মেধা পাটকৰ (Medha Patkar, মাৰাঠী ভাষা: मेधा पाटकर) ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ সমাজকৰ্মী।১ নৰ্মদা বচাও আন্দোলনত পালন কৰা উল্লেখনীয় ভূমিকাৰ বাবে এখেত বিখ্যাত।
ব্যক্তিগত জীৱন
১৯৫৪ চনৰ ১ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইত মেধা পাটকৰৰ জন্ম হয়।
টাটা সামাজিক বিজ্ঞান সংস্থানৰ পৰা সমাজ সেৱা বিভাগত এখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
সন্মান আৰু পুৰস্কাৰ
- ৰাইট লাইভলিহুড এৱাৰ্ড (Right Livelihood Award), ১৯৯১ চন, ছুইডেন২
- গ'ল্ডমেন পৰিবেশ পুৰস্কাৰ, ১৯৯২ চন, ছানফ্ৰান্সিস্ক', কেলিফৰ্ণিয়া
- গ্ৰীন ৰিবন এৱাৰ্ড
সমালোচনা
২০১০ চনত মহাৰাষ্ট্ৰ ৰাজ্যৰ জৈতাপুৰ আনৱিক শক্তি প্ৰকল্পৰ বিৰোধিতা নকৰা বাবে মেধা পাটকৰকলৈ স্থানীয় সমাজকৰ্মী সমুহ অসন্তুস্থ হৈ উঠে। এজন স্থানীয় সমাজকৰ্মীয়ে "মেধা পাটকৰে নিজেই আগভাগ লোৱা বিষয়সমুহ পাচলৈ পৰিত্যাগ কৰে। গতিকে তেখতৰ কথাক আগলৈ গুৰুত্ব সহকাৰে বিবেচনা কৰিব পৰা নাযাব" বুলি মন্তব্য দিয়ে।৩
বহিঃ সংযোগ
- Friends of the river Narmada
- Articles written by Medha Patkar
- Speech by Medha Patkar at the 2nd World Water Forum in The Hague, March 2000
- Interview with Amy Goodman on Democracy Now!, March 2009 (video, audio, and print transcript)
তথ্যসূত্ৰ
- ↑ Sanger, Vasundhara. "A mother speaks: I worry for her but I know Medha is right" . The Times Of India
- ↑ Right Livelihood Award website
- ↑ Medha fan base shrinks in Konkan, The Sunday Guardian,Retrieved 2010-12-29
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেধা পাটকৰ” প্ৰবন্ধৰ সংশোধন ৫২৭৭৫৮ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।