অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বাসুদেৱ দৌল

বাসুদেৱ দৌল (Vasudev Doul; বাসুদেৱ দ'ল হিচাপেও উচ্চাৰিত) অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত কলাবাৰী অঞ্চলত অৱস্থিত এটি প্ৰাচীন দৌল (বা মন্দিৰ)। এই দৌলটো ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগৰ অধীনত অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহ (State Protected Monument in India)-ৰ ভিতৰত অন্যতম।

হালনাগাদ: ৫ জুন ২০২৫ ৫১৮ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বাসুদেৱ দৌল (Vasudev Doul; বাসুদেৱ দ'ল হিচাপেও উচ্চাৰিত) অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত কলাবাৰী অঞ্চলত অৱস্থিত এটি প্ৰাচীন দৌল (বা মন্দিৰ)। এই দৌলটো ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগৰ অধীনত অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহ (State Protected Monument in India)-ৰ ভিতৰত অন্যতম।১ বাসুদেৱ দৌলক ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগে প্ৰদান কৰা নম্বৰ হ'ল S-AS-94।২

দৌলৰ বিৱৰণ

বাসুদেৱ দৌল গহপুৰ মহকুমাৰ দক্ষিণ-পূৱ কোণস্থিত দক্ষিণ-কলাবাৰীৰ খাটৰ ৰাজহ গাঁৱৰ অন্তৰ্গত বৰাচুকত অৱস্থিত। ই গহপুৰ নগৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ আৰু কলাবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত। উল্লেখ্য যে, এই দৌল (বা দ'ল)ৰ নামানুসাৰে সমীপৱৰ্তী অঞ্চলটোক দ'লগুৰি হিচাপেও জনা যায়। মাটিৰ ইটাৰে নিৰ্মিত এই দৌলটো আহোম ৰাজত্বকালৰ স্থাপত্যৰ এক উল্লেখনীয় নিদৰ্শন। দৌলৰ ভিতৰত ধাতৱনিৰ্মিত ভগৱান বিষ্ণুৰ বাসুদেৱ ৰূপৰ বিগ্ৰহক পূজা-অৰ্চনা আগবঢ়োৱা হয়।

বাসুদেৱ দৌল পাচঁখন গোলাকাৰ কুণ্ডলেৰে নিৰ্মিত কলচীৰে এক পঞ্চৰথ মন্দিৰ। লোকশ্ৰুতি অনুসৰি বাসুদেৱ দৌলৰ শীৰ্ষভাগত এটা সোণৰ কলচী আছিল যিটো মানৰ অসম আক্ৰমণৰ সময়ত ইয়াক মানে লুট কৰি লৈ যায়। দৌলৰ উচ্চতা ৪১ হাত (প্ৰায় ২০ মিটাৰ) আৰু মূল ভেটিৰ মেৰ ১৭ হাত। পুৰণি দৌলৰ ভগ্ন মণ্ডপটি ২০০৫ চনত মেৰামতিৰে পুনৰ নিৰ্মাণ কৰা হয়। এই মন্দিৰতে সংলগ্ন হৈ এটা বৃহৎ পুখুৰী আছে। দৌলৰ কাষতে শ্ৰী শ্ৰী দক্ষিণপাট কলাবাৰী আদি সত্ৰৰ কীৰ্তনঘৰ আৰু এখন ডাঙৰ চোতাল আছে।

ভাৰতৰ পুৰাতত্ত্ব অনুসন্ধান বিভাগৰ দ্বাৰা ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্ন হিচাপে ঘোষিত ধন্দি দৌল আৰু ভগ্নাৱশেষ, বাসুদেৱ দৌলৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দুৰত্বত অৱস্থিত।

ইতিহাস

দ'লগুৰিৰ বাসুদেৱ দৌলত থকা তথ্যফলক
দ'লগুৰিৰ বাসুদেৱ দৌলত থকা তথ্যফলকছবি: Pranabnlp · CC BY-SA 4.0

খ্ৰীষ্টীয় ১৬৭৯ চনৰ পৰা ১৬৮১ চনলৈ ক্ষমতাসীন আহোম স্বৰ্গদেউ চ্যু-লিক-ফা (চ্যু-লিক-ফা বা চুলিক্‌ফা, ল'ৰা ৰজা নামেৰে প্ৰখ্যাত)-ই ১৬৮০ চনত ভগৱান বিষ্ণুৰ উপাসনাৰ হেতু বাসুদেৱ দৌল নিৰ্মাণ কৰিছিল। তেওঁৰ গুৰু দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰক দৌলটি ইয়াৰ ৰাজহবিহীন ভূমিৰ সৈতে দান কৰে। এই দৌলৰ প্ৰাঙ্গনতে সেয়ে শ্ৰী শ্ৰী দক্ষিণপাট কলাবাৰী আদি সত্ৰৰ এক কীৰ্তন ঘৰ আছে।

বাসুদেৱ দৌলৰ অনুষ্ঠান

দৌল উৎসৱ

ফাগুণ মাহৰ পূৰ্ণিমা তিথিত পালিত ফাকুৱা আৰু দেউল বাসুদেৱ দৌলত উদযাপিত হয়। দৌল উৎসৱৰ দিনা প্ৰতিষ্ঠাপিত বাসুদেৱৰ বিগ্ৰহক পূজা-পাতল কৰা হয়। লগতে শ্ৰী শ্ৰী দক্ষিণপাট কলাবাৰী আদি সত্ৰৰ কীৰ্তনঘৰত নাম-কীৰ্তন কৰা হয়। ইয়াৰ শেষত গায়ন-বায়নৰ সহিতে মাংগলিক বাদ্যসমূহেৰে হৰ্ষোল্লাসৰ মাজেৰে শোভাযাত্ৰা কৰি বিগ্ৰহক দৌলৰ পৰা গোঁসাই ফুৰাবলৈ অনা হয়। শোভাযাত্ৰাত অংশগ্ৰহণকাৰী সকলোৱে ইজনে সিজনক ফাকু সানি আনন্দ কৰে।

দ'লগুৰিৰ বিহু

ধৰ্মীয় অনুষ্ঠানসমূহৰ উপৰিও বাসুদেৱ দৌলত অসমীয়া নৱবৰ্ষ আৰু ব'হাগ বিহুত অনুষ্ঠিত নৃত্যানুষ্ঠান অত্যন্ত আকৰ্ষণীয়। শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত নৱ-বৈষ্ণৱবাদৰ অনুগামীসকলে দৌলৰ সুবৃহৎ প্ৰাঙ্গনত সমৱেত হৈ বিহু উদযাপন কৰে।৩ চ'ত মাহৰ আৰম্ভণিৰে পৰা বাসুদেৱ দৌল আৰু দ'লগুৰি শ্ৰী শ্ৰী দক্ষিণপাট কলাবাৰী আদি সত্ৰৰ প্ৰাঙ্গনত বিহুৱা-বিহুৱতীসকল আখৰাৰ বাবে গোট খায়। ব'হাগ বিহুৰ আৰম্ভণিৰ দিনাৰে পৰা স্থানীয় বিহু শিল্পীসকলৰ উপৰিও আমন্ত্ৰিত শিল্পীবৃন্দৰ দ্বাৰা পৰিৱেশিত মুকলি বিহুৰে দৌলৰ প্ৰাঙ্গন মুখৰিত হয়। একেৰাহে ৯-১০দিন চলা এই অনুষ্ঠান ব'হাগ মাহৰ ৮ বা ৯ তাৰিখে সামৰণি পৰে। শেষৰ দিনা যুৱক-যুৱতীসকলে প্ৰাঙ্গনৰ এজোপা বৃহৎ গছৰ চৌপাশে মুকলি বিহু মাৰি সমাজৰ কল্যাণ কামণা কৰি প্ৰাৰ্থনা কৰে আৰু পিছলৈ নোচোৱাকৈ শোভাযাত্ৰা কৰে। এই অনুষ্ঠানক 'বিহু বন্ধা' বা 'বিহু উৰুৱা' হিচাপে জনা যায়।

দ'লগুৰিৰ বিহুৰ আন এক আকৰ্ষণ হৈছে 'হেপু' (বা ফোঁপনি) বিহুৰ প্ৰদৰ্শন। বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ মতে, ঘৰুৱা সমস্যা আৰু জঞ্জালৰ বাবে ব'হাগ বিহুৰ প্ৰথম কেইদিনত নৃত্যানুষ্ঠানত ভাগ ল'ব নোৱৰা লোকসকলে নিজৰ মনক মনাব নোৱাৰি শেষৰ ফালে ঘৰৰ পৰা হেপাই-ফোঁপাই বিহুলৈ আহে। এইদৰে ফোঁপাই ফোঁপাইয়ে মৰা বিহুক সেয়ে 'হেপু' বিহু হিচাপে জনা যায় আৰু ই দ'লগুৰিৰ বিহুৰ একক অনবদ্য বৈশিষ্ট্য।৪

সময়ৰ পৰিৱৰ্তনৰ সৈতে বিহুৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ প্ৰভাৱ দ'লগুৰিৰ বিহুতো পৰে। ১৯৬৩ চনৰ পৰা দ'লগুৰিত মুকলি বিহুৰ লগতে মঞ্চ বিহুও উদযাপিত হৈ আহিছে।

তথ্যসূত্ৰ

  1. ↑ অসমৰ পুৰাতাত্ত্বিক সংৰক্ষিত স্থান আৰু কীৰ্তিচিহ্ন. Archaeology, Govt of Assam
  2. ↑ অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকা, ভাৰতৰ পুৰাতত্ত্ব অনুসন্ধান বিভাগ
  3. ↑ বাসুদেৱ দৌলৰ বিহু- অসমৰ সংৰক্ষিত পুৰাতাত্ত্বিক স্থান. সাংস্কৃতিক পৰিক্ৰমা বিভাগ, অসম চৰকাৰ
  4. ↑ দ'লগুৰিৰ বয়োজ্যেষ্ঠ স্থানীয় বাসিন্দাৰ পৰা প্ৰাপ্ত তথ্য

সম্পৰ্কিত শ্ৰেণী

অসমৰ পুৰাতাত্বিক স্থানঅসমৰ সংৰক্ষিত স্মৃতিচিহ্ন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাসুদেৱ দৌল” প্ৰবন্ধৰ সংশোধন ৫১৪৯৬৮ (৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।