অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

নতুন অসম গণ পৰিষদ

নতুন অসম গণ পৰিষদ (ন-অগপ) (ইংৰাজী: 'New Assamese People's Association') ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল আছিল। অসম গণ পৰিষদ দলৰ বিভাজনৰ জৰিয়তে ন-অগপ দল গঠিত হৈছিল। পূৰ্বৰ সাংসদ আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী দীনেশ গোস্বামী আৰু অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত ন-অগপ গঠিত হৈছিল।

হালনাগাদ: ২৬ ফেব্ৰুৱাৰী ২০২৩ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

নতুন অসম গণ পৰিষদ (ন-অগপ) (ইংৰাজী ভাষা: 'New Assamese People's Association') ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল আছিল। অসম গণ পৰিষদ দলৰ বিভাজনৰ জৰিয়তে ন-অগপ দল গঠিত হৈছিল। পূৰ্বৰ সাংসদ আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী দীনেশ গোস্বামী আৰু অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত ন-অগপ গঠিত হৈছিল। ১ দীনেশ গোস্বামী আৰু ভৃগু কুমাৰ ফুকন সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত ১৯৮০ দশকৰ আৰম্ভনিতে আৰম্ভ হোৱা অসম আন্দোলনৰ অগ্ৰণী নেতা আছিল। ন-অগপ দলৰ অন্যান্য উল্লেখনীয় নেতাসকলৰ ভিতৰত অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামী আৰু অসম বিধানসভাৰ ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱা অন্যতম আছিল।

১৯৯৪ চনত ন-অগপ অগপ দলৰ সৈতে চামিল হয়। ভৃগু কুমাৰ ফুকনক অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছিল। পিছলৈ সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী আৰু অসম গণ পৰিষদ দলৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে হোৱা মতবিৰোধৰ বাবে ফুকনক সেই পদৰ পৰা অপসাৰিত কৰাৰ লগতে শেষত ১৯৯৭ চনত দলৰ পৰা বহিস্কাৰ কৰা হৈছিল। ন-অগপ দলৰ অন্য এজন নেতা আৰু প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামী পিছলৈ অগপ দলৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Kumar, Arun (ed.). The Tenth Round - Story of the Indian Elections 1991. কলিকতা: Rupa & Co., 1991. p. 141

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বিলুুপ্ত ৰাজনৈতিক দলঅসমৰ ৰাজনৈতিক দল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নতুন অসম গণ পৰিষদ” প্ৰবন্ধৰ সংশোধন ৩৪৭১১৮ (২৬ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।