বিজনী মহাবিদ্যালয় ভাৰত-ভূটান সীমান্তত বিজনী নামৰ ঠাইত এই মহাবিদ্যালয়খন অৱস্থিত। মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।১২
ইতিহাস
নিজৰ যৌৱন সময়ৰ অধিক গৌৰৱময় ভৱিষ্যতৰ চিন্তা কৰি, বিজনীৰ কেইজনমান উৎসাহী আৰু দূৰদৰ্শী নাগৰিকে বিজনী চহৰত উচ্চ শিক্ষাৰ এক প্ৰতিষ্ঠান স্থাপন কৰাৰ সন্মানজনক সাহস দেখুৱাইছিল। তেওঁলোকৰ এই পৰিকল্পনাটো ১৯৬৯ চনৰ ২১ জুলাই তাৰিখে, যি দিনটোত মানুহে প্ৰথমবাৰৰ বাবে চন্দ্ৰত ভৰি দিছিল, সেই ঐতিহাসিক দিনটোতেই সাৰ্থকতা লাভ কৰিছিল। তেওঁলোকৰ উৎসাহ, অক্ষয় শক্তি আৰু ত্যাগৰ ফলত এই পদক্ষেপ সফল হয়।
প্ৰথমতে এই প্ৰতিষ্ঠানটোৰ নাম "বিজনী টিউটৰিয়েল কলেজ" হিচাপে ৰখা হৈছিল আৰু কেৱল কলা শাখাৰে আৰম্ভ হৈছিল। কলেজখন বিজনী ইয়ং লেডিজ ছেকেণ্ডাৰী স্কুলৰ পৰা আৰম্ভ হৈছিল, য’ত মুঠ ছয়জন শিক্ষক আৰু ৭৬ জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিছিল। কোকৰাঝাৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰয়াত ৰমণি কান্ত শৰ্মাই অস্থায়ীভাৱে অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল। তাৰ পাছত, প্ৰয়াত উদয় চন্দ্ৰ দাসে স্থায়ী অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল আৰু তেওঁৰ অৱসৰলৈকে এই পদত অধিষ্ঠিত আছিল।
১৯৭০ চনৰ ১৮ মাৰ্চ তাৰিখে তৎকালীন গোৱালপাৰা জিলাৰ উপায়ুক্ত কমল কিশোৰ সোণোৱালে কলেজৰ মূল ভবনৰ আধাৰশিলা স্থাপন কৰিছিল। পিছলৈ ১৯৭১ চনৰ ২৭ জুলাই তাৰিখে কলেজখন নিজৰ নতুন ভৱনত স্থানান্তৰিত হয় আৰু সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীয়ে কলেজখনৰ উদ্বোধন কৰিছিল।৩
বিভাগসমূহ
কলা
- অসমীয়া ভাষা বিভাগ
- বঙালী ভাষা বিভাগ।
- বড়ো ভাষা বিভাগ।
- ইংৰাজী ভাষা বিভাগ।
- শিক্ষা বিভাগ।
- অৰ্থনীতি বিভাগ।
- ইতিহাস বিভাগ।
- ৰাজনীতি বিজ্ঞান বিভাগ।
- দৰ্শন বিভাগ।
বিজ্ঞান
- উদ্ভিদবিজ্ঞান বিভাগ।
- ৰসায়ন বিজ্ঞান বিভাগ।
- গণিত বিভাগ।
- পদাৰ্থ বিজ্ঞান বিভাগ।
- প্ৰাণীবিজ্ঞান বিভাগ।
স্বীকৃতি
২০১৭ চনত কলেজখনক জাতীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ (NAAC)ৰ দ্বাৰা ‘B+’ শ্ৰেণী প্ৰদান কৰা হৈছিল।৪ লগতে এই কলেজখন বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰাও স্বীকৃত।৫
তথ্যসূত্ৰ
- ↑ Affiliated Colleges. Guahati University
- ↑ Provincialised colleges affiliated to Guahati University. Directorate of Higher Education, Assam
- ↑ Brief History of College
- ↑ CCycle211587. National Assessment & Accreditation Council
- ↑ Colleges in Assam. University Grants Commission
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজনী মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫০৯১৫১ (১৬ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।