বিনীতা বৰগোহাঁই (Binita Borgohain) অসমৰ এগৰাকী অভিনয় শিল্পী। তেওঁ মূলতঃ ১৯৭৫ চনত মুক্তিলাভ কৰা আব্দুল মজিদ পৰিচালিত চামেলি মেমচা'ব চলচ্চিত্ৰৰ নাম-ভূমিকাত অভিনয় কৰাৰ বাবে পৰিচিত। ইয়াৰোপৰি তেওঁ সত্ৰীয়া নৃত্য আৰু নাটকৰো অনুশীলন কৰিছিল।১
প্ৰাৰম্ভিক জীৱন
বিনীতা বৰগোহাঁইৰ জন্ম হয় যোৰহাট চহৰত। তেওঁৰ পিতৃ চন্দ্ৰ বৰগোহাঁই আৰু মাতৃ ৰাণী গোহাঁই। পিতৃৰ চাকৰিসূত্ৰে তেওঁ শিৱসাগৰৰ শিমলুগুৰিত থাকিবলগা হয় আৰু নিজৰ শিক্ষাজীৱন শিৱসাগৰতে আৰম্ভ কৰে। শৈশৱৰে পৰা বৰগোহাঁইৰ খেলা-ধূলা আৰু নৃত্যৰ প্ৰতি ধাউতি আছিল। তেওঁ গুৰু মাখন বৰা আৰু বাপুৰাম বৰাৰ ওচৰত নৃত্যৰ আদিপাঠ শিকিছিল। তেওঁ শিৱসাগৰ নাট্য মন্দিৰত নাটকৰো শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ লগতে তেওঁ ৰাসৰ সময়ত হোৱা ভাওনাত অংশগ্ৰহণ কৰি দৰ্শকৰ সমাদৰ লাভ কৰিছিল। অভিনয়ৰ ক্ষেত্ৰত তেওঁ আব্দুল মজিদ আৰু প্ৰফুল্ল বৰুৱাৰ তত্ত্বাৱধান লাভ কৰিছিল।১
অভিনয় জীৱন
বিনীতা বৰগোহাঁয়ে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰথম ভূমুকি মাৰে ১৯৭৩ চনত মুক্তিলাভ কৰা ৰশ্মিৰেখা নামৰ চলচ্চিত্ৰখনৰ যোগেদি। ছবিখনৰ 'পলাশ ৰাঙলী হ'ল' শীৰ্ষক গীতটিত তেওঁ এগৰাকী পাহাৰীয়া ছোৱালীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ইয়াৰ পিছত তেওঁ ১৯৭৩ চনতেই মুক্তিলাভ কৰা নিপ বৰুৱাৰ সোণতৰা ছবিখনত অভিনয় কৰে। ১৯৭৫ চনত তেওঁ নিৰোদ চৌধুৰীৰ এটা চুটিগল্পৰ আধাৰত নিৰ্মিত আৰু আব্দুল মজিদ পৰিচালিত ক'লা-বগা চলচ্চিত্ৰ চামেলি মেমচা'বৰ নাম-ভূমিকাত অভিনয় কৰাৰ সুযোগ লাভ কৰে। সেই সময়ত তেওঁ দশম শ্ৰেণীত পঢ়ি আছিল। এই চলচ্চিত্ৰখন বৰগোহাঁইৰ অভিনয় জীৱনৰ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়। ইয়াত তেওঁৰ ওঁঠত কেইবাটাও জনপ্ৰিয় গীত দিয়া হৈছিল।১ এই ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ লগতে এই ছবিখনত কৰা সংগীত পৰিচালনাৰ বাবে ড° ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।২
ব্যক্তিগত জীৱন
বিনীতা বৰগোহাঁই চামেলি মেমচাব চলচ্চিত্ৰৰ ছাউণ্ড ৰেকৰ্ডিষ্ট প্ৰবীৰ মিত্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এক পুত্ৰ সন্তান আছে।১
তথ্যসূত্ৰ
- ↑ কুমাৰ ভাস্কৰজ্যোতি. (অক্টোবৰ ২০১১). 'চামেলি মেমচাবৰ মধুৰ স্মৃতিয়ে আজিও আমনি কৰে' বিনীতা বৰগোহাঁই মিত্ৰ. নন্দিনী. পৃ. ১৩০-১৩২
- ↑ (17 November, 2021). ৭০ দশকত খলকনি তোলা ‘চামেলি মেমচাব’আহি আছে নতুন ৰূপত... আমাৰ অসম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনীতা বৰগোহাঁই” প্ৰবন্ধৰ সংশোধন ৩৭৬৪৭২ (৩১ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।