দেৰগাঁও বিধানসভা সমষ্টি (ইংৰাজী ভাষা: Dergaon Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও গোলাঘাট আৰু যোৰহাট জিলাৰ আংশিক এলেকা সামৰি এই সমষ্টিটো ১০৪ নম্বৰ সমষ্টি হিচাপে বাহাল ৰখা হয়।
এই সমষ্টিটো মুখ্যত: গোলাঘাট জিলাৰ অন্তৰ্গত আৰু ই কাজিৰঙা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই কলিয়াবৰ লোকসভা সমষ্টিৰ অংশ আছিল)। সমষ্টিটো অনুসূচিত জাতিৰ (SC) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
বিধানসভাৰ সদস্যসকল
| নিৰ্বাচন | সদস্য | দলৰ সংযোগ | |
|---|---|---|---|
| ১৯৫৭ | ৰামনাথ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৫৭ | নৰেন্দ্ৰ নাথ শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬২ | ৰামনাথ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬৫ (উপ-নিৰ্বাচন) | এন. কে. হাজৰিকা | সংযুক্ত চোচিয়েলিষ্ট পাৰ্টী | |
| ১৯৬৭ | নৰেন্দ্ৰ নাথ শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৭২ | হৰেশ্বৰ ৰাজখোৱা | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৭৮ | ৰামেশ্বৰ দাস | জনতা পাৰ্টি | |
| ১৯৮৩ | আৰতি হাজৰিকা কছাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | ভবেন্দ্ৰ নাথ ভৰালী | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৯১ | আৰতি হাজৰিকা কছাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | সুষিলা হাজৰিকা | অসম গণ পৰিষদ | |
| ২০০১ | হেমা হৰি প্ৰসন্ন বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৬ | আৰতি হাজৰিকা কছাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১১ | আৰতি হাজৰিকা কছাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১৬ | ভবেন্দ্ৰ নাথ ভৰালী | অসম গণ পৰিষদ | |
| ২০২১ | |||
| ২০২৬ | মৃদুল কুমাৰ দত্ত | ভাৰতীয় জনতা পাৰ্টী |
নিৰ্বাচনী ফলাফল
২০২৬ চনৰ বিধানসভা নিৰ্বাচন
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী মৃদুল কুমাৰ দত্তই বিজয় সাব্যস্ত কৰি দেৰগাঁও সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:
২০২১ চনৰ বিধানসভা নিৰ্বাচন
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত দেৰগাঁও সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৰগাঁও বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৪৮ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।