অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বনশাক

স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণে অতীজৰ পৰা অসমৰ লোক-সংস্কৃতিত বিভিন্ন প্ৰকাৰৰ ফল-মূল, শাক-পাচলি, গছ-বন আদি ব্যৱহৃত হৈ আহিছে। এই খাদ্য সামগ্ৰীবিলাক পুৰিপুষ্টি আৰু ঔষধি গুণেৰে ভৰপূৰ।

হালনাগাদ: ১৪ জুন ২০২৪ ২৭৯ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণে অতীজৰ পৰা অসমীয়া লোক-সংস্কৃতিত বিভিন্ন প্ৰকাৰৰ ফল-মূল, শাক-পাচলি, গছ-বন আদি ব্যৱহৃত হৈ আহিছে। এই খাদ্য সামগ্ৰীবিলাক পুৰিপুষ্টি আৰু ঔষধি গুণেৰে ভৰপূৰ।১

পুৰণি কালত বন শাকৰ ব্যৱহাৰ

অতীতত অসমীয়া জাতিৰ পানীলগা জ্বৰ কাহ হ’লে শোকোতা, তিতা ভেকুৰী আদি খাইছিল, মাত ভাগিলে শুকান ভীমকলৰ বাকলি পুৰি খাৰনী উলিয়াই তাৰে ভাত ভাজি খাই মাত উলিয়াইছিল।২ প্ৰসূতি মাতৃক ভেদাইলতা, মানিমুনি, মাটিকাদুৰী বনজালুক আদিৰে জালুকীয়া আঞ্জা খুৱাই সবল কৰিছিল। গ্ৰহণীত কুতজ গছৰ ছালৰ ৰস খাই ভাল কৰিছিল আৰু গাঁৱলীয়া সমাজত এই গছৰ ৰস এতিয়াও খায়। ভেদবমি হ’লে খৰধৰকৈ বেলপাত পিহি তাৰ ৰস পানীত মিহলাই খুৱাইছিল। শোবে ধৰা ল’ৰা-ছোৱালীক কাউৰী মণিৰ মালা পিন্ধাই ভাল কৰিছিল। এই মণিবিলাকৰ গোন্ধটোৱেই ঔষধৰ কাম কৰিছিল।২

কেইবিধমান বনশাকৰ নাম

  • পচতীয়া
  • লাই শাক
  • বৰ মানিমুনি
  • কাটা খুতৰা
  • ভেদাই লতা
  • টেঙেচি
  • মাটি কাদুৰি
  • দোৰোণ বন
  • পদিনা
  • টেঙা মৰা
  • সৰু মানিমুনি
  • জিলিমিলি/জিলমিল শাক
  • ব্ৰাহ্মী শাক
  • বাবৰি
  • মছন্দৰী
  • চুকা
  • লফা
  • মৰলীয়া
  • মান ধনিয়া
  • নৰসিংহ
  • ৰঙা খুটৰা/হাঁহঠেঙীয়া
  • ঢেঁকীয়া
  • পালেং
  • বেতগাঁজ
  • ব্ৰাহ্মী শাক
  • খুতুৰা শাক
  • মালভোগ শাক
  • মানিমুনি
  • ৰহৰ দাইলৰ পাত
  • মাটিকাদুৰী
  • লাইজাবৰী
  • লাচকচি শাক
  • বন ধনিয়া
  • কাচিদৰীয়া বন
  • ছজিনা
  • কেহেৰাজ
  • পূৰৈ শাক

লোক সাহিত্যত বনশাক

অসমীয়া সমাজত বনশাকৰ ওপৰত বহুতো ডাকৰ বচন, প্ৰবচন আছে।

<center>

“ৰাতি শেহে যি জনে পিয়ে পানী,

তাৰ চিৰকাল জীৱন জানি।

ডেৰ পৰ হ’লে খাব ভাত,

বল শোভা আদি পাব গাত।

ডাকে বোলে পানী শীতলী কৰি,

খালে তাৰ গাৱে পাসৰী।

একেবাৰে উদৰত নিদিবা ভৰা,

আচোক ভাল পাব দেহক এৰা।

কাণত কচু নাভিত তেল,

তাৰ ঘৰত কি বেজৰ মেল। ”<center>

ইয়াৰ অৰ্থ হৈছে- ৰাতিও চেঁচাপানী খাব লাগে, পেটভৰাই ভাত খাব নালাগে। অসমীয়া সমাজৰ এটা নিয়ম আছে যে, ভাত খাই উঠি এটা জলপান খাব পৰা ভোক ৰাখি থ’ব লাগে। প্ৰবচন অনুসৰি কোৱা হয়, "কঁচু ওলাওঁতে আৰু সোমাওঁতে খাবা।" এই কচুত প্ৰচুৰ পৰিমাণে ভিটামিন ক (A) আৰু ভিটামিন গ (C) আছে। মাজে মাজে কচু খাই থাকিলে গৰল ৰোগ নহয়।২

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ ড॰ গুণাৰাম খনিকৰ. (২০১১). অসমৰ লোক-সংস্কৃতিত বন দৰৱৰ ব্যৱহাৰ. বাঁহী. পৃ. পৃষ্ঠা: ৪
  2. ↑ আনন্দ চন্দ্ৰ দত্ত. (২০০৯). ব’হাগী বন শাকৰ বতৰা. বসুন্ধৰা. পৃ. পৃষ্ঠা:৬

সম্পৰ্কিত শ্ৰেণী

অসমৰ খাদ্যশাক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনশাক” প্ৰবন্ধৰ সংশোধন ৪২২৯৬৫ (১৪ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।