অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনুপম খেৰ

অনুপম খেৰ (Anupam Kher, জন্ম-৭ মাৰ্চ ১৯৫৫) এজন ভাৰতীয় অভিনেতা, পৰিচালক আৰু প্ৰযোজক৷ তেওঁ মূলতঃ হিন্দী চিনেমাত কাম কৰে। চাৰি দশকৰো অধিক কালজুৰি বিস্তৃত হৈ থকা কেৰিয়াৰত তেওঁ ৫০০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে আৰু বহুতো প্ৰশংসা লাভ কৰিছে৷ তেওঁ ভাৰতীয় চিনেমাৰ এজন প্ৰবীণ শিল্পী।তেওঁ সমালোচকৰ দ্বাৰা…

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৬৪০ শব্দ · ৪ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

অনুপম খেৰ (Anupam Kher, জন্ম-৭ মাৰ্চ ১৯৫৫) এজন ভাৰতীয় অভিনেতা, পৰিচালক আৰু প্ৰযোজক৷ তেওঁ মূলতঃ হিন্দী চিনেমাত কাম কৰে। চাৰি দশকৰো অধিক কালজুৰি বিস্তৃত হৈ থকা কেৰিয়াৰত তেওঁ ৫০০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে আৰু বহুতো প্ৰশংসা লাভ কৰিছে৷ তেওঁ ভাৰতীয় চিনেমাৰ এজন প্ৰবীণ শিল্পী।১তেওঁ সমালোচকৰ দ্বাৰা প্ৰশংসিত বহু মুখ্য বা সহযোগী চৰিত্ৰকে ধৰি বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে। অভিনয়ৰ বাবে খেৰে দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু আঠটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।২ ভাৰত চৰকাৰে ভাৰতীয় চিনেমা আৰু কলালৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৪ চনত তেওঁক পদ্মশ্ৰী আৰু ২০১৬ চনত পদ্মভূষণ বঁটা প্ৰদান কৰে।

অনুপম খেৰে অভিনয়ত আত্মপ্ৰকাশ কৰে মহেশ ভাট পৰিচালিত ড্ৰামা ছবি সাৰনশ (১৯৮৪)ৰ জৰিয়তে৷ ছবিখনত খেৰে এজন বৃদ্ধ পিতৃৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। তেতিয়াৰ পৰাই তেওঁ ভালেমান সহযোগী চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। কৰ্ম (১৯৮৬), তেজাব (১৯৮৮) আৰু চালবাজ (১৯৮৯) আদি ছবিত নেতিবাচক চৰিত্ৰত অভিনয় কৰি তেওঁ দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰে। বিজয় নামৰ ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা লাভ কৰে। ১৯৮৯ চনত ৰাম লখন নামৰ ছবিখনৰ জৰিয়তে তেওঁৰ কৌতুকাভিনয়ৰ উচ্চ স্বীকৃতি লাভ কৰে আৰু কৌতুকাভিনয়ত শ্ৰেষ্ঠ অভিনয়ৰ বাবে ফিল্মফেয়াৰ বঁটা আৰু পৰৱৰ্তী সময়ত ডেডীৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – বিশেষ জুৰী বঁটা আৰু শ্ৰেষ্ঠ অভিনয়ৰ বাবে ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে। পিছৰ বছৰবোৰত তেওঁ দিল (১৯৯০), সৌদাগৰ, লামহে (দুয়োখন ১৯৯১), হম আপকে হায়ন কৌন (১৯৯৪), চাহাত (১৯৯৬), স্পেচিয়েল ২৬ (২০১৩) আৰু উঁচাই আদি ছবিৰ বাবে খেৰক ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটাৰ বাবে মনোনীত কৰা হয়। 'দিল হাই কি মান্তা নাহিন' (১৯৯১), 'শ্বোলা আৰু ছাবনাম' (১৯৯২), 'কুচ কুচ হোটা হ্যেয়' (১৯৯৮), দুলহান হাম লে জায়েংগে (২০০০) ছবিৰ বাবে কৌতুক অভিনয়ত শ্ৰেষ্ঠ অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শাখালৈ মনোনীত হৈছিল আৰু খেল (১৯৯২), ডাৰ (১৯৯৩) আৰু দিলৱালে দুলহানিয়া লে জায়েংগে (১৯৯৫)ত বঁটা অৰ্জন কৰিছিল।

খেৰৰ আন প্ৰশংসিত চৰিত্ৰসমূহৰ ভিতৰত আছে খোছলা কা ঘোছলা, বুদ্ধ মাৰ গয়া (দুয়োটা ২০০৬), এ ৱেডনেছডে! (২০০৮), বেবী (২০১৫), এম.এছ.ধোনী: দ্য আনটল্ড ষ্ট’ৰী (২০১৬) আৰু দ্য কাশ্মীৰ ফাইলছ (২০২২)৷ কাশ্মীৰ ফাইলছৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হয়। হিন্দী ছবিত কাম কৰাৰ লগতে তেওঁ গোল্ডেন গ্ল’বৰ বাবে মনোনীত হোৱা বেণ্ড ইট লাইক বেকহাম (২০০২), এং লীৰ গোল্ডেন লায়ন বিজয়ী NC-17 ৰেটিং লাভ কৰা লাষ্ট, ক’চন (২০০৭), ডেভিড অ’ ৰাছেলৰ অস্কাৰ-বিজয়ী ছিলভাৰ লাইনিংছ প্লেবুক (২০১২) আৰু এন্থনী মাৰাছৰ হোটেল মুম্বাই (২০১৯)তো অভিনয় কৰিছে। ব্ৰিটিছ টেলিভিছন ছবি দ্য বয় উইথ দ্য টপকনট (২০১৮)ত সহযোগী চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বাফটাৰ মনোনয়ন লাভ কৰে।৩

ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব'ৰ্ড আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৪ খেৰক ২০১৭ চনৰ অক্টোবৰ মাহত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (FTII)ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।৫ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি থকা তেওঁৰ সমৰ্থনৰ বাবে এই নিযুক্তিয়ে সেই সময়ত কিছু বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল৷৬৭৮৯ এবছৰৰ পিছত তেওঁ আমেৰিকীয় টিভি শ্ব' নিউ আমষ্টাৰডামত মনোনিৱেশৰ কথা উল্লেখ কৰি উক্ত অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে।১০

প্ৰাথমিক জীৱন আৰু পটভূমি

১৯৫৫ চনৰ ৭ মাৰ্চত চিমলাত কাশ্মীৰী পণ্ডিত পৰিয়ালত অনুপম খেৰৰ জন্ম হৈছিল।১১১২ তেওঁৰ পিতৃ পুষ্কৰ নাথ খেৰ হিমাচল প্ৰদেশৰ বন বিভাগৰ কেৰাণী আৰু মাতৃ দুলাৰী খেৰ এগৰাকী গৃহিণী আছিল।১৩১৪তেওঁ শিমলাৰ ডি এ ভি স্কুলত শিক্ষা গ্ৰহণ কৰে।১৫ তেওঁ শিমলাৰ হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ৰ সঞ্জাউলীৰ চৰকাৰী মহাবিদ্যালয়ত অৰ্থনীতি বিজ্ঞান অধ্যয়ন কৰিছিল যদিও চণ্ডীগড়ৰ পাঞ্জাব বিশ্ববিদ্যালয়ত ভাৰতীয় নাট্যশাস্ত্ৰ অধ্যয়ন কৰিবলৈ বাদ দিছিল।১৬

১৯৭৮ চনত খেৰে নতুন দিল্লীৰ নেচনেল স্কুল অৱ ড্ৰামা (এন এছ ডি)ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৪ তেওঁৰ আৰম্ভণিৰ কিছুমান অভিনয় হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ত প্ৰদৰ্শিত নাটকত আছিল।১৭পৰিচালনাৰ প্ৰথম চিনেমা শ্বীশা কা ঘৰৰ সৰু অংশৰ বাবে তেওঁ ৰাজ বিছাৰিয়াৰ লক্ষ্ণৌৰ ভাৰতেন্দু নাট্য একাডেমীত নাটকৰ শিক্ষা দিছিল।৬১৮

ব্যক্তিগত জীৱন

১৯৭৯ চনত খেৰে অভিনেত্ৰী মধুমলতী কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদিও কেইবছৰমানৰ পিছত বিচ্ছেদ হয়।১৯ ১৯৮৫ চনত তেওঁ বিজেপিৰ অন্তৰ্গত চণ্ডীগড়ৰ সংসদৰ সদস্য অভিনেত্ৰী কিৰণ খেৰ২০ক বিয়া কৰায়।২১২২তেওঁৰ পুত্ৰ হৈছে অভিনেতা ছিকন্দৰ খেৰ।২৩ ২০১০ চনত তেওঁক ভাৰতত শিশুৰ শিক্ষাৰ উন্নতিৰ বাবে চেষ্টা কৰা প্ৰথম এডুকেচন ফাউণ্ডেশ্যনৰ সদিচ্ছা ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়।২৪ খেৰ ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এজন প্ৰবল সমৰ্থক।৬২৫২৬

২০২১ চনৰ ২০ ছেপ্টেম্বৰত খেৰক আমেৰিকাৰ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা হিন্দু অধ্যয়ন দৰ্শনত সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।২৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Been there, done that! Anupam Kher starts shooting for 501st film. The Economic Times. IANS
  2. ↑ Anupam Kher Awards: List of awards and nominations received by Anupam Kher. The Times of India
  3. ↑ (4 April 2018). Anupam Kher bags BAFTA Awards 2018 nomination for The Boy with the Topknot; Here's the Complete List. Indiatvnews
  4. ↑ NSD Graduates
  5. ↑ (11 October 2017). Anupam Kher appointed FTII chairman. The Economic Times
  6. ↑ Bamzai, Kaveree. (31 July 2019). The double life of Anupam Kher: Hollywood's favourite desi & BJP's pin-up patriot. The Print
  7. ↑ Kaushik, Krishn. (12 October 2017). Anupam Kher appointed new FTII chairman: His politics in his tweets, from award wapsi to JNU. The Indian Express
  8. ↑ (12 October 2017). Why Anupam Kher's Appointment As FTII Chairman Is Problematic. HuffPost India
  9. ↑ (31 August 2018). Naseeruddin Shah on FTII Chairman Anupam Kher: I Don't Think He's Been There More Than Twice. News18
  10. ↑ Anupam Kher Resigns as FTII Chairman Citing 'International Assignments'. NDTV.com
  11. ↑ Sundaram, Lasyapriya. (10 March 2017). Robert De Niro made Anupam Kher's birthday special. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  12. ↑ (11 April 2009). Anupam Kher to work for Empowerment of Kashmiri Pandit Community. Hindustan Times
  13. ↑ Sawhney, Anubha. (13 June 2002). Anupam Kher: A retake of life's scenes. The Times of India
  14. ↑ (13 February 2012). Shimla's coffee house will miss Anupam Kher's father. The Times of India
  15. ↑ (13 June 2019). Anupam kher speaks at oxford union thanks students after talking about cinema and india. Hindustantimes
  16. ↑ (5 October 2018). Small town boy with big dreams, Anupam Kher says the city made me who I am. Hindustan Times
  17. ↑ Sanjay Mukherjee says. Kuch Bhi Ho Sakta Hai: Anupam Kher's life struggle. Southasiatimes.com.au
  18. ↑ SHEESHAY KA GHAR · British Board of Film Classification. bbfc.co.uk
  19. ↑ Kumar, Ramesh. (8 March 2023). कहां हैं अनुपम खेर की पहली पत्नी? कई फिल्मों में किया काम, टूट चुकी है दूसरी शादी, अब जी रहीं ऐसी जिंदगी. News18
  20. ↑ (26 August 2019). Anupam Kher shares wedding pic to wish wife Kirron Kher on anniversary, says 'loved the lived quality of our lives together'. Hindustan Times
  21. ↑ (2 July 2014). Anupam Kher on Kirron: I don't get to meet my wife much now. The Indian Express
  22. ↑ Sawhney, Anubha. (13 July 2002). Anupam Kher: A retake of life's scenes. The Times of India
  23. ↑ (7 March 2017). Sikandar Kher Reveals Why He Can't Ask Anupam Kher To 'Recommend His Name' For Films. NDTV.com
  24. ↑ Anupam Kher's new role. movies.rediff.com
  25. ↑ (12 March 2016). Don't mind being called 'chamcha' of Narendra Modi: Anupam Kher. Hindustan Times
  26. ↑ (July 2019). Anupam Kher Meets Narendra Modi, Says PM's Vision for India is Reassuring. News18
  27. ↑ (20 September 2021). 'Address me as Dr Kher': Proud Anupam Kher welcomes honorary doctorate by Hindu University of America. The Economic Times

সম্পৰ্কিত শ্ৰেণী

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ভাৰত) বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীঅভিনয় শিল্পীচলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তিচলচ্চিত্ৰ প্ৰযোজকচলচ্চিত্ৰ পৰিচালকহিন্দী চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুপম খেৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৬৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।