অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ডিমৰু

ডিমৰু (Fig, বৈজ্ঞানিক নাম: "ফিকাছ কেৰিকা", প্ৰজাতি ফিকাছ, জাতি কেৰিকা, কুল ম’ৰেছী) পকিলে সৰি পৰা এবিধ গছৰ ফল। ফলটো পকিলে খায়। ফলটো শুকাই বেচা হয়। শুকান ফলটো টুকুৰা কৰি গাখীৰৰ লগত খায়। ফলবিধৰ বহুতো গুণ আছে। ইয়াৰে জেলীও বনোৱা হয়। শুকান ফলটোত ৬২% চেনি আৰু সতেজ ফলটোত ২২% থাকে।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

ডিমৰু (Fig, বৈজ্ঞানিক নাম: "ফিকাছ কেৰিকা", প্ৰজাতি ফিকাছ, জাতি কেৰিকা, কুল ম’ৰেছী) পকিলে সৰি পৰা এবিধ গছৰ ফল। ফলটো পকিলে খায়। ফলটো শুকাই বেচা হয়। শুকান ফলটো টুকুৰা কৰি গাখীৰৰ লগত খায়। ফলবিধৰ বহুতো গুণ আছে। ইয়াৰে জেলীও বনোৱা হয়। শুকান ফলটোত ৬২% চেনি আৰু সতেজ ফলটোত ২২% থাকে। ইয়াত কেলছিয়াম, ভিটামিন এ আৰু বি যথেষ্ট পৰিমাণে পোৱা যায়।

ডিমৰু পাকিস্তানৰ পৰা গ্ৰীচলৈ পোৱা ভূমধ্যসাগৰ আৰু দক্ষিণ-পশ্চিম এছিয় মূলৰ এবিধ জোপোহা পৰ্ণপাতী (পাতসৰা) উদ্ভিদ। ইয়াৰ দীঘ ৩ৰ পৰা ১০ফুটলৈকে। ডিমৰু এবিধ অতি পুৰণা ফল। ফলটো ৰসাল আৰু শাহ থকা। ইয়াৰ ৰং পাতল হালধীয়া, ডাঠ সোণালী বা ডাঠ বেঙুনীয়া হ’ব পাৰে। ডিমৰু নিজৰ সৌন্দৰ্য্য আৰু সোৱাদৰ বাবে প্ৰসিদ্ধ এবিধ সুস্বাদু, স্বাস্থ্যৰ বাবে উপকাৰী ফল। অতীজৰ মিছৰতো এইবিধ ফল খোৱা হৈছিল। আজিকালি ইয়াক ইৰাণ, মধ্য এছিয়া আৰু ভূমধ্যসাগৰীয় অঞ্চলত কৰা হয়। প্ৰাচীন গ্ৰীচত ফলবিধ বেপাৰৰ দিশত বৰ গুৰুত্বপূৰ্ণ আছিল। আজি পৃথিৱীৰ সবাতোকৈ পুৰণি ডিমৰুৰ গছ চিচিলিৰ বাৰী এখনত আছে।১

তথ্যসূত্ৰ

  1. ↑ अनोखे अंजीर. अभिव्यक्ति

সম্পৰ্কিত শ্ৰেণী

ঔষধি উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিমৰু” প্ৰবন্ধৰ সংশোধন ৫৪০৯৪৭ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।