দেৱদাৰু (Polyalthia longifolia) একপ্ৰকাৰৰ চিৰসেউজ বৃক্ষ। দেৱদাৰু দীঘলীয়াকৈ শংকু আকাৰত বাঢ়ি যায় বাবে ঘৰৰ বাগিচা পদূলি আদিত সৌন্দৰ্য বৰ্ধনৰ বাবে ৰোৱা হয়। হিমালয় পৰ্বতৰ উপত্যকাত এই গছবিধ যথেষ্ট পৰিমাণে দেখা পোৱা যায়।১
বিৱৰণ
দেৱদাৰু এবিধ আকৃতিত মেজি ঘৰটোৰ দৰে জোঙা হৈ ক্ৰমে ওপৰলৈ আগবঢ়া চিৰসেউজীয়া গছ। হিমালয়ৰ উত্তৰআঞ্চল, তিব্বত আৰু নেপালত ১৫০০ মি,-৩২০০ মি, উচ্ছতাত এই গছবিধ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ পাতবোৰ বেজিৰ দৰে জোঙা।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱদাৰু” প্ৰবন্ধৰ সংশোধন ৫৪০৯১২ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।