ড° দিলীপ শৰ্মা (-) এগৰাকী অসমীয়া গণিত অধ্যাপক১, শিক্ষাবিদ, লেখক। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে সপ্তম স্থান অধিকাৰ কৰা দিলীপ শৰ্মাই গণিতক সন্মানীয় বিষয় হিচাপে লৈ ১৯৭৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বি.এ.ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ উত্তীৰ্ণ হয়। নগাঁও বিশ্ববিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা দিলীপ শৰ্মাই পিছত কটন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে আৰু তাৰে গণিত বিভাগৰ পৰা মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। তাৰ পিছত গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত গণিত বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে যোগদান কৰে।২
তেওঁ ১০খন জনপ্ৰিয় গণিতৰ গ্ৰন্থ ৰচনা কৰিছে। ভাৰতীয় গণিতজ্ঞ ভাস্কৰাচাৰ্যৰ লীলাৱতীৰ তেওঁ অনুবাদ কৰিছে। অসম গণিত শিক্ষায়তনৰদ্বাৰা প্ৰকাশিত গণিত বিকাশ আলোচনীখন ছমহীয়া হৈ থাকোঁতে তেওঁ সম্পাদনা কৰিছিল। ড° দিলীপ শৰ্মাই মাধ্যমিক, উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ বাবে কেইবাখনো পাঠ্যপুথি ৰচনা কৰিছে। বিভিন্ন কাকত-আলোচনীত তেওঁৰ চাৰিকুৰিৰো অধিক প্ৰবন্ধ-গল্প প্ৰকাশ পাইছে। অবিকল, বাৰ ওঠৰ আদি আলোচনীৰ তেওঁ নিয়মীয়া লেখক। ছপা মাধ্যমেৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ক্ষেত্ৰলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱাৰ বাবে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে ২০১৭ বৰ্ষৰ ৰাষ্ট্ৰীয় বঁটাৰে ড° দিলীপ শৰ্মাক সন্মানিত কৰিছে। ২
জন্ম আৰু পৰিয়াল
অসমৰ নলবাৰী জিলাৰ সন্ধেলী নামৰ ঠাইত দিলীপ শৰ্মাৰ জন্ম হৈছিল।২ তেখেতৰ পিতৃৰ নাম নবীন চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম কামিনী দেৱী।
শিক্ষা
১৯৭১ চনত দিলীপ শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে সপ্তম স্থান অধিকাৰ কৰিছিল। ১৯৭২ চনত প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত প্ৰথম স্থানত উত্তীৰ্ণ হয়। লজিক আৰু সংস্কৃত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰে। গণিতক সন্মানীয় বিষয় হিচাপে লৈ ১৯৭৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ উত্তীৰ্ণ হয়। ইয়াৰ পিছতে প্ৰথম শ্ৰেণীৰ তৃতীয় স্থানত ১৯৭৭ চনত গণিতত এম.এ. পছ কৰে। ইয়াৰ পিছত তেওঁ এম.ফিল. আৰু ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰে। ২
কৰ্মজীৱন
নগাঁও বিশ্ববিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা দিলীপ শৰ্মাই পিছত কটন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। কটন বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ পৰা মুৰব্বী অধ্যাপক১ হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰে। তাৰ পিছত গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত গণিত বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে যোগদান কৰে। ২
সাহিত্যিক জীৱন
ড° দিলীপ শৰ্মাই ১০খন জনপ্ৰিয় গণিতৰ গ্ৰন্থ ৰচনা কৰিছে। ভাৰতীয় গণিতজ্ঞ ভাস্কৰাচাৰ্যৰ লীলাৱতীৰ তেওঁ অনুবাদ কৰিছে আৰু অসম প্ৰকাশন পৰিষদৰ পৰা সেয়া প্ৰকাশ হৈছে। ২ অসম গণিত শিক্ষায়তনৰদ্বাৰা প্ৰকাশিত গণিত বিকাশ আলোচনীখন ছমহীয়া হৈ থাকোঁতে তেওঁ সম্পাদনা কৰিছিল।১
গ্ৰন্থপঞ্জী
কিতাপ
- গণিতদ্ৰষ্টা ৰামানুজন
- নিষ্ণাত গণিতজ্ঞ
- সংখ্যাৰ কাননত
- ইউক্লিড আৰু জ্যামিতি
- নিৰুপম গণিত
- সংখ্যাৰ জগতত বটুছাৰ
- অমিততেজা গণিতজ্ঞ
- প্ৰাচীন ভাৰতত গণিত-চৰ্চা
- অনুপম গণিত
- কুৰিজন ভাৰতীয় গণিত সাধক
স্বীকৃতি আৰু সন্মান
- ২০১৭ বৰ্ষৰ ৰাষ্ট্ৰীয় বঁটা, ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ
লগতে চাওক
তথ্যসূত্ৰ
- ↑ প্ৰবীণ দাস. (২০২০). গণিত বিকাশৰ ই-সংস্কৰণ. গণিত বিকাশ. পৃ. ৩, ৪
- ↑ দিলীপ শৰ্মা. (ডিচেম্বৰ,২০২০). কূৰিজন ভাৰতীয় গণিত-সাধক. ৰঞ্জন শৰ্মা,বান্ধৱ প্ৰকাশন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিলীপ শৰ্মা (গণিত লেখক)” প্ৰবন্ধৰ সংশোধন ৫২৪৯৫৬ (১৮ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।