অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নিউ বঙাইগাঁও জংচন ৰেল ষ্টেচন

নিউ বঙাইগাঁও ৰেল জংচন বঙাইগাঁও নগৰৰ পশ্চিম প্ৰান্তত অৱস্থিত। এই জংচনটো অসমৰ দ্বিতীয় বৃহত আৰু নামনি অসমৰ বৃহত্তম ষ্টেচন। উক্ত ষ্টেচনত অসমলৈ অহা সকলো ধৰণৰ যাত্ৰীবাহী ৰেল ৰখোৱা হয় যেনে - ৰাজধানী এক্সপ্ৰেছ, নৰ্থ-ইষ্ট এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ ইত্যাদি।

হালনাগাদ: ২২ জুন ২০২৬ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

নিউ বঙাইগাঁও ৰেল জংচন বঙাইগাঁও নগৰৰ পশ্চিম প্ৰান্তত অৱস্থিত। এই জংচনটো অসমৰ দ্বিতীয় বৃহত আৰু নামনি অসমৰ বৃহত্তম ষ্টেচন। উক্ত ষ্টেচনত অসমলৈ অহা সকলো ধৰণৰ যাত্ৰীবাহী ৰেল ৰখোৱা হয় যেনে - ৰাজধানী এক্সপ্ৰেছ, নৰ্থ-ইষ্ট এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ ইত্যাদি।

ইতিহাস

১৯৬৩ৰ পৰা ১৯৬৫ৰ ভিতৰত নিৰ্মাণ কৰা ২৬৫ কিঃমিঃ দীঘল নিউ জলপাইগুৰি-যোগীঘোপা লাইনৰে অসমত ব্ৰডগ'জ ৰেলপথৰ সূচনা কৰা হৈছিল। বঙাইগাঁও ৰেল ষ্টেচনটো এই পথৰ বাহিৰত পৰা বাবে নিউ বঙাইগাঁও ৰেল ষ্টেচন স্থাপন কৰা হৈছিল।১ নিউ বঙাইগাঁওৰ পৰা গুৱাহাটীলৈ নিৰ্মাণ কৰা ব্ৰডগ'জ পথ ১৯৮৪ত মুকলি কৰা হৈছিল।২ মূলতঃ মিটাৰগ'জ ৰেলপথৰ বাবে নিৰ্মাণ কৰা শৰাইঘাট দলং ১৯৬২ত মুকলি কৰা হৈছিল। পিছলৈ এই মিটাৰগ'জ পথটো ব্ৰডগ'জলৈ সলনি কৰা হৈছিল।৩

দ্বৈত ৰেলপথ

নিউ বঙাইগাঁওৰ পৰা ৰঙিয়া হৈ কামাখ্যালৈ দ্বৈত ৰেলপথ নিৰ্মাণৰ বাবে ২০১৩-১৪ বৰ্ষৰ ৰেল বাজেটত ধন অনুমোদন কৰা হৈছে।৪ শামুকতলা ৰোড আৰু নিউ বঙাইগাঁও ষ্টেচনৰ মাজত ইতিমধ্যে দ্বৈত পথ নিৰ্মাণ কৰা হৈছে।৫

সা-সুবিধা

এইটো ষ্টেচনত দুটা দুখন বিচনাযুক্ত ৰিটায়াৰিং কোঠা আছে।৬

কাৰখানা

নিউ বঙাইগাঁও ষ্টেচনৰ পৰা ২ কিঃমিঃ পশ্চিমে ইঞ্জিন আৰু ডবা কাৰখানা অৱস্থিত। এইটো ষাঠিৰ দশকতে স্থাপিত এই কাৰখানাত মেৰামতিৰ উপৰিও উত্পাদনৰো সুবিধা আছে।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Moonis Raza & Yash Aggarwal. Transport Geography of India: Commodity Flow and the Regional Structure of Indian Economy. page 60. Concept Publishing Company, A-15/16 Commercial Block, Mohan Garden, New Delhi - 110059. ISBN 81-7022-089-0
  2. ↑ IR History: Part V (1970-19950. IRFCA
  3. ↑ 50 years of Saraighat bridge. The Times of India, 7 November 2012
  4. ↑ Rail budget 2013: Wait for electric trains in India’s North-East gets longer. First post economy
  5. ↑ Rajya Sabha unstarred question no. 1677 to be answered on 7 December 2012. Ministry of Railways
  6. ↑ Retiring rooms in Northeast Frontier Railway. Indian Railways
  7. ↑ C&W Workshop, New Bongaigaon. C&W Workshop

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰেল ষ্টেচনবঙাইগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিউ বঙাইগাঁও জংচন ৰেল ষ্টেচন” প্ৰবন্ধৰ সংশোধন ৬১৩৫৫৪ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।