নাগশংকৰ মন্দিৰ অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এটি ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ। শোণিতপুৰ জিলাৰ প্ৰধান শৈৱ পীঠস্থান সমূহৰ ভিতৰত নাগশংকৰ মন্দিৰ অন্যতম। দৈনিক যথা ৰীতি এই মন্দিৰত পূজা-অৰ্চনা কৰা হয়। মন্দিৰটোৰ নামেৰে এই অঞ্চলটোৰ নামো নাগশংকৰ পৰিছে। শোণিতপুৰ জিলাৰ সদৰ চহৰ তেজপুৰৰ পৰা নাগশংকৰ মন্দিৰৰ দূৰত্ব ৫৮ কিলোমিটাৰ। ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)ৰ পৰা দক্ষিণে এক কিলোমিটাৰ ভিতৰলৈ সোমায়েই নাগ শংকৰ মন্দিৰৰ অৱস্থান। যোগাযোগৰ সু-ব্যৱস্থাৰ হেতুকে এই মন্দিৰত বছৰত বাৰ মাহে ভক্তৰ ভিৰ পৰিলক্ষিত হয়১। মন্দিৰ চৌহদত অৱস্থিত এটি প্ৰকাণ্ড জলাশয়ত থকা শতায়ু গৰকা কাছকেইটাও মন্দিৰটোৰ পৰ্যটন ব্যৱস্থাত অৰিহণা যোগাইছে। শিৱৰ সহচৰ বুলি গণ্য কৰা এই কাছকেইটাক প্ৰতিদিনে মন্দিৰৰ প্ৰসাদ আৰু ভোগ অৰ্পণ কৰা হয়। দৰ্শনাৰ্থী সকলেও কাছকেইটিক প্ৰসাদ আগবঢোৱা পৰিলক্ষিত হয়। বৰ্তমান মন্দিৰৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰত মন্দিৰ পৰিচালনা সমিতিয়ে বিশেষ উদ্যোগ হাতত লৈছে। বিলুপ্তপ্ৰায় প্ৰজাতিৰ কাছসমূহৰ সংৰক্ষণৰ বাবে প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত এই মন্দিৰত বিশেষ আঁচনি হাতত লোৱা হৈছে। অসমৰ চাৰিওফালৰ বিভিন্ন ঠাইৰ যাত্ৰীৰ দৈনিক এই মন্দিৰ সমাগম হয়। প্ৰতি বছৰে মহা শিৱৰাত্ৰি আৰু বহাগৰ গোঁসাই বিহুত এই মন্দিৰত ডাঙৰকৈ মেলা অনুষ্ঠিত কৰা হয়।
ইতিহাস আৰু কিংবদন্তী

মন্দিৰটোৰ উৎপত্তিৰ কিংবদন্তী অনুসৰি ভগৱান বিষ্ণুৱে খণ্ডিত কৰা দেৱী সতীৰ নাভি অংশ এই মন্দিৰত পৰিছিল। এই নাভি অংশ পৰা ঠাইতে শিৱ লিংগ স্থাপন কৰি পৰৱৰ্তী সময়ত মন্দিৰ স্থাপন কৰা হয়। অন্য এক কিংবদন্তী অনুসৰি শোণিতপুৰত ৰাজত্ব কৰা বাণাসুৰয়ে বিশ্বনাথত দ্বিতীয় কাশী স্থাপন কৰিবলৈ বিচাৰিছিল আৰু সেই হেতুকে ১০০০ শিৱলিংগ স্থাপন কৰিছিল। পিছে মহাদেৱে দ্বিতীয় কাশী পৰিদৰ্শন কৰিবলৈ আহি এটা শিৱলিংগ কম দেখা পায় আৰু মনৰ বেজাৰত শুই পৰোতে এই স্থানতে মহাদেৱৰ নাভিয়ে স্পৰ্শ কৰে। পিছলৈ এই স্থানতে শিৱলিংগ স্থাপন কৰি পূজা-অৰ্চনা কৰি অহা হৈছে। অন্য এক জনশ্ৰুতি মতে পাণ্ডৱ সকলৰ পুৰোহিত ধৌম্য মুণিয়ে এই নাভিচিহ্নতে শিৱৰ আৰাধনা কৰিছিল। পাণ্ডৱসকলে অজ্ঞাতবাসৰ কালচোৱাত ধৌম্য মুণিক লগ পায় আৰু তেওঁলোকৰ পুৰোহিত হিচাপে লগত লৈ যায়। তাৰ পিছৰেপৰা বহুদিনলৈ এই স্থানত পূজা-অৰ্চনা লোপ পায়। খ্ৰীষ্টিয় চতুৰ্থ শতিকাৰ আগভাগত জিতাৰী বংশৰ ৰজা চুচেংফাই এই মন্দিৰৰ পুনৰুদ্ধাৰ কৰে। সেই শতিকাৰে শেষভাগত নাগশংকৰ বা নগাক্ষ ৰজাই এই মন্দিৰত নিয়মিত পূজা অৰ্চনা কৰিছিল বুলি জনা যায়। ৰজা নগাক্ষ এই মন্দিৰৰ প্ৰধান পৃষ্ঠপোষক আছিল।২ এইজন ৰজাৰ পিছত পুনৰ বহুবছৰলৈ এই মন্দিৰৰ পূজা-সেৱা বন্ধ হৈ পৰে। ইয়াৰ পিছত আহোম স্বৰ্গদেউ চুচেনফাই ১৪৮০ খ্ৰীষ্টাব্দত এই মন্দিৰৰ পুনৰ নিৰ্মাণ কৰোৱাই৩ আৰু মন্দিৰৰ নামত দেৱোত্তৰ মাটি ৮৩৩ বিঘা দান কৰে। এই মন্দিৰৰ ভিতৰত গহ্বৰৰ পানীত শিৱলিংগ স্থাপন কৰা আছে। তদুপৰি বিষ্ণুমূৰ্তি, যোনিকুণ্ড, শালগ্ৰামৰ মূৰ্তি স্থাপন কৰা আছে।৪ নাগশংকৰ মন্দিৰত পূজা-অৰ্চনা কৰিলে অভীষ্ট সিদ্ধি হয় বুলি জনমানসত দৃঢ় বিশ্বাস আছে।
তথ্যসূত্ৰ
- ↑ onlinesivasagar.com/tourism/nagsankar-temple.php link|date=September 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ পৱিত্ৰ অসম - সম্পাদক: ড॰ মহেশ্বৰ নেওগ, প্ৰকাশক: ড॰ প্ৰদীপ ভূঞা, প্ৰধান সম্পাদক অসম সাহিত্য সভাৰ হৈ, প্ৰথম প্ৰকাশ: ১৯৬০চন
- ↑ আৰ্কাইভ কপি
- ↑ ড॰ নিৰ্মলপ্ৰভা বৰদলৈ, শিৱ, পৃষ্ঠা-৩৫৫-৩৫৬, লয়াৰ্ছ বুক ষ্টল
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাগশংকৰ মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬০১৫ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।