ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমৰ ছবি
১৮ প্ৰবন্ধ
-
হালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)
হালধীয়া চৰায়ে বাওধান খায় (The Catastrophe) ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ তৃতীয়খন অসমীয়া চলচ্চিত্ৰ। পাটকাই ফিল্মচৰ বেনাৰত নিৰ্মিত এই ছবি খনৰ কাহিনীভাগ হোমেন বৰগোহাঞিৰ একে নামৰ বহু পঠিত উপন্যাসৰ পৰা লোৱা হৈছে।
-
কণিকাৰ ৰামধেনু
কণিকাৰ ৰামধেনু (Konikar Ramdhenu) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০০২ চনৰ ২০ ডিচেম্বৰত এই ছবিখন মুক্তি দিয়া হয়। ২০০২ চনৰ অক্টোবৰত দিল্লীৰ আই এফ এফ আইৰ ইণ্ডিয়ান পেনোৰোমাত আৰু ২০০৩ চনৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় উৎসৱত এই চলচ্চিত্ৰ খন প্ৰদৰ্শিত কৰা হৈছিল।
-
সাগৰলৈ বহু দূৰ
সাগৰলৈ বহুদূৰ (Xagoroloi Bohudoor, It's a Long Way to the Sea) জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৯৫ চনত এই ছবিখন মুক্তি দিয়া হয়।
-
অদাহ্য (চলচ্চিত্ৰ)
অদাহ্য (Adajya; ভাবানুবাদ: The Flight) হৈছে অসমীয়া ভাষাত নিৰ্মিত মামণি ৰয়ছম গোস্বামীৰ ৰচিত উপন্যাস দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ আধাৰত নিৰ্মিত সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্ৰ। ১৯৯৬ চনত এই চলচ্চিত্ৰখন অসমৰ প্ৰেক্ষাগৃহত মুক্তি দিয়া হয়।
-
অপৰূপা
অপৰূপা হৈছে ১৯৮২ চনৰ ১৬ এপ্ৰিল তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগমে প্ৰযোজনা কৰা এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ হোৱাৰ লগতে জাহ্নু বৰুৱাই পৰিচালনা কৰা এইখনেই প্ৰথম চলচ্চিত্ৰ। বোলছবিখন হিন্দী ভাষাতো অপেক্ষা নামেৰে মুক্তি দিয়া হয়।
-
পাপৰি
পাপৰি হৈছে ১৯৮৬ চনত মু্ক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। পাটকাই ফিল্মছৰ বেনাৰত শৈলধৰ বৰুৱা আৰু জাহ্নু বৰুৱাই প্ৰযোজনা কৰা বোলছবিখনত মুখ্য ভূমিকাত অভিনয় কৰে গোপী দেশাই, সুশীল গোস্বামী আৰু বিজু ফুকনে।
-
জয়মতী (২০০৬ চলচ্চিত্ৰ)
জয়মতী (ইংৰাজী নাম: Joymati - the saviour) হৈছে মঞ্জু বৰা পৰিচালিত ২০০৬ বৰ্ষৰ এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন জ্যোতিপ্ৰসাদ আগৰৱালা পৰিচালিত ১৯৩৫ চনৰ প্ৰথম অসমীয়া ছবি ‘জয়মতী’ৰ পুনৰনিৰ্মাণ নহয়। এই জয়মতীৰ কাহিনীত কেতবোৰ বিশেষত্ব আছে।
-
বান্ধোন (চলচ্চিত্ৰ)
বান্ধোন (Baandhon) ২৬ অক্টোবৰ ২০১২ তাৰিখে মুক্তি লাভ কৰা অসমীয়া ভাষাত নিৰ্মিত এখন চলচ্চিত্ৰ। বোলছবিখনৰ প্ৰযোজনা অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন) আৰু পৰিচালক জাহ্নু বৰুৱা।
-
পখী (চলচ্চিত্ৰ)
পখী (Pokhi) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০০০ চনত এই ছবিখন মুক্তি দিয়া হয়। ২০০০ চনত এই চলচ্চিত্ৰখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।
-
ফিৰিঙতি (চলচ্চিত্ৰ)
ফিৰিঙতি হৈছে ১৯৯২ চনত মুক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজক শৈলধৰ বৰুৱা আৰু মুখ্য ভূমিকাত অভিনয় কৰে মলয়া গোস্বামীয়ে। চলচ্চিত্ৰখনে দ্বিতীয় শ্ৰেষ্ঠ বোলছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে মলয়া গোস্বামীয়েও শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
বনানী (চলচ্চিত্ৰ)
বনানী (Banani) হৈছে জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৯০ চনত মুক্তি লভা বোলছবিখনত অভিনয় কৰে বিষ্ণু খাৰঘৰীয়া, মৃদুলা বৰুৱা, সুশীল গোস্বামী, মনামী বেজবৰুৱা আদিয়ে। সংগীত পৰিচালনা সত্য বৰুৱা আৰু প্ৰশান্ত বৰদলৈৰ।
-
জাতিঙ্গা ইত্যাদি
জাতিঙ্গা ইত্যাদি..... (Jaatingaa Ityadi.....) হৈছে ২০০৭ চনত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। ৰুচিৰা আৰ্টচৰ বেনাৰত এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ পৰিচালক হৈছে সঞ্জীৱ সভাপণ্ডিত। এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে বিষ্ণু খাৰঘৰীয়া, বীণা পটংগীয়া, সৌৰভ হাজৰিকা ইত্যাদি।
-
মীমাংসা (চলচ্চিত্ৰ)
মীমাংসা (Mimanxa, The Verdict...) হৈছে সঞ্জীৱ হাজৰিকাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। নিৰ্মালী আৰ্টছৰ বেনাৰত নিৰ্মাণ সম্পন্ন হোৱা ছবিখন ১৯৯৪ চনত ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হৈছিল। ছবিখনৰ কাহিনী লিখিছিল সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে। ছবিখনে ১৯৯৮ চনত মুক্তি লাভ কৰে।
-
জুয়ে পোৰা সোণ
জুয়ে পোৰা সোণ (Juye Poora Xoon) হৈছে ২০০৪ চনৰ ৯ জানুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ কথাছবি। ছবিখনৰ কাহিনী-চিত্ৰনাট্য-সংলাপ লিখাৰ লগতে পৰিচালনাৰ দায়িত্বও পালন কৰিছিল সঞ্জীৱ সভাপণ্ডিতে।
-
ৱশ্ব'বিপো
ৱশ্ব’বিপো Wosobipo ১৯৯০ চনৰ কাৰ্বি ভাষাৰ এখন ৰঙীন চলচ্চিত্ৰ। গৌতম বৰা পৰিচালিত এইখন কাৰ্বি ভাষাৰ প্ৰথম ছবি। প্ৰযোজনা কৰিছিল কাৰ্বি আংলং জিলা পৰিষদে। সঙ্গীত শ্বেৰ চৌধুৰীৰ।
-
ক: য়াদ
ক: য়াদ (ইংৰাজী নাম: Ko: Yad -A Silent Way) হৈছে মঞ্জু বৰা পৰিচালিত মিচিং ভাষাত নিৰ্মিত ২০১৪ বৰ্ষৰ এখন অসমীয়া চলচ্চিত্ৰ। বিহু সংখ্যাৰ সাদিনত প্ৰকাশিত অনিল পাংগিঙৰ দ্বাৰা ৰচিত বহু পঠিত আৰু উচ্চ প্ৰশংসিত কঃ য়াদ নামৰ উপন্যাসখনৰ আধাৰত এই ছবিখন নিৰ্মিত হৈছে।
-
কালসন্ধ্যা (চলচ্চিত্ৰ)
কালসন্ধ্যা (कालसंध्या) হৈছে ১৯৯৭ চনত মুক্তি লাভ কৰা এখন হিন্দী ভাষাৰ বোলছবি। ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই পৰিচালনা কৰা ছবিখনে অসমত ঘটি থকা সামৰিক কাৰ্যকলাপক মুখ্য বিষয় হিচাপে উপস্থাপন কৰিছিল। বিদ্ৰোহে অসমৰ মানুহৰ জনজীৱনৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছিল, সেইয়া ছবিখনৰ জৰিয়তে দেখুৱাব বিচৰা হৈছিল।
-
ডাও হুদুনি মেথাই
ডাও হুদুনি মেথাই (दाव हुदुनि मेथाइ, Song of the Horned Owl) হৈছে মঞ্জু বৰাৰ দ্বাৰা পৰিচালিত ২০১৫ চনৰ বড়ো ভাষাৰ এখন চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ কাহিনী ৰশ্মিৰেখা বৰাৰ অসমীয়া উপন্যাস ডাও হুদুৰ গান -ৰ ওপৰত আধাৰিত।