thumb|right|250px|মদন কামদেৱত পালৰ গঠনশৈলী দুৰ্জয় নগৰ বৰ্তমান উত্তৰ গুৱাহাটীত, ৯০০ চনৰপৰা ১১০০ খ্ৰীষ্টাব্দলৈ পাল ৰাজবংশ (কামৰূপ)ৰ অধীনত কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ৰাজ্যৰ ৰাজধানী আছিল। পাল শাসকসকলে ব্ৰহ্মপুত্ৰ নদৰ পাৰত নিজৰ ৰাজধানী নিৰ্মাণ কৰি ইয়াক এখন প্ৰাচীৰ আৰু এটা শক্তিশালী পালিচেডেৰে আগুৰি ৰাখিছিল, যাৰপৰা তেওঁলোকে ইয়াৰ নাম ৰাখিলে দুৰ্জয় যাৰ অৰ্থ অজেয়। তাত বহুতো ধনী ব্যৱসায়ীয়ে নিৰাপদে বাস কৰিছিল আৰু ইয়াত বহুতো প্লাষ্টাৰ কৰা স্তম্ভ শিখৰে গৌৰৱ প্ৰতিফলিত কৰিছিল। ৰজা বিদ্বান, ধৰ্মৰ গুৰু আৰু কবিসকলক পৃষ্ঠপোষকতা কৰিছিল আৰু তেওঁলোকে ইয়াক আশ্ৰয়ৰ স্থান হিচাপে গঢ়ি তুলিছিল।১
তথ্যসূত্ৰ
- ↑ Prakash, Col Ved. Encyclopedia of North-East India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুৰ্জয়” প্ৰবন্ধৰ সংশোধন ৫৫৭৩২৬ (২৫ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।