ডিমৌ নদী হৈছে দিচাং নদীৰ উপনদী। এই নদীখনৰ দৈৰ্ঘ্য ৫৮ কি:মি: আৰু অৱবাহিকাৰ কালি ৩২০ বৰ্গ কি:মি:।
উৎপত্তি
ডিব্ৰুগড় জিলাত লেঙেৰী অঞ্চলৰ ঘগৰাজান আৰু কাৱৈমাৰি জান মিলি ডিমৌ নদীৰ উৎপত্তি হয়।
গতিপথ
ঘগৰাজান আৰু কাৱৈমাৰি জান মিলি পশ্চিমমুৱাহৈ নামদাং বনাঞ্চলৰ মাজেদি বৈ আহে। তাৰ পৰা খোৱাংৰ পৰা ৬কি:মি: পূবত কলৌলোৱা জানৰ সৈতে লগ লাগে। তাৰ পৰা দক্ষিণ-পশ্চিম দিশত বৈ আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত) পাৰ হৈ খোৱাং চহৰৰ কাষেৰে গৈ তিলৈ নদী লগ লাগিছে। তাৰ পাচত দক্ষিণ-পশ্চিমমুৱা হৈ ডিমৌ ওচৰৰ দিখাৰি বাগানলৈকে বৈ আহি পশ্চিমমুৱা হয়। ইয়াৰ পৰা পানীদিহিং বনাঞ্চল মাজেদি বৈ গৈ ধাইআলি পাৰ হৈ আখৈফুটীয়াৰ পশ্চিমৰ ডিখৌমুখত ডিমৌ নদী দিচাং নদীৰ সৈতে লগ লাগিছে।
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিমৌ নদী” প্ৰবন্ধৰ সংশোধন ২৩১৫৭৫ (২৫ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।