অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিপ্লৱী (চলচ্চিত্ৰ)

বিপ্লৱী (Biplobi) ১৯৫০ চনত মুক্তি পোৱা অসিত সেন পৰিচালিত আৰু কৃষ্ণা ফিল্মচৰ বেনাৰ কালীপ্ৰসাদ বিহানীৰ দ্বাৰা প্ৰযোজিত এখন অসমীয়া কথাছবি। বিপ্লৱী আছিল পিছলৈ বঙালী আৰু হিন্দী চলচ্চিত্ৰৰ পৰিচালক হিচাপে খ্যাতি অৰ্জন কৰা পৰিচালক অসিত সেনৰ প্ৰথম ছবি।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৯১
সংশোধনৰ পৰামৰ্শ

বিপ্লৱী (Biplobi) ১৯৫০ চনত মুক্তি পোৱা অসিত সেন পৰিচালিত আৰু কৃষ্ণা ফিল্মচৰ বেনাৰ কালীপ্ৰসাদ বিহানীৰ দ্বাৰা প্ৰযোজিত এখন অসমীয়া কথাছবি। বিপ্লৱী আছিল পিছলৈ বঙালী আৰু হিন্দী চলচ্চিত্ৰৰ পৰিচালক হিচাপে খ্যাতি অৰ্জন কৰা পৰিচালক অসিত সেনৰ প্ৰথম ছবি। চলাচল (বঙালী), পঞ্চতপা (বঙালী), জীৱন-তৃষ্ণা (বঙালী), মমতা (হিন্দী), বিৰাজ বহু (হিন্দী) আদি হ'ল সেনে পৰিচালনা কৰা কেইখনমান প্ৰখ্যাত ছবি।১

কাহিনী

১৯৪২ চনৰ গণ আন্দোলনৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছিল।১ 'বিপ্লৱী' দেশৰ বাবে আত্মত্যাগ কৰা এজন বিপ্লৱীৰ কাহিনী।২৩

অভিনয়

গীত

শিৱপ্ৰসাদ ভট্টাচাৰ্যই ছবিখনৰ সঙ্গীত পৰিচালনা কৰিছিল। গীত লিখিছিল ভূপেন হাজৰিকা আৰু মলিন বৰাই। গাইছিল ভূপেন হাজৰিকা, শিৱপ্ৰসাদ ভট্টাচাৰ্য আদিয়ে।৪

গীত সংকলন ৱেবচাইটত বিপ্লৱীৰ গীত

তথ্যসূত্ৰ

  1. ↑ মঞ্চলেখা, পৃঃ ৩১০, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুকষ্টল, গুৱাহাটী, ১৯৯৫
  2. ↑ Biplobi- Assamese Film
  3. ↑ Assamese Movie List
  4. ↑ (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন,পৃঃ ২৪-২৬, সংকলক/সম্পাদন বাবুল দাস, বাণী মন্দিৰ, ডিব্ৰুগড়

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিপ্লৱী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮২১০৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।