অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৰুণা কান্ত কলিতা

কৰুণা কান্ত কলিতা (Korunakanta Kalita)অসমৰ এজন শিক্ষাবিদ, বক্তা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ। তেখেতৰ জন্ম হৈছিল কামৰূপ জিলাৰ ৰামদিয়া মৌজাৰ হাঁহদিয়া গাঁৱত, ১৯৪৩ বৰ্ষৰ ১ মাৰ্চত। পিতৃৰ নাম নন্দিৰাম কলিতা আৰু মাতৃৰ নাম দিব্যপ্ৰভা কলিতা।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২১৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কৰুণা কান্ত কলিতা (Korunakanta Kalita)অসমৰ এজন শিক্ষাবিদ, বক্তা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ। তেখেতৰ জন্ম হৈছিল কামৰূপ জিলাৰ ৰামদিয়া মৌজাৰ হাঁহদিয়া গাঁৱত, ১৯৪৩ বৰ্ষৰ ১ মাৰ্চত। পিতৃৰ নাম নন্দিৰাম কলিতা আৰু মাতৃৰ নাম দিব্যপ্ৰভা কলিতা।

শিক্ষা

প্ৰাথমিক শিক্ষাৰ অন্তত তেখেতে ১৯৬০ চনত হাজো উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক, ১৯৬২ বৰ্ষত বি. বৰুৱা কলেজৰ পৰা ইণ্টাৰমিডিয়েট, ১৯৬৪ বৰ্ষত নলবাৰী কলেজৰ পৰা স্নাতক আৰু ১৯৮১ বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিপ্ল’মা সুখ্যাতিৰে উত্তীৰ্ণ হয়।

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘলৈ অৱদান

শিক্ষকতাৰ বৃত্তিৰে কৰ্ম জীৱনৰ পাতনি মেলা কলিতাই ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অধ্যক্ষ পদত থাকোঁতে অৱসৰ গ্ৰহণ কৰে। তেখেতে ঢকুৱাখানাত কৰ্মৰত অৱস্থাতেই শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ লগত নিবিড়ভাৱে আত্মনিয়োগ কৰি এজন সুবক্তা আৰু সংগঠক ৰূপে জনমানসত প্ৰতিষ্ঠা লাভ কৰে৷ ১৯৯১ বৰ্ষত কলিতাদেৱে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উপ-পদাধিকাৰ আৰু ১৯৯৩ বৰ্ষত সঙ্ঘৰ পদিধিকাৰ আসনৰ বাবে নিৰ্বাচিত হৈ ২০০২ খ্ৰীষ্টাব্দলৈকে আৰু ২০০৫ বৰ্ষৰ পৰা ২০১০ বৰ্ষলৈকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সৰ্বোচ্চ পদবী পদাধিকাৰ ৰূপে কাৰ্যনিৰ্বাহ কৰে।১ তেখেতৰ কাৰ্যকালতেই সঙ্ঘৰ ভালেসংখ্যক আঁচনি কাৰ্যকৰী আৰু শুভাৰম্ভ কৰা হৈছিল৷ তাৰ ভিতৰত আধ্যাত্মিক চিন্তা-চৰ্চাৰে নৱ প্ৰজন্মক গঢ় দিয়াৰ উদ্দেশ্যে শিশু সমাৰোহ, আই সমাৰোহ, যুৱ সমাৰোহ, সেৱাবাহিনী গঠন আদি, মণিকাঞ্চন বাৰ্তালোচনী প্ৰকাশ, ইংলিছ জাৰ্ণেল ‘মহাপুৰুষজ্যোতি’, ইত্যাদি উল্লেখযোগ্য।

মৃত্যু

২০১৪ চনৰ ২৬ ডিচেম্বৰত কৰুণা কান্ত কলিতাৰ মৃত্যু হয়।২ তেওঁৰ বিয়োগত অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈ দেৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃত্যুৰ পাছদিনা তেওঁ কলিতাৰ গৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা যাঁচে।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ সকলৰ অভিভাষণ, প্ৰকাশক- শ্ৰীমন্ত শংকৰদেৱ সংঘ
  2. ↑ শান্তনু কৌশিক বৰুৱা, প্ৰীতিমা কৌশিক বৰুৱা. (২০১৭). নতুন জানানে ২০১৮. জ্যোতি প্ৰকাশন. পৃ. ৫২৪. ISBN 81-86827-11-0
  3. ↑ www.telegraphindia.com/1141228/jsp/northeast/sto

সম্পৰ্কিত শ্ৰেণী

অসমীয়া শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰুণা কান্ত কলিতা” প্ৰবন্ধৰ সংশোধন ৩৮৪৯৪৮ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।