কোষকান্ত দেৱগোস্বামী অসমৰ মাজুলীৰ পৰম্পৰাগত মুখাশিল্পৰ এগৰাকী যশস্বী শিল্পী তথা চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ। চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে ২০১৩ চনত দেৱগোস্বামী প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰদান কৰা হয়।১
জীৱন
১৯৩২ চনৰ ১৬ জুনত মাজুলীৰ চামগুৰি সত্ৰত দেৱগোস্বামীয়ে জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃৰ নাম ৰোষেশ্বৰ গোস্বামী। তেওঁ মাজুলীতে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে। শৈশৱতে কোষকান্ত দেৱগোস্বামী সত্ৰীয়া শিক্ষাৰে দীক্ষিত হয়। সত্ৰত দৈনন্দিন দেখি অহা সত্ৰীয়াসকলৰ হস্তশিল্প, চাৰুকলা আদিৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ মুখাশিল্পৰ প্ৰশিক্ষণ লাভ কৰে। মুখাশিল্পৰ উপৰিও কোষকান্ত দেৱগোস্বামীয়ে নাট্যকাৰ হিচাপেও আত্মপ্ৰকাশ কৰে। অসমত সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ, সংৰক্ষণ কৰাৰ বাবে তেওঁৰ অৱদান উল্লেখযোগ্য। ১
অৱদান
ৰচিত নাট
- শ্ৰীকৃষ্ণৰ কলংক মোচন
- ব্ৰহ্মলোক
- দ্ৰৌপদীৰ সতীত্ব পৰীক্ষা
- অঘাসুৰ বধ
- দশাৱতাৰ মুখা ভাওনা
বটাঁ আৰু সন্মান
- ২০০৩ চনত ভাৰত চৰকাৰে সংগীত নাটক একাডেমী বঁটা
- ২০১৩ চনত প্ৰণৱ বৰুৱা শিল্পী বটাঁ১
তথ্যসূত্ৰ
- ↑ (১ জানুৱাৰী,২০১৪). আমাৰ অসমত প্ৰকাশিত বাতৰি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোষকান্ত দেৱগোস্বামী” প্ৰবন্ধৰ সংশোধন ৩৮৪৯৩৬ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।