বনিলী খ’ঙমেন ( Bonily Khongmen; জন্ম: কাবন নেলি টুমুংপি; ২৫ জুন ১৯১২ – ১৭ মাৰ্চ ২০০৭)এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰিছিল[1] ১৯৫২ চনত অসমৰ স্বায়ত্তশাসিত জিলা সমষ্টিৰ পৰা সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল। লোকসভালৈ নিৰ্বাচিত তেৱেঁ আছিল উত্তৰ-পূব ভাৰতৰ প্ৰথম মহিলা। তেওঁ অসম বিধানসভাৰ উপ-সভাপতিও আছিল।১২৩৪
প্ৰাৰম্ভিক জীৱন
বনিলী খ’ঙমেনৰ ১৯১৩ চনৰ ২৩ জুনত বৰ্তমান মেঘালয়ৰ জোৱাই চহৰত হৈছিল। দেউতাক এম.এচ. টিমুং এজন চিকিৎসক আছিল। মাক ফ্লোৰিছা ক্ৰোপি এগৰাকী গৃহিণী। শ্বিলঙৰ ৱেলছ্ মিছন গাৰ্লছ্ স্কুলৰ পৰা তেওঁ সুখ্যাতিৰে মেট্ৰিক উত্তীৰ্ণ হয়। এনে সময়তে দেউতাকৰ মৃত্যু হোৱাত ঘৰখন আৰ্থিক অনাটনৰ সন্মুখীন হয় যদিও ছাত্ৰবৃত্তিৰ সহায়ত কলকাতাৰ ডায়োছিচান কলেজৰ পৰা স্নাতক ডিগ্ৰী লবলৈ সক্ষম হয়। তেৱেঁ আছিল কাৰ্বি জনগোষ্ঠীৰ প্ৰথম মহিলা স্নাতক।৫
কৰ্মজীৱন
স্নাতক ডিগ্ৰী লোৱাৰ পিছত বনিলীয়ে প্ৰথম শ্বিলঙৰ অসমীয়া ছোৱালী হাইস্কুলত আৰু পিছত লেডী ৰেইড নন-ছেক্টেৰিয়ান গাৰ্লছ্ স্কুলত প্ৰধান শিক্ষয়ত্ৰী হিচাপে যোগদান কৰে। শ্বিলঙত অহাৰ পিছত তেওঁ ৰাজনীতিৰ প্ৰতি আগ্ৰহ জন্মে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য ৰূপে স্বাধীনতা সংগ্ৰামত জড়িত হৈ পৰে।৬৫
গৱৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, ১৯৩৫-য়ে নিৰ্বাচনত মহিলাৰ অংশগ্ৰহণৰ বাট মোকলাই দিয়ে। সেইমতে শ্বিলঙত মহিলাৰ বাবে এখন আসন সংৰক্ষণ কৰা হয়। ১৯৩৭ চনত মেভিছ ডুন মাওলং নামৰ মহিলা এগৰাকী প্ৰথমবাৰৰ বাবে সেই আসনখনৰ পৰা অসম বিধানসভালৈ জিকি আহে। ১৯৪৬ চনৰ নিৰ্বাচনত সেই আসনখনত পৰা বনিলীয়ে যুঁজ দি মাওলঙক পৰাজিত কৰে। সোনকালেই তেওঁ অসম বিধানসভাৰ উপাধ্যক্ষৰ আসনত উপৱিষ্ট হয়।৫
১৯৫১-৫২ চনত অনুষ্ঠিত হোৱা স্বাধীন ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত অসমৰ পৰা দুগৰাকী মহিলা বনিলী খ’ঙমেন আৰু ৰাণী মঞ্জুলা দেৱীয়ে ক্ৰমে স্বায়ত্বশাসিত জিলা সমষ্টি (সংৰক্ষিত) আৰু গোৱালপাৰা-গাৰোপাহাৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয়। মঞ্জুলা দেৱীৰ পৰাজয় হয় যদিও বনিলীয়ে খাচী দৰবাৰৰ প্ৰাৰ্থী উইলচন ৰীডক হৰুৱাই লোকসভালৈ নিৰ্বাচিত হয়।৭৮৫
১৯৫৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত ব্ৰজমোহন ৰয়ৰ হাতত বনিলী পৰাজিত হয়। ১৯৬৩ চনত তেওঁক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ নিয়োগ কৰা হয়। অসম লোকসেৱা আয়োগৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ সংঘ লোক সেৱা আয়োগৰ সদস্য ৰূপে সেৱা আগবঢ়ায়। অসমৰ পৰা পৃথক হোৱাৰ পিছত নাগালেণ্ডৰ প্ৰথম লোকসেৱা আয়োগৰ বাবেও বনিলীক অধ্যক্ষ নিয়োগ কৰা হয়।৯৫
ব্যক্তিগত জীৱন
শ্বিলঙৰ এডভোকেট উইলচন খ’ঙমেনৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়। বিয়াৰ পিছত ১৯৩৪ চনত তেওঁৰ নাম কাবন নেলি টিমুংপিৰ পৰা বনিলী খ’ঙমেনলৈ পৰিবৰ্তন কৰে।৫ তেওঁ ভায়োলিন বজাই ভাল পাইছিল। তদুপৰি বোৱা-কটা, গ্ৰন্থ সংগ্ৰহ আৰু অধ্যয়ন, বাগিছা কৰা, চিলাই কৰা আদিত আগ্ৰহ আছিল।৬
বাহ্যিক সংযোগ
- Official Biographical Sketch in Lok Sabha Website
- Kabon Neli (Khongmen) Timungpi: the first woman from Northeast India to be a Member of Parliament (M.P.)
তথ্যসূত্ৰ
- ↑ Name of Deputy Speakers of Assam Legislative Assembly since 1937. assamassembly.gov.in/dyspeaker-list.html(2012-08) . Retrieved on 2012-08-13
- ↑ 1st Lok Sabha Assam (2012-08-13). Retrieved on 2012-08-13.
- ↑ Woman MP of first Parliament passes away (2007-03-18) . Retrieved on 2012-08-13.
- ↑ Khongmen, first woman MP from NE, passes away (2007-03-18) . Retrieved on 2012-08-13.
- ↑ Ashiq Jaman. Meet Bonily Khongmen, the first woman MP from the north east. Times of India. পৃ. 26 July 2022
- ↑ Members Bioprofile. 164.100.47.194
- ↑ Nag, Sajal. (2007). Making of the Indian union: merger of princely states and excluded areas. Akansha Publishing House. পৃ. 177. ISBN 9788183701105
- ↑ (2000). Proceedings of North East India History Association (Volume 21). পৃ. 203
- ↑ Statistical Report on General Elections, 1951 to the First Lok Sabha. Election Commission of India. পৃ. 68
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনিলী খ’ঙমেন” প্ৰবন্ধৰ সংশোধন ৪০০৫৩৬ (৪ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।