নগাজৰী-খনিকৰগাঁৱৰ শিলালিপি (Nagajari-Khanikargaon rock inscription) অসমৰ গোলাঘাট জিলাৰ নগাজৰী-খনিকৰ গাঁও অঞ্চলত উদ্ধাৰ কৰা পঞ্চম শতিকাৰ শিলালিপি। ১ ভূমি অনুদান হিচাপে খোদিত শিলালিপিখন খণ্ডিত ৰূপত পোৱা গৈছে। এইখন পূৰ্ব প্ৰকাৰৰ ব্ৰাহ্মী লিপিৰে সংস্কৃত ভাষাত লিখা হৈছে।২ শৈলী, ভাষা আৰু লিপিৰ ফালৰ পৰা ইযাৰ সৈতে উমাচল শিলালিপি আৰু বাৰগংগা শিলালিপিৰ সৈতে সাদৃশ্য দেখা যায়। এই শিলালিপিৰ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে সকলো কামৰূপ শিলালিপিৰ ভিতৰত একমাত্ৰ ইয়াত 'ব' আৰু 'ৱ' বৰ্ণৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়। ইয়াৰ উপৰিও যিহেতু ইয়াত স্থানীয় প্ৰাকৃতৰ কোনো প্ৰভাৱ দেখা নাযায়, সেয়ে এই শিলালিপিখনক বহু পণ্ডিতে উমাচল শিলালিপিতকৈ পুৰণি বুলি গণ্য কৰে। সেইমত অনুসৰি নগাজৰী-খনিকৰগাঁৱৰ শিলালিপি অসমত উদ্ধাৰিত আটাইতকৈ পুৰণি শিলালিপি। ইয়াৰ জৰিয়তে পঞ্চম শতিকাৰ ভিতৰত আৰ্য সংস্কৃতি গোলাঘাট অঞ্চললৈ বিয়পি পৰিছিল বুলি ঠাৱৰ কৰিব পাৰি।৩
আৱিষ্কাৰ
১৯৭২ চনৰ আগতে নগাজৰী অঞ্চলৰ কিছুমান ধ্বংসাৱশেষৰ মাজত খানিকাৰগাঁৱৰ লুদুৰাম শইকীয়া শিলালিপিখন সংগ্ৰহ কৰিছিল। ১৯৭২ চনৰ আশে পাশে এই শিলালিপি এম কে শইকীয়াই লুদুৰামৰ বাসগৃহত লক্ষ্য কৰিছিল। তাৰপিছত তেওঁ লুদুৰামৰ পৰা ইয়াক উদ্ধাৰ কৰে।৪ পিছলৈ গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ে শিলালিপিখনক অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষণৰ বাবে দান কৰে।
পাঠ
শিলালিপিখনৰ পাঠ খণ্ডিত ৰূপত উদ্ধাৰ কৰা হৈছে আৰু ইয়াত কোনো সম্পূৰ্ণ বাক্য উপলব্ধ নহয়। ইয়াক সংস্কৃতৰ শ্লোক বা পদত লিখা হৈছিল বুলি বিশ্বাস কৰা হয়।৫ যিহেতু ইয়াৰ পাঠ খণ্ডিত, সেয়ে কোনো ইংৰাজী অনুবাদ উপলব্ধ নহয়। তথাপিও এইটো নিশ্চিত কৰা হৈছে যে শিলালিপিটো ভূমিৰ অনুদানৰ সৈতে জড়িত। এই অনুদানৰ ভূমিৰ পূবত "ডিব্ৰুমুখক্ষদা" বা এখন জলাশয় আৰু পশ্চিমত এজোপা বট গছৰ দ্বাৰা আবৃত আছিল।
গ্ৰন্থৰাজি
- শৰ্মা, মুকুন্দ মাধৱ. (১৯৭৮). Inscriptions of Ancient Assam. গুৱাহাটী বিশ্ববিদ্যালয়
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নগাজৰী-খনিকৰগাঁৱৰ শিলালিপি” প্ৰবন্ধৰ সংশোধন ২৭০২৮২ (৬ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।