কৰিমগঞ্জ দক্ষিণ বিধানসভা সমষ্টি (ইংৰাজী: Karimganj South Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো শ্ৰীভূমি জিলাৰ (পূৰ্বৰ কৰিমগঞ্জ জিলা) অন্তৰ্গত এই সমষ্টিটো ১২৪ নম্বৰ সমষ্টি হিচাপে ধাৰ্য কৰা হয়।
এই সমষ্টিটো শ্ৰীভূমি জিলাৰ অন্তৰ্গত আৰু ই কৰিমগঞ্জ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)। ২০২৬ চনৰ নিৰ্বাচনত এই সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা চিদ্দিক আহমেদে পুনৰবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়।
বিধানসভাৰ সদস্যসকল
| চন | বিজয়ী প্ৰাৰ্থী | ৰাজনৈতিক দল | |
|---|---|---|---|
| ১৯৭৮ | আব্দুল মুক্তাদিৰ চৌধুৰী | জনতা পাৰ্টী | |
| ১৯৮৩ | আব্দুল মুক্তাদিৰ চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | আব্দুল মুক্তাদিৰ চৌধুৰী | ইণ্ডিয়ান কংগ্ৰেছ (চচিয়েলিষ্ট) | |
| ১৯৯১ | প্ৰণৱ কুমাৰ নাথ | ভাৰতীয় জনতা পাৰ্টী | |
| ১৯৯৬ | আব্দুল মুক্তাদিৰ চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০১ | চিদ্দিক আহমেদ | সমতা পাৰ্টী | |
| ২০০৬ | চিদ্দিক আহমেদ | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ২০১১ | চিদ্দিক আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১৬ | আজিজ আহমেদ খান | সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা | |
| ২০২১ | চিদ্দিক আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০২৬ | চিদ্দিক আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
নিৰ্বাচনী ফলাফল
২০২৬ চনৰ বিধানসভা নিৰ্বাচন
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ (INC) দলৰ প্ৰাৰ্থী চিদ্দিক আহমেদে বিজয় সাব্যস্ত কৰি কৰিমগঞ্জ দক্ষিণ সমষ্টিৰ বিধায়ক হিচাপে পুনৰ নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:
২০২১ চনৰ বিধানসভা নিৰ্বাচন
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত কৰিমগঞ্জ দক্ষিণ সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰিমগঞ্জ দক্ষিণ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৭৯ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।