অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নাগাৰা নাম

নাগাৰা নাম ( Nagara Naam) “নাগাৰা বা নেগেৰা’’ বাদ্যক মূল বাদ্য হিচাপে লৈ পৰিৱেশন কৰা এক লোক-পৰিৱেশ্য কলা৷ অসমৰ ধৰ্মীয় সমাজত প্ৰচলিত বিভিন্ন নাম, যেনে; থিয় নাম, দিহা নাম, ঝুনা নাম, বহা নাম আদিৰ দৰে নাগাৰা নামো এক আধ্যাত্মিক ভাবাপন্ন নাম৷ নামনি অসমৰ নলবাৰী, দৰং আদি ঠাইত এই নামৰ প্ৰচলন আছে৷ নাগাৰা…

হালনাগাদ: ৫ মাৰ্চ ২০২৩ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৪২
সংশোধনৰ পৰামৰ্শ

নাগাৰা নাম ( Nagara Naam) “নাগাৰা বা নেগেৰা’’ বাদ্যক মূল বাদ্য হিচাপে লৈ পৰিৱেশন কৰা এক লোক-পৰিৱেশ্য কলা৷ অসমৰ ধৰ্মীয় সমাজত প্ৰচলিত বিভিন্ন নাম, যেনে; থিয় নাম, দিহা নাম, ঝুনা নাম, বহা নাম আদিৰ দৰে নাগাৰা নামো এক আধ্যাত্মিক ভাবাপন্ন নাম৷ নামনি অসমৰ নলবাৰী, দৰং আদি ঠাইত এই নামৰ প্ৰচলন আছে৷ নাগাৰা নামত ব্যৱহৃত গীত-পদ আৰু সংলাপ নামনিৰ কথিত ভাষাত ৰচিত হোৱা বাবে ই উজনি অসমত বহুল প্ৰচাৰিত নহয়৷

নাগাৰা নামৰ কাহিনী

নাগাৰ নামৰ পদসমূহৰ একোটা কাহিনী থাকে৷ হাস্যৰস, বীৰৰস, কৰুণৰস আৰু ভক্তিৰসকে আদি কৰি নৱৰসৰ সমাহাৰ হোৱা এই কাহিনীবোৰ ৰামায়ণ, মহাভাৰত, পুৰাণ আৰু ভাগৱতৰ পৰা লোৱাৰ উপৰি যিকোনো ধৰ্মীয় শাস্ত্ৰৰ পৰা লৈ পাঠকে ৰচনা কৰাৰ উপৰি সমাজৰ সাম্প্ৰতিক ঘটনাৰাজিৰ বিষয়েও পদ ৰচনা কৰি গোৱা হয়৷১

শিকনীয় বিষয়

নাগাৰা নামৰ কাহিনী বা আখ্যানসমূহৰ পৰা দৰ্শকে বিভিন্ন বিষয়ৰ শিক্ষা লাভ কৰিব পাৰে৷ অহংকাৰৰ পতন, ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়, সৎ কৰ্মৰ সজ ফল, অসৎ কৰ্মৰ কু ফল আদিৰ শিকনি পোৱা যায় কাৰণ নাগাৰা নামৰ প্ৰতিটো কাহিনীতে আদৰ্শমূলক কথা থাকে৷ ১

পৰিৱেশন শৈলী

নাগাৰা নামৰ আজীৱন শিল্পী ৰামচৰণ ভড়ালীৰ মতে,

নাগাৰা নামৰ কিছুমান নিজস্ব ৰীতি আছে৷ গুৰুজনাই এই নাম বস্তুটো দি থৈ গ’ল৷ নাগাৰ নামৰ নিজস্ব মুদ্ৰা, ভংগীমা, তাল, মান আছে৷ বৰ্তমান বহুতে নিজৰমতে কৰিবলৈ গৈ হিন্দী গীতৰ সুৰ, জুবিনৰ গীতৰ সুৰ আনি সুমুৱাই প্ৰাচীন ৰীতি ভংগ কৰি নিজৰ মতে কৰিবলৈ গ’লে এই শিল্পৰ ক্ষতি কৰিব৷১

সাধাৰণতে, নাগাৰা নাম পৰিৱেশন কৰোঁতে এটা বা এযোৰ বৰ নাগাৰা বজায়৷ ডাঙৰ নাগাৰটোক ধুমধুমী বোলা হয় আৰু সৰুটোক কুৰকুৰী বোলে৷ পালিসকলৰ কেইজনমানে সৰু তাল বজায় আৰু বাকী পালিসকলে অৰ্ধবৃত্তাকাৰে বহি হাতেৰে চাপৰি বাই ঘোষা দোহাৰে৷ নামৰ আৰম্ভণিতে খৰগতিত নাগাৰ, তাল আৰু চাপৰি বজাই আৰম্ভ কৰে৷ ইয়াক জাগৰণ বোলে৷ ইয়াৰ পিছত ভগৱানক উদ্দেশ্যি স্তুতিগীত গোৱা হয়৷ তাৰ পিছত মূল পাঠকজনে মাজত থিয় হৈ “শুনা শুনা সভাসদ, কৰোঁ নমস্কাৰ’’ বুলি কাহিনী আৰম্ভ কৰিবলৈ লয় আৰু লগে লগে ঘোষা-পদ সুৰ লগাই, বিভিন্ন ৰস অভিনয়ৰ মাজেদি ফুটাই তুলি কাহিনী আগবঢ়াই নিয়ে৷ কাহিনীৰ সৈতে সংগতি ৰাখি বিভিন্ন ৰস পাঠকজনে অভিনয়ৰ যোগেৰে প্ৰকাশ কৰে আৰু পালিসকলে সেইমতে হালি-জালি নাম গাই তেওঁক অনুসৰণ কৰে৷ শেষত আকৌ খৰগতিত তাল-নাগাৰা-চাপৰিৰে নামৰ সামৰণি পেলোৱা হয়৷২

নাগাৰা নাম পৰিৱেশন কৰোঁতে চুৰিয়া-পাঞ্জাবী পিন্ধি ডিঙিত গামোছা লোৱা নিয়ম৷ পাঠকজনে ওপৰঞ্চি চেলেংচাদৰ লয়৷ ছোৱালী বা মহিলাসকলে চাদৰ-মেখেলা পিন্ধি ডিঙিত গামোছা ল’ব লাগে৷

নাগাৰা নামৰ ঐতিহ্য অক্ষুণ্ণ ৰাখিবলৈ আৰু নতুন প্ৰজন্মক প্ৰণালীবদ্ধ শিক্ষা দিবলৈ “নৰেশ্বৰ শৰ্মা বৰুৱা সোঁৱৰণী নাগাৰা নাম বিদ্যা মন্দিৰ’’ নামেৰে অসমৰ প্ৰথমখন নাগাৰা নামৰ বিদ্যালয় দৰং জিলাৰ হুছেইন চুবুৰীত স্থাপন কৰা হয়৷ শুদ্ধ ৰাগ-স্বৰলিপিৰ আধাৰত নাগাৰা নামৰ প্ৰশিক্ষণ দিবলৈ কেইগৰাকীমান অভিজ্ঞ নাম শিল্পীক মনোনীত কৰা হৈছে৷৩

তথ্যসূত্ৰ

  1. ↑ নাগাৰা নামৰ জনপ্ৰিয় ’পাঠক’ ৰামচৰণ ভড়ালীৰ সৈতে সাক্ষাৎকাৰ
  2. ↑ অসমৰ উত্তম লোক-পৰিৱেশ্য কলা: নাগাৰা নাম, মনোৰঞ্জন কলিতা, অসমীয়া প্ৰতিদিন৷ পৃ: নং; ৫, ৫ মাৰ্চ, ২০২৩
  3. ↑ অসমৰ প্ৰথমখন নাগাৰা নামৰ বিদ্যালয় স্থাপন

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাগাৰা নাম” প্ৰবন্ধৰ সংশোধন ৩৪৭৭৮৫ (৫ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।