অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
দুৰ্জন (চলচ্চিত্ৰ)
দুৰ্জন (ইংৰাজী: Durjon) ২০১৩ বৰ্ষত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। আহৰণ ফিল্মছৰ বেনাৰত গুনীন বসুমতাৰীয়ে প্ৰযোজনা কৰা চলচ্চিত্ৰখন পৰিচালনা কৰিছে মৌপ্ৰাণ শৰ্মায়ে।
-
দুৰ্জয়
thumb|right|250px|মদন কামদেৱত পালৰ গঠনশৈলী দুৰ্জয় নগৰ বৰ্তমান উত্তৰ গুৱাহাটীত, ৯০০ চনৰপৰা ১১০০ খ্ৰীষ্টাব্দলৈ পাল বংশৰ অধীনত কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল।
-
দেওধাই অসম বুৰঞ্জী
দেওধাই অসম বুৰঞ্জী হৈছে অসম চৰকাৰ আৰু পুৰাতত্ত্ব বিভাগৰ দ্বাৰা ১৯৩২ চনত প্ৰথম প্ৰকাশ কৰা এখন বুৰঞ্জী পুথি। এই বুৰঞ্জী পুথিখনৰ চতুৰ্থ প্ৰকাশো ১৯৩২ চনতেই হৈছিল। পুথি খনৰ সম্পাদক সূৰ্য্যকুমাৰ ভূঞা।
-
দেৰগাঁও বিধানসভা সমষ্টি
দেৰগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Dergaon Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
দেৱ কুমাৰ বসু
দেৱ কুমাৰ বসু (Deb Kumar Bose) এগৰাকী বঙালীভাষী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ অসমীয়া ছবিৰ উপৰিও মণিপুৰী ছবি মাতামগি মণিপুৰ পৰিচালনা কৰিছিল। তেওঁৰ পিতৃ আছিল বিখ্যাত চলচ্চিত্ৰ পৰিচালক দেৱকী বসু। অমৰ পাঠকে পৰিচালনা কৰা সংগ্ৰাম (১৯৬৮) ছবিৰ যোগেদি অসমীয়া ছবিৰ সৈতে বসুৰ সম্পৰ্ক ঘটে।
-
দেৱদাৰু
দেৱদাৰু (Polyalthia longifolia) একপ্ৰকাৰৰ চিৰসেউজ বৃক্ষ। দেৱদাৰু দীঘলীয়াকৈ শংকু আকাৰত বাঢ়ি যায় বাবে ঘৰৰ বাগিচা পদূলি আদিত সৌন্দৰ্য বৰ্ধনৰ বাবে ৰোৱা হয়। হিমালয় পৰ্বতৰ উপত্যকাত এই গছবিধ যথেষ্ট পৰিমাণে দেখা পোৱা যায়।
-
দেৱব্ৰত দাস
দেৱব্ৰত দাস (Debabrata Das) ৰামধেনু যুগৰ পৰৱৰ্তী কালৰ এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু স্তম্ভলেখক। সাদিন কাকতত ‘হিয়াৰ পখিলাবোৰ’ শীৰ্ষক স্তম্ভ লিখি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯৮১ চনত দাসৰ প্ৰথমখন গল্প-সংকলন ‘অৰ্পিতাৰ এৰাতি’ প্ৰকাশ পায়।
-
দৈনিক বাতৰি
দৈনিক বাতৰি হ'ল যোৰহাট জিলাৰপৰা অসমীয়া ভাষাত প্ৰকাশিত অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত। ১৮৮০ৰ দশকত ৰায়বাহাদুৰ শিৱ প্ৰসাদ বৰুৱাই অসমৰ যোৰহাট জিলাত ঠেঙাল ভৱন নিৰ্মাণ কৰিছিল আৰু ১৯২৯ চনত তেওঁ ইয়াতেই এটা ছপাশাল বহুৱায়। প্ৰথমতে, ইয়াৰ পৰা সাপ্তাহিক বাতৰি কাকত এখন প্ৰকাশ পাইছিল।
-
দোস্ত হবিবুৰ ৰহমান
দোস্ত হবিবুৰ ৰহমান (Dost Habibur Rahman, ১৯৩৯-১৯৬৯) অসম তথা ভাৰতৰ এগৰাকী গীতিকাৰ, গায়ক আৰু অভিনেতা আছিল। মাত্ৰ ত্ৰিশ বছৰ বয়সতে মৃত্যু হোৱা দোস্ত হবিবুৰ ৰহমান এগৰাকী পেৰ'ডি গায়ক হিচাপে অতি জনপ্ৰিয় আৰু প্ৰখ্যাত আছিল।
-
ধনদা পাঠক
ধনদা পাঠক (বিবাহৰ পূৰ্বে বৰ্মন; Dhanada Pathak) এগৰাকী অসমীয়া কণ্ঠশিল্পী। তেওঁ বিশেষকৈ কামৰূপী লোকগীতৰ বাবে জনাজাত। তেওঁ এগৰাকী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতি প্ৰাপ্ত কণ্ঠশিল্পী। তাৰোপৰি তেওঁ মঞ্চতো গীত পৰিবেশন কৰি আহিছে।
-
ধনেশ্বৰ ইংতি
ধনেশ্বৰ ইংতি (Dhaneswar Engti, জন্ম: ১ নৱেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় সাহিত্যিক, গীতিকাৰ তথা শিক্ষাবিদ। ʼবালিমাহীʼ শীৰ্ষক কাব্য সংকলনেৰে কাব্যপ্ৰেমীৰ মাজত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা ধনেশ্বৰ ইংতি সকলোৰে মাজত ʼবালিমাহীৰ কবিʼ কবি হিচাপেও পৰিচিত।
-
ধাইনাম
ধাইনাম হৈছে অসমৰ লোকগীতসমূহৰ ভিতৰত এটা ভাগ। শিশুৰ সংগীতপ্ৰিয়তা আৰু সংগীতৰ স্বাভাৱিক মাধুৰ্যকে ধাইনামৰ প্ৰাণ বুলি কোৱা হয়। শিশুৰ আমনি ভাঙি টোপনিৰ বাণ মাৰিবলৈ প্ৰয়াস কৰোঁতেই ধাইনামৰ জন্ম। ধাইনাম বা মাকে শিশুক নিচুকাবলৈ এই গীত ব্যৱহাৰ কৰাৰ বাবে এই গীতসমূহক ধাইনাম বা নিচুকনি গীত বোলে।
-
ধীৰনাৰায়ণ
ধীৰনাৰায়ণ (Dhirnarayana) চুতীয়া ৰাজ্যৰ এজন ৰজা আছিল। তেওঁ আছিল চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা। পিতৃ পুৰন্দৰ পালৰ মত্যুৰ পিছত তেওঁৰ পুত্ৰ ধীৰনাৰায়ণে ১৫০০ খ্ৰীঃত সধয়াপুৰীৰ সিংহাসনত আৰোহণ কৰে ধীৰনাৰায়ণ এজন ন্যায় পৰায়ণ আৰু সাহসী ৰজা আছিল।
-
ধীৰাজ বৰা
ড° ধীৰাজ বৰা (Dhiraj Bora, ৩০ ছেপ্টেম্বৰ ১৯৫১ - ১৯ জুন ২০২১) এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী, শিক্ষাবিদ তথা অধ্যাপক আছিল। প্লাজমা বিজ্ঞানী হিচাপে বিখ্যাত ড° বৰা গুজৰাটৰ গান্ধীনগৰত অৱস্থিত প্লাজমা গৱেষণা প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক আছিল।
-
ধীৰেন্দ্ৰ নাথ বেজবৰুৱা
ধীৰেন্দ্ৰ নাথ বেজবৰুৱা এগৰাকী ভাৰতীয় সাংবাদিক আৰু সাহিত্যিক। তেওঁ উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় আৰু বহুল প্ৰচলিত ইংৰাজী দৈনিক বাতৰি কাকত দ্যা ছেণ্টিনেলৰ প্ৰতিষ্ঠাপক সম্পাদক। ১৯৩৩ চনত অসমৰ যোৰহাট জিলাত তেওঁৰ জন্ম হৈছিল।
-
ধুবুৰী বিধানসভা সমষ্টি
ধুবুৰী বিধানসভা সমষ্টিটো অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত।
-
ধুবুৰী ৰেল ষ্টেচন
ধুবুৰীৰ ফকিৰাগ্ৰাম-ধুবুৰী শাখা লাইনৰ টাৰ্মিনাল ৰেল ষ্টেচন। এইটো নতুন কোচবিহাৰ-গোলোকগঞ্জ শাখা লাইনৰ সৈতেও যুক্ত। ধুবুৰীক যোগীঘোপাৰ লগত যুক্ত কৰিবলৈ এটা নতুন লাইন স্থাপন কৰা হৈ আছে। এইটো ভাৰতৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ পশ্চিম পাৰত অৱস্থিত।
-
ধেমাজি বিধানসভা সমষ্টি
ধেমাজি বিধানসভা সমষ্টি (ইংৰাজী: Dhemaji Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও ধেমাজি জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
ধৰ্ম্মেশ্বৰী দেবী
ধৰ্মেশ্বৰী দেৱী বৰুৱানী (Dharmeswari Devi Baruani) (১৮৯২-১৯৬০) অসমীয়া সাহিত্যৰ ৰমন্যাসিক কাব্যধাৰাৰ এগৰাকী প্ৰতিভাশালী কবি আছিল। তেওঁ গুৱাহাটীৰ পঞ্চৱতী আশ্ৰমত ১৮৯২ চনত জন্মগ্ৰহণ কৰিছিল। ধৰ্মেশ্বৰী দেৱীৰ পিতৃৰ নাম আছিল যজ্ঞেশ্বৰ দেৱশৰ্মা।
-
নগা টেঙা
নগা টেঙা (বৈজ্ঞানিক নাম:Rhus chinensis; ইংৰাজী নাম:Chinese sumac বা nutgall tree এনাকাৰ্ডিয়েচি (Anacardiaceae)পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ বনৰীয়া গছ৷ নগা টেঙাৰ বাকলিৰ বৰণ মদৰুৱা বা ছাই বৰণীয়া আৰু পাত দীঘলীয়া আৰু ডিম্বাকৃতিৰ৷নগাটেঙাৰ ফুলবোৰ বগা চানকীয়া বা সামান্যভাৱে সেউজীয়া হয়৷ নগা টেঙাৰ ফল…
-
নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়
অসমৰ ভিতৰতে এখন সু-প্ৰাচীন আৰু সমগ্ৰ নগাঁও জিলাৰ ভিতৰতে প্ৰাচীনতম উচ্চশিক্ষাৰ অনুষ্ঠান নগাঁও গৱৰ্ণমেণ্ট হাইস্কুল। বৰ্তমান এই শিক্ষানুষ্ঠান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় ৰূপে পৰিচিত।
-
নগাজৰী-খনিকৰগাঁৱৰ শিলালিপি
নগাজৰী-খনিকৰগাঁৱৰ শিলালিপি (Nagajari-Khanikargaon rock inscription) অসমৰ গোলাঘাট জিলাৰ নগাজৰী-খনিকৰ গাঁও অঞ্চলত উদ্ধাৰ কৰা পঞ্চম শতিকাৰ শিলালিপি। ভূমি অনুদান হিচাপে খোদিত শিলালিপিখন খণ্ডিত ৰূপত পোৱা গৈছে। এইখন পূৰ্ব প্ৰকাৰৰ ব্ৰাহ্মী লিপিৰে সংস্কৃত ভাষাত লিখা হৈছে।
-
নগেন ঠাকুৰ
নগেন ঠাকুৰ (Nagen Thakur, জন্মঃ ২৯ আগষ্ট ১৯৩৯, মৃত্যুঃ ১০ এপ্ৰিল ২০২৫) অসম,ভাৰতৰ এগৰাকী ভাষাবিদ, লেখক, কবি, সম্পাদক আৰু অধ্যাপক। তেখেতে অসমীয়া ভাষা বিষয়ক ১৩খন গ্ৰন্থ প্ৰকাশ কৰিছে৷ পালি-প্ৰাকৃত-অপভ্ৰংশ আৰু অসমীয়া ভাষা বিষয়ক তেখেতৰ গৱেষণামূলক গ্ৰন্থকেইখনে অসমীয়া ভাষাটোক মৰ্যাদা সহকাৰে প্ৰতিষ্ঠা…
-
নতুন অসম গণ পৰিষদ
নতুন অসম গণ পৰিষদ (ন-অগপ) (ইংৰাজী: 'New Assamese People's Association') ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল আছিল। অসম গণ পৰিষদ দলৰ বিভাজনৰ জৰিয়তে ন-অগপ দল গঠিত হৈছিল। পূৰ্বৰ সাংসদ আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী দীনেশ গোস্বামী আৰু অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত ন-অগপ গঠিত হৈছিল।
-
ননী গোপাল মহন্ত
ননী গোপাল মহন্ত (Nani Gopal Mahanta) ভাৰতৰ এগৰাকী শিক্ষাবিদ, ৰাজনৈতিক বিশ্লেষক, অধ্যাপক, লেখক আৰু সম্পাদক। তেওঁ ২০২৪ চনৰপৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য (Vice-Chancellor) ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
নলবাৰী বিধানসভা সমষ্টি
নলবাৰী বিধানসভা সমষ্টি (ইংৰাজী: Nalbari Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। এই সমষ্টিটো নলবাৰী জিলাৰ অন্তৰ্গত আৰু ই বৰপেটা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত।
-
নাগশংকৰ মন্দিৰ
নাগশংকৰ মন্দিৰ অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এটি ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ। শোণিতপুৰ জিলাৰ প্ৰধান শৈৱ পীঠস্থান সমূহৰ ভিতৰত নাগশংকৰ মন্দিৰ অন্যতম। দৈনিক যথা ৰীতি এই মন্দিৰত পূজা-অৰ্চনা কৰা হয়। মন্দিৰটোৰ নামেৰে এই অঞ্চলটোৰ নামো নাগশংকৰ পৰিছে।
-
নাগাৰা নাম
নাগাৰা নাম ( Nagara Naam) “নাগাৰা বা নেগেৰা’’ বাদ্যক মূল বাদ্য হিচাপে লৈ পৰিৱেশন কৰা এক লোক-পৰিৱেশ্য কলা৷ অসমৰ ধৰ্মীয় সমাজত প্ৰচলিত বিভিন্ন নাম, যেনে; থিয় নাম, দিহা নাম, ঝুনা নাম, বহা নাম আদিৰ দৰে নাগাৰা নামো এক আধ্যাত্মিক ভাবাপন্ন নাম৷ নামনি অসমৰ নলবাৰী, দৰং আদি ঠাইত এই নামৰ প্ৰচলন আছে৷ নাগাৰা…
-
নাৰায়ণ বৰ্মা
নাৰায়ণ বৰ্মা (Narayana Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ সপ্তম ৰজা আছিল। এওঁ মহেন্দ্ৰ বৰ্মা আৰু ৰাণী সুব্ৰতাৰ পুত্ৰ আছিল। এওঁ ৪৯৪ খ্ৰীষ্টাব্দৰ পৰা ৫১৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল। তেওঁৰ পিছত ভূতি বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
নিউ বঙাইগাঁও জংচন ৰেল ষ্টেচন
নিউ বঙাইগাঁও ৰেল জংচন বঙাইগাঁও নগৰৰ পশ্চিম প্ৰান্তত অৱস্থিত। এই জংচনটো অসমৰ দ্বিতীয় বৃহত আৰু নামনি অসমৰ বৃহত্তম ষ্টেচন। উক্ত ষ্টেচনত অসমলৈ অহা সকলো ধৰণৰ যাত্ৰীবাহী ৰেল ৰখোৱা হয় যেনে - ৰাজধানী এক্সপ্ৰেছ, নৰ্থ-ইষ্ট এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ ইত্যাদি।