কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়(Kokrajhar Govt. College); (তেতিয়াৰ কোকৰাঝাৰ মহাবিদ্যালয়) ১৯৫৯ চনত কোকৰাঝাৰ চহৰখনৰ মাজমজিয়াত কলেজ স্থাপিত কৰা হৈছিল। আৰ্থ-সামাজিকভাৱে পিছপৰা জনজাতীয় লোকসকলৰ লগতে অঞ্চলটোৰ অন্যান্য জনগোষ্ঠীসমূহকো উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত কলেজখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
সংলগ্ন বিশ্ববিদ্যালয় আৰু পৰিষদ
মহাবিদ্যালয়খন ২০১৯-২০ চনলৈকে ডিগ্ৰী পৰ্যায়ৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ আছিল এতিয়া মহাবিদ্যালয়খন বডোলেণ্ড বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ সৈতে সংযুক্ত হৈ আছে।
পাঠ্যক্ৰম
কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালযয়ে তলত দিয়া পাঠ্যক্ৰমসমূহ আগবঢ়ায়:
নিয়মীয়া পাঠ্যক্ৰম
দুবছৰীয়া উ:মা: বিজ্ঞান
বিজ্ঞানৰ শাখাত আগবঢ়োৱা বিষয়সমূহ হ’ল-
দুবছৰীয়া উ:মা: কলা
কলা শাখাত তলত দিয়া বিষয়সমূহ সন্নিবিষ্ট কৰা হৈছে:
তিনিবছৰীয়া স্নাতক (টিডিচি) পাঠ্যক্ৰম
তিনি বছৰ বি.এছ.চি.
পাঠ্যক্ৰমৰ বিষয়সমূহ হ'ল:-
- পদাৰ্থ বিজ্ঞান
- ৰসায়ন বিজ্ঞান
- গণিত
- উদ্ভিদ বিজ্ঞান
- প্ৰাণীবিজ্ঞান
- কম্পিউটাৰ বিজ্ঞান
- পৰিসংখ্যা
তিনি বছৰ বি এ
বিএত প্ৰদান কৰা প্ৰধান বিষয়সমূহ হ’ল-
- অসমীয়া
- বাংলা
- বড়ো
- অৰ্থনীতি
- শিক্ষা
- ইংৰাজী
- ভূগোল
- হিন্দী
- ইতিহাস
- দৰ্শন
- ৰাজনীতি বিজ্ঞান
- সমাজবিজ্ঞান
প্ৰদান কৰা এমআইএল(MIL) বিষয়সমূহৰ ভিতৰত আছে
- বড়ো
- অসমীয়া
- বাংলা
- হিন্দী
প্ৰমাণপত্ৰ পাঠ্যক্ৰম
তিনি মাহৰ প্ৰমাণপত্ৰৰ পাঠ্যক্ৰমসমূহ হ’ল-
- কম্পিউটাৰ দক্ষতাৰ শিক্ষা
- বড়ো ভাষা
ডিপ্লমা পাঠ্যক্ৰম
অনুবাদ দক্ষতাৰ তিনিমাহৰ ডিপ্লমা পাঠ্যক্ৰম।
স্নাতককোত্তৰ পাঠ্যক্ৰমসমূহ
বিজ্ঞান বিভাগ
- গণিত
- ৰসায়ন বিদ্যা
কলা বিভাগ
- বড়ো
- অসমীয়া
- ইংৰাজী
- ইতিহাস
- অৰ্থনীতি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৪৪৫৯৯ (১৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।