১৯৮২ বৰ্ষৰ চলচ্চিত্ৰ
৬ প্ৰবন্ধ
-
অপৰূপা
অপৰূপা হৈছে ১৯৮২ চনৰ ১৬ এপ্ৰিল তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগমে প্ৰযোজনা কৰা এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ হোৱাৰ লগতে জাহ্নু বৰুৱাই পৰিচালনা কৰা এইখনেই প্ৰথম চলচ্চিত্ৰ। বোলছবিখন হিন্দী ভাষাতো অপেক্ষা নামেৰে মুক্তি দিয়া হয়।
-
বোৱাৰী (চলচ্চিত্ৰ)
বোৱাৰী হৈছে আক্ষৰিক অৰ্থত দ্বিতীয়খন ব্লকবাষ্টাৰ অসমীয়া চলচিত্ৰ। "আজলী নবৌ"ৰ ৰেকৰ্ডসমূহ ওফৰাই ছবিখনে দৰ্শকৰ মাজত বিশেষ সমাদৰ লাভ কৰে। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে শিৱ প্ৰসাদ ঠাকুৰে আৰু সংগীত পৰিচালনা আছিল ড° উপেন কাকতিৰ। ছবিখনৰ "মন হীৰা দৈ" শীৰ্ষক গীতটি দৰ্শকৰ মাজত বিপুল জনপ্ৰিয় হৈছিল।
-
নমকীন
নমকীন ( Namkeen; অনু: নিমখীয়া) ১৯৮২ চনত মুক্তি পোৱা গুলজাৰৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত হিন্দী ভাষাৰ এখন সামাজিক নাট্যধ্ৰমী ছবি, য'ত অভিনয় কৰিছে সঞ্জীৱ কুমাৰ, শৰ্মিলা ঠাকুৰ, শাবানা আজমী আৰু ৱাহিদা ৰহমানে।
-
নিকাহ (চলচ্চিত্ৰ)
নিকাহ (Nikaah) ১৯৮২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ প্ৰযোজক আৰু পৰিচালক বি. আৰ. চোপ্ৰা। ছবিখনত ৰাজ বব্বৰ, দীপক পৰাশৰ আৰু চালমা আগাই অভিনয় কৰিছে আৰু তিনিওজনৰে বলীউডৰ ছবিত সেয়া প্ৰথম অভিনয় আছিল। ছবিখনত সহযোগী চৰিত্ৰত আছিল আচৰানী আৰু ইফতিকাৰ।
-
চোখ
চোখ (Chokh) ১৯৮২ চনত মুক্তি পোৱা আৰু উৎপলেন্দু চক্ৰৱৰ্তী পৰিচালিত এখন বঙালী ছবি, য'ত ওম পুৰী, অনিল চেটাৰ্জী, শ্যামানন্দ জালান আৰু শ্ৰীলা মজুমদাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ কাহিনীভাগ ১৯৭৫ চনৰ পটভূমিত কলকাতাৰ এটা মৰাপাট কলৰ শ্ৰমিকসকলৰ ওপৰত হোৱা অত্যাচাৰ আৰু শোষণৰ আধাৰত ৰচনা কৰা হৈছে।
-
লোগ ক্যা কহেংগে
লোগ ক্যা কহেংগে Log Kya Kahenge) ১৯৮২ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ ছবি, যিখন নিৰ্মাণ আৰু পৰিচালনা কৰিছে বি আৰ ইছাৰাই। গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।