ড॰ বিনয় কুমাৰ শইকীয়া (Binoy Kumar Saikia) এগৰাকী ভাৰতীয় বিজ্ঞানী। তেওঁ বৰ্তমান অসমৰ যোৰহাটত অৱস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ কয়লা ৰসায়ন বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী।১ তেওঁ বিশেষকৈ কাৰ্বন নেনোমেটেৰিয়েল আৰু সেইবোৰৰ প্ৰয়োগ, পাৰিপাৰ্শ্বিক নেনো-খনিজবিজ্ঞান, এৰোচ'ল কেমিষ্ট্ৰী আৰু নিম্ন-শ্ৰেণীৰ কয়লাৰ ব্যৱহাৰৰ বিষয়ৰ গৱেষণাৰ সৈতে জড়িত। ২০২১ চনত ভাৰত চৰকাৰে তেওঁক 'ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান' শিতানত শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰে।২ এই বঁটা ভাৰতৰ সৰ্বোচ্চ বৈজ্ঞানিক বঁটা।৩ ২০২২ চনত তেওঁক অসম চৰকাৰে অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটা প্ৰদান কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
অসমৰ গোলাঘাটৰ জোনাকী নগৰত বিনয় কুমাৰ শইকীয়াৰ জন্ম হৈছিল। ১৯৯৮ চনত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কটন বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২০০৫ চনত তেওঁ অসমৰ যোৰহাটত অৱস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানত গৱেষণা কৰি ৰসায়ন বিজ্ঞানৰ পিএইছডি ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
পিএইচডি ডিগ্ৰী অৰ্জন কৰাৰ পিছত তেওঁ ২০০৫ চনৰ মাৰ্চ মাহত বৈজ্ঞানিক সহায়ক হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ত যোগদান কৰে। ২০০৯ চনৰ ডিচেম্বৰ মাহত তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ৰসায়ন বিজ্ঞান পৰীক্ষাগাৰৰ দায়িত্ব ত্যাগ কৰে আৰু ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ গুণগত মানদণ্ড নিয়ন্ত্ৰণ বিষয়া হিচাপে যোগদান কৰে। পেট্ৰ'লিয়াম সামগ্ৰীৰ মানদণ্ড নিৰীক্ষণ আৰু মূল্যায়নৰ সৈতে প্ৰায় এক বছৰ ১০ মাহ জড়িত থকাৰ পিছত তেওঁ ২০১১ চনৰ ছেপ্টেম্বৰ মাহত বিজ্ঞানী হিচাপে উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানত যোগদান কৰে। তেওঁৰ গৱেষণাৰ বিষয় মূলতঃ পৰিষ্কাৰ কয়লা প্ৰযুক্তি আৰু নেনো-খনিজ বিজ্ঞান। ২০১৬ চনত তেওঁ জ্যেষ্ঠ বিজ্ঞানী হিচাপে পদোন্নতি লাভ কৰে।১
গৱেষণা
ড॰ শইকীয়া উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ কয়লা আৰু শক্তি গৱেষণা গোটৰ জ্যেষ্ঠ বিজ্ঞানী। কয়লা আৰু শক্তি গোট ভাৰত আৰু বিদেশত কয়লা বিজ্ঞান আৰু প্ৰযুক্তি আৰু শক্তি-পৰিৱেশ আন্তঃপৃষ্ঠৰ ক্ষেত্ৰত গৱেষণাৰ লগত জড়িত গৱেষণা গোট। তেওঁ এই গোটৰ জৰিয়তে কেইবাটাও প্ৰকল্পৰ লগত জড়িত। যেনে: উত্তৰ-পূব ভাৰতীয় কয়লা, পেট্ৰ'লিয়াম আৰু বায়োমাছৰ পৰা মূল্য সংযোজন কৰা সামগ্ৰী; কাৰ্বনেচিয়াছ এৰোচ'ল নিৰ্গমন, উৎস বিভাজন আৰু জলবায়ু প্ৰভাৱ; উত্তৰ-পূব ভাৰতীয় কয়লাৰ শ্ৰেণীকৰণ ইত্যাদি। তদুপৰি তেওঁ কয়লা সম্পদ গুণমান মূল্যায়ন কেন্দ্ৰ আৰু কয়লাৰ গুণগত মানদণ্ড নিয়ন্ত্ৰণ গৱেষণাগাৰত পৰীক্ষা আৰু মূল্যাঙ্কন আৰু নিম্ন-শ্ৰেণীৰ কয়লা উপকাৰ, কম্বাষ্টন, পুনৰুদ্ধাৰ নোহোৱা কোক অভেন, ব্ৰিকুৱেটিং আৰু নডুলাইজেচন যন্ত্ৰৰ বাবে পাইলট প্ৰকল্পৰ প্ৰক্ৰিয়া বিকাশৰ লগতো জড়িত।১
বিজ্ঞানী ড॰ শইকীয়াই কৰ্কট ৰোগৰ কোষ চিনাক্তকৰণৰ বাবে দেহৰ কৰ্কট আক্ৰান্ত কোষ নিৰূপণকে ধৰি চিকিৎসাক্ষেত্ৰত কাৰ্বন আধাৰিত এক অতি ক্ষুদ্ৰাকৃতিৰ পদাৰ্থ ব্যৱহাৰ কৰা উৎপাদনৰ এনে এক কৌশল উদ্ভাৱন কৰিছিল। এই পদ্ধতিয়ে CQDৰ খৰচ আমদানিকৃত CQDৰ বিশ ভাগৰ এভাগলৈ হ্ৰাস কৰিলে।৪৫
বৰ্তমানলৈকে তেওঁৰ নামত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠতে চাৰিটা পেটেণ্ট আছে। তেওঁৰ এতিয়ালৈকে মুঠ ৬৫খন গৱেষণা পত্ৰ বহু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰিকাত প্ৰকাশিত হৈছে।১৪
বঁটা আৰু সন্মান
ড॰ শইকীয়াই বিজ্ঞান ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। তেওঁ ২০০৫ চনত ভাৰতীয় খনিজ অভিযন্তা প্ৰতিষ্ঠানৰ দ্বাৰা একাডেমিক/উদ্যোগ শিতানত আইআইএমই কয়লা উপকাৰ বঁটা লাভ কৰিছিল। ২০০৯ চনত মালয়েছিয়াৰ কুয়ালালামপুৰত অনুষ্ঠিত নিউট্ৰন আৰু এক্স-ৰে স্কেটাৰিং নিষয়ে আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সময়ত ইণ্টাৰনেচনেল ইউনিয়ন ফৰ ক্ৰিষ্টালগ্ৰাফীৰ পৰা যুৱ বিজ্ঞানী বঁটা তেওঁ লাভ কৰিছিল। তেওঁ ২০১২ চনত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কয়লা মন্ত্ৰীৰ পৰা ৰাজীৱ গান্ধী উৎকৰ্ষ বঁটা প্ৰাপ্তকৰ্তা আছিল। ২০১৪ চনত মিনাৰেল ইঞ্জিনিয়াৰিং চাইন্স এছ'চিয়েচন অফ ইণ্ডিয়া বঁটা লাভ কৰিছিল। ২০১৫ চনৰ ৫-৮ অক্টোবৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিটাৰ্ছবাৰ্গ বিশ্ববিদ্যালয়ত অনুষ্ঠিত পিটাৰ্ছবাৰ্গ কয়লা সন্মিলনত তেওঁ "সন্মানীয় উল্লেখ কাৰিকৰী কাকতৰ বাবে বঁটা" শ্ৰেণীৰ শ্ৰেষ্ঠ গৱেষণা পত্ৰ বঁটা লাভ কৰিছিল। এমজিএমআইৰ দ্বাৰা খনিজ উপকাৰত অসামান্য অৱদানৰ বাবে তেওঁ ২০১৫-১৬ চনৰ বাবে ড॰ আৰ পি ভাটনাগৰ বঁটা লাভ কৰিছিল।১ ২০২১ চনত ভাৰত চৰকাৰে তেওঁক 'ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান' শিতানত শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰে।৬
অসম চৰকাৰে শইকীয়াক ২০২২ বৰ্ষৰ অসম সৌৰভ বঁটাৰে সন্মানিত কৰে।
তথ্যসূত্ৰ
- ↑ Biodata
- ↑ (26 September 2021). সুখবৰঃ শান্তি স্বৰূপ ভাটনাগৰ বঁটা-২০২১ লাভ কৰিছে অসম সন্তান ড॰ বিনয় কুমাৰ শইকীয়াই
- ↑ (2021). View Bhatnagar Awardees. Shanti Swarup Bhatnagar Prize
- ↑ (26 September 2021). অসমৰ বিজ্ঞানী বিনয় কুমাৰ শইকীয়ালৈ দেশৰ সৰ্বোচ্চ বিজ্ঞান সন্মান
- ↑ (19 June 2021). Cancer cell detection ‘dots’ developed from coal in Assam
- ↑ Assam scientist wins Shanti Swarup Bhatnagar Prize
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনয় কুমাৰ শইকীয়া” প্ৰবন্ধৰ সংশোধন ৬১১৮৬২ (১১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।