বসন্ত কুমাৰ শৰ্মা (Basanta Kumar Sharma) এগৰাকী সাহিত্যিক, সমালোচক, সম্পাদক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক। তেখেতে গ্ৰন্থ প্ৰকাশক ৰূপেও অসমৰ সমাজ জীৱনলৈ অৱদান আগবঢ়াইছে।
তেখেতৰ জন্ম হৈছিল নলবাৰী জিলাৰ বিহামপুৰ অঞ্চলত। জন্মৰ তাৰিখি ১ ছেপ্টেম্বৰ, ১৯৪৫ চন। তেখেতৰ পিতৃৰ নাম শৰৎ চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম হেমাৱতী দেৱী
শিক্ষা
প্ৰাথমিক শিক্ষা: ১৫৫ নং বিহামপুৰ বালক প্ৰাইমেৰী স্কুল, বিহামপুৰ
প্ৰবেশিকা: বনগাঁও হাইস্কুল, বনগাঁও, নলবাৰী, (১৯৬০ চন)
আই.এ.: নলবাৰী কলেজ, নলবাৰী (১৯৬২ চন)
বি.এ.: আৰ্য্য বিদ্যাপীঠ কলেজ, গুৱাহাটী (১৯৬৪ চন)
এম.এ.: গুৱাহাটী বিশ্ববিদ্যালয় (ইংৰাজী বিষয়, ১৯৬৯ চন)
এম.এ.: গুৱাহাটী বিশ্ববিদ্যালয় (অসমীয়া বিষয়, ১৯৭৩ চন)
পি-এইছডি.: গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী (বিষয়: The Evolution of Assamese Comedy, ১৯৮১ চন)
কৰ্মজীৱন
- শিক্ষকতা - বিদ্যাপীঠ হাইস্কুল, গুৱাহাটী (১৯৬২ - ১৯৬৪ চন)
- শিক্ষকতা - উলুবাৰী হাইস্কুল, গুৱাহাটী (১৯৬৪ চন)
- শিক্ষকতা - অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডাৰী স্কুল, দুলীয়াজান (১৯৬৫ - ১৯৬৭ চন)
- অধ্যাপনা (ইংৰাজী বিষয়) - তিনিচুকীয়া কলেজ, তিনিচুকীয়া (১৯৬৯-১৯৭৬ চন)
- প্ৰবক্তা - অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় (১৯৭৬-১৯৮৮ চন)
- ৰীডাৰ - অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় (১৯৮৮-১৯৯৬ চন)
- প্ৰাধ্যাপক - অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় (১৯৯৬-২০০৮ চন)
ৰচনাৰাজি
মৌলিক আলোচনা
- ৰোমাণ্টিক কবিৰ কাব্য-বিচাৰ, বনলতা, ডিব্ৰুগড়, অসম, ১৯৯৩
- ৰমন্যাসবাদৰ পটভূমি, জাৰ্ণাল এম্পৰিয়াম, নলবাৰী, অসম, ১৯৯৫
- গ্ৰীক ট্ৰেজেডি আৰু চফ’ক্লিজ, সাৰদা প্ৰকাশন, গুৱাহাটী, অসম, ১৯৯৬
- পাশ্চাত্য সাহিত্য ঃ কবিতা, জাৰ্ণাল এম্পৰিয়াম, নলবাৰী, অসম, ১৯৯৭
- টেনিচন আৰু ব্ৰাউনিঙৰ কবিতা, সাৰদা প্ৰকাশন, গুৱাহাটী, অসম, ১৯৯৭
- ইয়েটছ আৰু এলিয়টৰ কবিতা, সাৰদা প্ৰকাশন, গুৱাহাটী, অসম, ১৯৯৮
- The Evolution of Assamese Comedy (Doctoral Thesis), Gurukul Prakashan, Guwahati, Assam (১৯৯৮)
- এলিয়টৰ কবিতাত ভাৰতীয় দৰ্শনৰ প্ৰভাৱ, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ২০০২
- নাট্য সমীক্ষা, সাৰদা প্ৰকাশন, গুৱাহাটী, অসম, ২০০৪
- বিবিধ প্ৰবন্ধ, সাৰদা প্ৰকাশন, গুৱাহাটী, অসম, ২০০৪
- প্ৰাচীন ৰোমান সাহিত্য, সাৰদা প্ৰকাশন, গুৱাহাটী, অসম, ২০০৪
- পাশ্চাত্য সাহিত্যৰ ৰেঙণি, সাৰদা প্ৰকাশন, গুৱাহাটী, অসম, ২০০৬
সম্পাদিত গ্ৰন্থঃ (আলোচনা সম্বলিত)
- গোপালদেৱৰ 'উদ্ধৱযান নাট’, সাৰদা প্ৰকাশন, গুৱাহাটী, ২০০২
- ৰামচৰণ ঠাকুৰৰ ’কংসবধ’, সাৰদা প্ৰকাশন, ডিব্ৰুগড়, ২০০৪
- শঙ্কৰদেৱৰ 'ৰামবিজয় নাট’, কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়, ২০১৩
- পদ্মনাথ গোহাঞিবৰুৱাৰ ‘গাঁওবুঢ়া’, কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়, ২০১৩
- শঙ্কৰদেৱৰ কালিয়দমন নাট’, কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়, ২০১৪
- বিশ্ব সাহিত্য পৰিচয়, কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়, ২০১৪
- শঙ্কৰদেৱৰ ‘ৰুক্মিণী হৰণ নাট’, কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়, ২০১৬
- শঙ্কৰদেৱৰ ‘পাৰিজাত হৰণ নাট’, কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়, ২০১৬
- মাধৱদেৱৰ ‘অৰ্জুন ভঞ্জন’, কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়, ২০১৬
সামাজিক জীৱন
- আজীৱন সভ্য, অসম সাহিত্য সভা
- প্ৰকাশন প্ৰতিষ্ঠান প্ৰতিষ্ঠা - ড° বসন্ত কুমাৰ শৰ্মাই ১৯৯৬ চনত ডিব্ৰুগড়ত 'সাৰদা প্ৰকাশন' নামৰ এটি প্ৰকাশন প্ৰতিষ্ঠান আৰম্ভ কৰি পাছলৈ ইয়াৰ শাখা গুৱাহাটী আৰু চিলাপথাৰলৈকে সম্প্ৰসাৰণ কৰিছিল। প্ৰকাশন প্ৰতিষ্ঠানটোৱে বিদ্যাৰ্থীৰ সহায়ক হোৱাকৈ ভালেমান পুৰণি দুষ্প্ৰাপ্য কিতাপ প্ৰকাশ কৰাৰ লগতে গল্প, উপন্যাস,নাটক আৰু সাহিত্য আলোচনাৰ পুথিও প্ৰকাশ কৰিছিল।
আধাৰ গ্ৰন্থ
ড° বসন্ত কুমাৰ শৰ্মা ৰচনাৱলী, প্ৰথম আৰু দ্বিতীয় খণ্ড, সম্পাদনা: ড° অজিত শইকীয়া, সুহৃদ, প্ৰাক্তন বিদ্যাৰ্থী গোট, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়, প্ৰথম প্ৰকাশ, ২০২১।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বসন্ত কুমাৰ শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫০৮৬০২ (১৪ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।