অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কোকৰাঝাৰ

কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কোকৰাঝাৰ (Central Institute of Technology Kokrajhar) কোকৰাঝাৰ জিলাত অৱস্থিত। এই ৰাজহুৱা অভিযান্ত্ৰিক প্ৰতিষ্ঠানখন ২০০৬ চনত ভাৰত চৰকাৰে স্থাপন কৰে। ই উত্তৰ-পূৰ্বাঞ্চলৰ অসমত অৱস্থিত।

হালনাগাদ: ৩১ আগষ্ট ২০২৫ ১৯১ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কোকৰাঝাৰ (Central Institute of Technology Kokrajhar) কোকৰাঝাৰ জিলাত অৱস্থিত। এই ৰাজহুৱা অভিযান্ত্ৰিক প্ৰতিষ্ঠানখন ২০০৬ চনত ভাৰত চৰকাৰে স্থাপন কৰে।১২ ই উত্তৰ-পূব ভাৰতৰ অসমত অৱস্থিত।৩

অৱস্থান

এই প্ৰতিষ্ঠানখনে কোকৰাঝাৰৰ দেৱৰগাওঁ-তিনিআলী পথ এলেকাৰ প্ৰায় ২০ একৰ ভূমি আৱৰি আছে। কোকৰাঝাৰ ৰেল ষ্টেচনৰ পৰা ই প্ৰায় ১০ কিঃমিঃ নিলগত অৱস্থিত। গুৱাহাটীৰ পৰা টেক্সীৰে যাত্ৰা কৰিলে ৪ ঘণ্টা সময় লাগে। কেইবাখনো ৰেলগাড়ীৰ দ্বাৰা ই দিল্লী আৰু কলকাতাৰ লগত সংযোগিত। কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কাষতেই অৱস্থিত।

ইতিহাস

২০০৬ চনৰ ১৬ ডিচেম্বৰত প্ৰতিষ্ঠানখন স্থাপিত হৈছিল। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো লিবাৰেছন টাইগাৰৰ মাজত নতুন দিল্লীত স্বাক্ষৰিত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ স্মাৰক পত্ৰৰ ফলশ্ৰুতিত উক্ত প্ৰতিষ্ঠানটিৰ জন্ম হৈছিল। প্ৰতিষ্ঠানখন স্বায়ত্ব শাসিত (Autonomous Institution) আৰু ইয়াৰ প্ৰশাসনিক কাম-কাজ চলাবলৈ বৰ্ড অফ্ গৱৰ্ণৰ আছে।

বিভাগসমূহ

প্ৰতিষ্ঠান খনে বিভিন্ন বিষয়ত ডিগ্ৰী আৰু ডিপ্লমা আগবঢ়ায়। বিভিন্ন বিভাগ সমূহ হল:

  • অণুবিদ্যুৎ আৰু সংযোগ অভিযান্ত্ৰিক বিভাগ (Electronics & Communication Engineering)
  • কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ (Computer Science & Engineering)
  • সঁজুলিবিদ্যা অভিযান্ত্ৰিক বিভাগ (Instrumentation Engineering)
  • খাদ্য প্ৰক্ৰিয়াকৰণ আৰু প্ৰযুক্তি (Food processing and technology)
  • ব্যৱহাৰিক অভিযান্ত্ৰিক বিভাগ Civil engineering)
  • তথ্য-প্ৰযুক্তি (Information Technology)
  • আনুষঙ্গিক অভিযান্ত্ৰিক (Allied Engineering)
  • মৌলিক বিজ্ঞান (Basic Science)
  • মানৱিকী আৰু সমাজ বিজ্ঞান (Humanities and Social Science)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Other Central Institutions, MHRD
  2. ↑ PIB Press Releases. pib.nic.in
  3. ↑ Ex-Kokrajhar CIT boss Uday Shankar Dikshit says minister Smriti Irani removed him over clerk’s posting

সম্পৰ্কিত শ্ৰেণী

অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহকোকৰাঝাৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কোকৰাঝাৰ” প্ৰবন্ধৰ সংশোধন ৫৩৬৪৩০ (৩১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।