ধৰ্ম গ্ৰহণ কৰে।৩০ মৰাণসকলৰ সংখ্যাগত আৰু সাংগঠনিক প্ৰাধান্যৰ ফলত প্ৰথম অৱস্থাত তেওঁলোককে প্ৰায়ে মটক বুলি কোৱা হৈছিল।
সমাজ ব্যৱস্থা
মটক সমাজৰ আভ্যন্তৰীণ গাথনি অত্যন্ত সুসংগঠিত। পৰম্পৰাগতভাৱে মটক সমাজ ব্যৱস্থাক মূলত: তিনিটা স্তৰত ভাগ কৰা হয় যিয়ে সমাজখন সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে।৩১ আটাইতকৈ সৰু স্তৰত পৰিয়াল, তাৰ ওপৰত ফৈদ তাৰ ওপৰত খেলসমূহ থাকে।৩২ মটক সমাজত মূলতঃ দুই প্ৰকাৰৰ 'খেল' বা থুপ দেখা যায়— এটা হৈছে ৰাজকীয় মৰ্যাদা অনুসৰি গঠিত খেল আৰু আনটো ধৰ্মীয় পৰম্পৰা অনুসৰি গঠিত খেল।৩৩ প্ৰাচীন কালৰে পৰা মটক সমাজ পৰম্পৰাগত লোক-নিয়ম আৰু সমাজৰ জ্যেষ্ঠজনৰ সন্মতিৰ ভিত্তিত পৰিচালিত হৈ আহিছে। সমাজ পৰিচালনাৰ সৰ্বোচ্চ দায়িত্ব থাকে গাওঁবুঢ়াৰ ওপৰত।
মোৱামৰীয়া বিদ্ৰোহ আৰু ৰাজনৈতিক পৰিচয়
অষ্টাদশ শতিকাৰ মোৱামৰীয়া বিদ্ৰোহৰ সময়ত মায়ামৰা সত্ৰৰ বিভিন্ন জনগোষ্ঠীৰ শিষ্যসকলে আহোম চৰকাৰৰ বিৰুদ্ধে একেলগে সংগঠিত হয়। এই সময়ছোৱাত মটক নামটো ধৰ্মীয় পৰিচয়ৰ লগতে বিদ্ৰোহীসকলৰ সামূহিক ৰাজনৈতিক পৰিচয় হিচাপেও ব্যৱহৃত হ'বলৈ ধৰে। মৰাণসকল বিদ্ৰোহৰ মূল শক্তিসমূহৰ অন্যতম আছিল যদিও বিদ্ৰোহত অংশগ্ৰহণ কৰা সকলো মটক মৰাণ নাছিল।৩৪
১৮০৫ চনত আহোম চৰকাৰ আৰু সৰ্বানন্দ সিংহৰ মাজত হোৱা বন্দোবস্তৰ ফলত বেংমৰাক ৰাজধানী কৰি মটক ৰাজ্যই স্বায়ত্তশাসন লাভ কৰে। এই ৰাজ্য কোনো প্ৰাগৈতিহাসিক মটক ৰাজ্যৰ ধাৰাবাহিকতা নাছিল; ই মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক পৰিণতি আছিল। ১৮৩৯ চনত ব্ৰিটিছ চৰকাৰে ৰাজ্যখন সংযুক্ত কৰে।৩৫
আধুনিক পৰিচয়
ঔপনিৱেশিক আৰু উত্তৰ-ঔপনিৱেশিক যুগত মটক পৰিচয়ৰ ভিতৰত থকা বিভিন্ন গোটে নিজৰ পৃথক জাতিগত আৰু ৰাজনৈতিক সংগঠন গঢ়ি তোলে। বিশেষকৈ বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত বহু মৰাণে নিজকে বৃহত্তৰ মটক পৰিচয়ৰ ভিতৰৰ এটা শাখা হিচাপে নহয়, পৃথক জনজাতীয় জনগোষ্ঠী হিচাপে সংগঠিত কৰিবলৈ আৰম্ভ কৰে। তথাপিও মায়ামৰা ধৰ্ম, ঐতিহাসিক বিদ্ৰোহ আৰু মটক ৰাজ্যৰ স্মৃতিয়ে মৰাণ আৰু আন মটক গোটসমূহৰ মাজত এক উমৈহতীয়া ঐতিহাসিক সম্পৰ্ক বজাই ৰাখিছে।
ফিলিপ ৰামিৰেজৰ নৃতাত্ত্বিক অধ্যয়নত মৰাণ আৰু মটকক উজনি অসমৰ ওচৰ-চুবুৰীয়া আৰু সাংস্কৃতিকভাৱে ঘনিষ্ঠ দুটা সমাজ হিচাপে আলোচনা কৰা হৈছে। তেওঁৰ মতে, দুয়োটা সমাজৰ মাজত বৰ্তমান দেখা পোৱা পৃথকীকৰণৰ বিকাশত তেওঁলোকৰ উমৈহতীয়া মায়ামৰা বৈষ্ণৱ পৰম্পৰাৰ আভ্যন্তৰীণ বিভাজন আৰু segmentary dynamics-এ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।৩৬
তথ্যসূত্ৰ
- ↑ "...they are an ethnic tribe of Tai Mongolian origin," Gogoi, Karabi Baruah. (2020-09). Assamese Language and Ethno Dialect Variety as Spoken by the Matak Community of Assam. International Journal of Creative Research Thoughts. IJCRT. পৃ. 2773
- ↑ Dutta, Sristidhar. (1985). The Mataks and Their Kingdom: Castes and Tribes of Assam. Chugh Publications. পৃ. 11-12
- ↑ "𑜇𑜤𑜁𑜧𑜨 𑜋𑜪 𑜈𑜡 𑜍𑜢𑜤𑜃𑜫 𑜃𑜩 𑜄𑜩 𑜉𑜧𑜨." Barua, Golap Chandra. (1930). Ahom-Buranji: From the Earliest Time to the End of Ahom Rule. Baptist Mission Press. পৃ. 38
- ↑ "disciples of the Mayamara Satra, formed a greater community—the Matak community. ... their sectarian unity ... was later reinvigorated by a political purpose"Dutta 1985, পৃ. 42 }}
- ↑ "..But Mataks are one of the oldest ethnic groups of Assam then Mayamara.."Gogoi, Karabi Baruah. (November 2012). Phukhao Chamba Matak. Samprity Publication. পৃ. 39. ISBN 978-93-5174-339-2
- ↑ Gogoi, Karabi Baruah. (November 2012). Phukhao Chamba Matak. Samprity Publication. ISBN 978-93-5174-339-2
- ↑ Dutta 1985, পৃ. 187-232 }}
- ↑ "...other Tai family were also connected with the Mataks." Gogoi, Karabi Baruah. (November 2012). Phukhao Chamba Matak. Samprity Publication. পৃ. 39. ISBN 978-93-5174-339-2
- ↑ "The chronicles, like those of Kasinath Tamuli Phukan and Harakanta Sarma Barua, have clearly mentioned that the Mataks referred to in connection with Sukapha's encounter with the local tribes, were the Morans."Dutta 1985, পৃ. 42
- ↑ Tamuli Phukan, Kasinath, "Assam Buranji",p.11, "আৰু পুৰ্বে ১১৬৪ শকত মটকৰ বদৌচা ৰজা ও বৰাহিৰ থাকুমথা ৰজা এই দুই ৰজাৰে মিত্ৰ কৰি মিলেৰে বস কৰি, পৰে ১১৭৩ সঁকত মটকক খৰিভাৰি বাৰিচোৱা এনে ল'লে। এই মটককে মৰাণ বোলে।"
- ↑ "The king got a Tai family and named it Matak Patar." Barua, Golap Chandra. (1930). Ahom-Buranji: From the Earliest Time to the End of Ahom Rule. Baptist Mission Press. পৃ. 38
- ↑ "The Matak descended from Phukhao family." Barua, Golap Chandra. (1930). Ahom-Buranji: From the Earliest Time to the End of Ahom Rule. Baptist Mission Press. পৃ. 38
- ↑ Dutta 1985, পৃ. 187-232
- ↑ Saikia, Baburam. (2021). Marginalisation, Revolt and Adaptation: On Changing the Mayamara Tradition. Journal of Ethnology and Folkloristics. পৃ. 85–102
- ↑ Dutta 1985, পৃ. 4-20 }}
- ↑ Ramirez, Philippe. (2014). People of the Margins: Across Ethnic Boundaries in North-East India. Spectrum Publications. পৃ. 121–122
- ↑ Tamuli Phukan, Kasinath, Assam Buranji, p.11, "আৰু পুৰ্বে ১১৬৪ শকত মটকৰ বদৌচা ৰজা ও বৰাহিৰ থাকুমথা ৰজা এই দুই ৰজাৰে মিত্ৰ কৰি মিলেৰে বস কৰি, পৰে ১১৭৩ সঁকত মটকক খৰিভাৰি বাৰিচোৱা এনে ল'লে। এই মটককে মৰাণ বোলে।"
- ↑ "...'Phu' - means "Esteemed Person" or "Owner" and "Khao" means 'white..." Gogoi, Karabi Baruah. (2020-09). Assamese Language and Ethno Dialect Variety as Spoken by the Matak Community of Assam. International Journal of Creative Research Thoughts. IJCRT
- ↑ Gogoi, Karabi Baruah. (November 2012). Phukhao Chamba Matak. Samprity Publication. ISBN 978-93-5174-339-2
- ↑ Gogoi, Karabi Baruah. (November 2012). Phukhao Chamba Matak. Samprity Publication. ISBN 978-93-5174-339-2
- ↑ Gogoi, Karabi Baruah. (November 2012). Phukhao Chamba Matak. Samprity Publication. ISBN 978-93-5174-339-2
- ↑ "...kingdom of their own from Pre-historic period in the region known as 'SAUMAR’..." Senapoti, Ishani. (2021-03-01). The Mataks and Their Livelihood: An Analysis. International Journal of Modern Agriculture. পৃ. 610–613
- ↑ "...He met the Mataks in Tipam.." Gogoi, Karabi Baruah. (November 2012). Phukhao Chamba Matak. Samprity Publication. ISBN 978-93-5174-339-2
- ↑ "...help of their head, Suikafa extended." Gogoi, Karabi Baruah. (November 2012). Phukhao Chamba Matak. Samprity Publication. ISBN 978-93-5174-339-2
- ↑ "...defeated the Nagas with the help of the Matak Chief." Gogoi, Karabi Baruah. (November 2012). Phukhao Chamba Matak. Samprity Publication. ISBN 978-93-5174-339-2
- ↑ Gogoi, Karabi Baruah. (November 2012). Phukhao Chamba Matak. Samprity Publication. ISBN 978-93-5174-339-2
- ↑ Tamuli Phukan, Kasinath, "Assam Buranji",p.11, "আৰু পুৰ্বে ১১৬৪ শকত মটকৰ বদৌচা ৰজা ও বৰাহিৰ থাকুমথা ৰজা এই দুই ৰজাৰে মিত্ৰ কৰি মিলেৰে বস কৰি, পৰে ১১৭৩ সঁকত মটকক খৰিভাৰি বাৰিচোৱা এনে ল'লে। এই মটককে মৰাণ বোলে।"
- ↑ Ramirez, Philippe. (2022). De la secte à la tribu: les Moran et Matak du Haut-Assam. Moussons
- ↑ "The word ‘Matak’ was no longer confined to the Moran people alone, but was extended to include the other tribal members as well."Dutta 1985, পৃ. 11
- ↑ Dutta 1985, পৃ. 20-43
- ↑ Hazarika, Dulen. (2022-12-30). The Identity of the Matak Community of Assam: A Socio-Cultural and Political Study. Journal of Pharmaceutical Negative Results. পৃ. 3976–3978
- ↑ Hazarika, Dulen. (2022-12-30). The Identity of the Matak Community of Assam: A Socio-Cultural and Political Study. Journal of Pharmaceutical Negative Results. পৃ. 3976–3978
- ↑ Hazarika, Dulen. (2022-12-30). The Identity of the Matak Community of Assam: A Socio-Cultural and Political Study. Journal of Pharmaceutical Negative Results. পৃ. 3976–3978
- ↑ Dutta 1985, পৃ. 24-125
- ↑ Dutta 1985, পৃ. 187-232
- ↑ Ramirez, Philippe. (2022). De la secte à la tribu: les Moran et Matak du Haut-Assam. Moussons. পৃ. 119–150
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মটক জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৬৩৫৬৭৫ (১৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।