ড° ধীৰাজ বৰা (Dhiraj Bora, ৩০ ছেপ্টেম্বৰ ১৯৫১ - ১৯ জুন ২০২১) এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী, শিক্ষাবিদ তথা অধ্যাপক আছিল। প্লাজমা বিজ্ঞানী হিচাপে বিখ্যাত ড° বৰা গুজৰাটৰ গান্ধীনগৰত অৱস্থিত প্লাজমা গৱেষণা প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক আছিল। তেওঁ ভাৰতৰ আন্তৰ্জাতিক থাৰ্মনিউক্লিয়াৰ পৰীক্ষামূলক ৰিয়েক্টৰৰ মুখ্য বিজ্ঞানী আছিল। বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১২ চনত তেওঁ কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।১ ২০১৬ চনত তেওঁ অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদ লাভ কৰিছিল আৰু মৃত্যুৰ লৈকে তেওঁ এই পদত অধিষ্ঠিত আছিল। ২০২১ চনৰ ১৯ জুন তাৰিখে তেওঁৰ মৃত্যু হয়।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৫১ চনৰ ৩০ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত ধীৰাজ বৰাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ললিত চন্দ্ৰ বৰা আৰু মাতৃ কুসুম বৰা। তেওঁ প্ৰাৰম্ভিক শিক্ষা গুৱাহাটীৰ চেনিকুঠি প্ৰাথমিক বিদ্যালয়ত গ্ৰহণ কৰিছিল।৩ তাৰপিছত তেওঁ মাণিক চন্দ্ৰ বৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা লাভ কৰে। তাৰপিছত তেওঁ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰে যদিও ভাৰত চৰকাৰৰ বৃত্তি লাভ কৰি সপ্তম শ্ৰেণীত তেওঁ মধ্য প্ৰদেশৰ ইন্দোৰত অৱস্থিত দা ডেলি কলেজত নামভৰ্তি কৰে। ইয়াৰ পৰা ১৯৬৮ চনত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত চেইণ্ট ষ্টিফেনছ কলেজত নামভৰ্তি কৰে আৰু ইয়াৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে।৩ ১৯৭৫ চনত ছোভিয়েট সংঘৰ মস্কোৰ পিপলছ ফ্ৰেণ্ডশ্বিপ ইউনিভাৰ্চিটিৰ পৰা প্ৰায়োগিক পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তাৰ পাছত তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আহমেদাবাদৰ ভৌতিক গৱেষণাগাৰ পৰা ১৯৭৯ চনত পিএইচডি ডিগ্ৰী লাভ কৰিছিল।৪
কৰ্মজীৱন
গুজৰাটৰ আহমেদাবাদত অৱস্থিত ভৌতিক গৱেষণাগাৰত কৰ্ম জীৱন আৰম্ভ কৰা ড° বৰাই প্লাজমা বিজ্ঞান আৰু নিউক্লিয়াৰ ফিউজন বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰখনত বহু অতুলনীয় অৱদান আগবঢ়াইছে।২ পিএইচডি ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ১৯৭৯ চনৰ ১৯৮২ খনলৈ তেওঁ ভৌতিক গৱেষণাগাৰত অতিথি বিজ্ঞানী হিচাপে কৰ্মৰত আছিল। তাৰপিছত তেওঁ ১৯৮৩ চনৰ পৰা ১৯৮৯ চনলৈ গুজৰাটৰ গান্ধীনগৰস্থিত প্লাজমা প্ৰতিষ্ঠানৰ সভ্য হিচাপে জড়িত আছিল। ইয়াত কৰ্মৰত অৱস্থাতে তেওঁ ১৯৮৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ অষ্টিনত অৱস্থিত ফিউজন গৱেষণা প্ৰতিষ্ঠানত অতিথি গৱেষক আছিল। ১৯৮৯ চনত তেওঁ জাৰ্মানীৰ জুয়েলিকত অৱস্থিত প্লাজমা পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানত অতিথি বিজ্ঞানী হিচাপে যোগদান কৰিছিল।৫ ১৯৯০ চনত তেওঁ ভাৰতলৈ ঘূৰি আহে আৰু গুজৰাটৰ প্লাজমা গৱেষণা প্ৰতিষ্ঠানত অধ্যাপক হিচাপে যোগদান কৰে। ইয়াত তেওঁ প্ৰজেক্ট মুৰব্বী হিচাপেও কৰ্ম সম্পাদন কৰা ড° বৰা আমেৰিকাৰ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ বিজনেছ স্কুলৰ প্ৰজেক্ট মেনেজাৰো আছিল।২
পৰৱৰ্তী সময়ত তেওঁ আইটিইআৰ ইণ্ডিয়াৰ মুখ্য বিজ্ঞানী হিচাপে অধিষ্ঠিত হোৱা অধ্যাপক বৰাই পাছলৈ প্ৰতিষ্ঠানটোৰ উপ-সঞ্চালকপ্ৰধান আৰু সঞ্চালকৰ পদো অলংকৃত কৰিছিল।১ অধ্যাপক বৰাই ২০০৬ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা ২০১২ চনৰ ডিচেম্বৰ মাহলৈ ফ্ৰান্সৰ কাডাৰাচেত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় সংস্থা আইটিইআৰৰ নিয়ন্ত্ৰণ, তাপন আৰু নিৰ্ধাৰণ সঞ্চালকালয়ৰ উপ-সঞ্চালক প্ৰধান আৰু সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। অধ্যাপক বৰা আই.এ.ই.এ. ফিউজন গৱেষণা সভাত কেইবাটাও ভাৰতীয় প্ৰতিনিধিদলৰ সদস্য আছিল।৪
তেওঁ মস্কোত ভাৰত-ছোভিয়েট কাৰিকৰী সহযোগিতাৰ ২৫ বছৰ উদযাপন কৰিবলৈ পঠিওৱা ভাৰতীয় বিজ্ঞান একাডেমীৰ প্ৰতিনিধি দলৰ সদস্য আছিল।৬ তেওঁ আন্তৰ্জাতিক বিশুদ্ধ আৰু প্ৰায়োগিক পদাৰ্থ বিজ্ঞান সংঘৰ (আইইউপিএপি) প্লাজমা পদাৰ্থ বিজ্ঞানৰ চি১৬ আয়োগ আৰু আই.এ.ই.এ.ৰ আন্তৰ্জাতিক পৰামৰ্শদাতা সমিতিৰ কাৰিকৰী সভাৰ সদস্য আৰু এছ.এছ.ও.জি. গোটৰ সদস্য আছিল। তেওঁ মুম্বাইৰ হোমি ভাভা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ (এইচবিএনআই) সংকায়ৰ সদস্য আছিল।৫
অধ্যাপক বৰা আইটিইআৰ পৰিচালনা পৰিষদৰ ভাৰতীয় প্ৰতিনিধি দলৰ সদস্য আছিল। তেওঁ ২০১৪ চনত এজন আইটিইআৰ এমিৰিটাছ ফেলো নিৰ্বাচিত হৈছিল। তেওঁ ২০১৫ চনৰ পৰা আই.এ.ই.এ.ৰ ফিউজন এনাৰ্জি কনফাৰেন্সৰ কাৰ্যসূচী সমিতিৰ সদস্য হৈ আছিল।৫
গান্ধীনগৰৰ প্লাজমা গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক পদত অধিষ্ঠিত থাকোঁতে তেওঁ ২০১৬ চনৰ নৱেম্বৰ মাহত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত নিযুক্তি লাভ কৰে আৰু মৃত্যুৰলৈকে তেওঁ এই পদত অধিষ্ঠিত থাকে।৭
বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় জাৰ্ণেলত দুশৰো অধিক প্ৰবন্ধ লিখা অধ্যাপক ড° বৰাই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত বহুবাৰ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছিল।৪
বঁটা আৰু সন্মান
ড° ধীৰাজ বৰায়ে ২০১২ চনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বাবে কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। ২০১৮ চনত নতুন দিল্লীৰ ভাৰতীয় বিশ্ববিদ্যালয় পৰিষদে গুৱাহাটী বিশ্ববিদ্যালয়ত পৰিৱেশ আৰু পৰিস্থিতিবিজ্ঞানৰ ওপৰত চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অধ্যাপক বৰাক জীৱন কাল প্ৰাপ্তি বঁটা প্ৰদান কৰিছিল। তেওঁ ভাৰতীয় প্লাজমা চাইন্স চছাইটিৰ কোষাধ্যক্ষ, সচিব আৰু সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।১ তেওঁ বহুতো ভাৰতীয় আৰু বিদেশী ভাষাত সাবলীল কৈ কব পাৰিছিল। ৰাছিয়ানৰ কাৰিকৰী অনুবাদকসকলৰ বাবে ৰাষ্ট্ৰীয় পঞ্জিকাত অধ্যাপক বৰাৰ নাম তালিকাভুক্ত কৰা হৈছে আৰু তেওঁ ৰাছিয়ানৰ পৰা ইংৰাজীলৈ কেইবাখনো কিতাপ আৰু মনোগ্ৰাফ অনুবাদ কৰিছিল।৪
মৃত্যু
২০২১ চনৰ ১৯ জুন তাৰিখে দিনৰ ১১:৩০ বজাত গুজৰাটৰ আহমেদাবাদৰ এখন চিকিৎসালয়ত তেওঁৰ হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।৬৪
তথ্যসূত্ৰ
- ↑ (19 June 2021). Renowned Physicist Prof. Dhiraj Bora Passes Away. pratidintime.com
- ↑ (19 June 2021). পৰ্যায়ৰ প্ৰখ্যাত পদাৰ্থবিজ্ঞানী, শিক্ষাবিদ অধ্যাপক ধীৰাজ বৰাৰ বিয়োগ. skynewsassam.in
- ↑ Dhiraj Bora with Diganta Oza. DOT
- ↑ (19 June 2021). Assam Science and Technology University family condoles demise of Vice Chancellor Prof Dhiraj Bora. nenow.in
- ↑ (19 June 2021). Renowned physicist Prof Dhiraj Bora passes away; CM Himanta Biswa Sarma, Governor Mukhi express grief. dy365.in
- ↑ (19 June 2021). Renowned Assamese academician Professor Dhiraj Bora passes away. newindianexpress.com
- ↑ (20 June 2021). Former IPR chief Dr Bora no more. timesofindia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধীৰাজ বৰা” প্ৰবন্ধৰ সংশোধন ৫৭১৩৪৬ (২৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।