অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তুলসী নাৰায়ণ শৰ্মা

তুলসী নাৰায়ণ শৰ্মা(Tulshi Narayan Sharma; ১৮৯৯-১৯৫২)এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ আছিল। ১৮৯৯ চনৰ ৫ ছেপ্টেম্বৰত তুলসী নাৰায়ণ শৰ্মাৰ যোৰহাটৰ চাৰিগাঁৱত জন্ম হয়। পিতৃৰ নাম সোণাৰাম।

হালনাগাদ: ২৪ জানুৱাৰী ২০২৬ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

তুলসী নাৰায়ণ শৰ্মা(Tulshi Narayan Sharma; ১৮৯৯-১৯৫২)এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ আছিল। ১৮৯৯ চনৰ ৫ ছেপ্টেম্বৰত তুলসী নাৰায়ণ শৰ্মাৰ যোৰহাটৰ চাৰিগাঁৱত জন্ম হয়।১ পিতৃৰ নাম সোণাৰাম।২

শিক্ষা

১৯১৮ চনত যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰপৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি ১৯২৩ চনত সংস্কৃত বিষয়ত সন্মানসহ কটন কলেজৰপৰা স্নাতক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কলিকতা বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে। ইয়াৰপৰা সংস্কৃতত স্নাতকোত্তৰ ডিগ্ৰী লৈ পুনৰ ১৯৪৩ চনত প্ৰাইভেটকৈ পৰীক্ষা দি অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২ তুলসী নাৰায়ণ শৰ্মা অসমীয়া সাহিত্যৰ লগতে ইংৰাজী সাহিত্যৰো পণ্ডিত আছিল আৰু সংস্কৃতত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ‘প্ৰাচ্যবিদ্যাৰত্ন’ উপাধি লাভ কৰিছিল।

কৰ্ম জীৱন

অনুবাদক ৰূপে শৰ্মাই কৰ্মজীৱন আৰম্ভ কৰিছিল। এবছৰৰ বাবে তেওঁ যোৰহাট জিলাৰ টীয়ক মৌজাৰ মৌজাদাৰো আছিল।২ ১৯৩৩ চনত তুলসী নাৰায়ণ শৰ্মা প্ৰমুখ্যে ভালেকেইগৰাকী ব্যক্তিৰ উদ্যোগত যোৰহাটত উজনি অসমৰ প্ৰথমখন উচ্চ শিক্ষাৰ অনুষ্ঠান জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় গঢ় লৈ উঠে। জগন্নাথ বৰুৱা কলেজৰ তেতিয়াৰ নাম আছিল ‘যোৰহাট কলেজ’।২ তেওঁ সেই কলেজৰ দ্বিতীয়গৰাকী অধ্যক্ষ আছিল। ১৯৪৫ চনত শৰ্মা এই মহাবিদ্যালয়ৰ উপাধ্যক্ষ আছিল। তেতিয়াৰ অধ্যক্ষ কৃষ্ণকান্ত সন্দিকৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদ গ্ৰহণ কৰাত২ ১৯৪৮ চনৰ পৰা ১৯৫২ চনলৈ তুলসী নাৰায়ণ শৰ্মাই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপে কৰ্মসম্পাদন কৰে। ১৯৩০ চনৰ পৰা ১৯৫২ চনলৈ তেওঁ উক্ত মহাবিদ্যালয়ৰে সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপকো আছিল।৩

শৰ্মা অসম ছাত্ৰ সন্মিলনীৰ সদস্য আছিল আৰু ফুটবল খেলুৱৈ হিচাপেও তেওঁ নাম কৰিছিল।

সমাজ, শিক্ষা আৰু সংস্কৃতি বিষয়ক তেওঁৰ অনেক প্ৰবন্ধ সেইসময়ৰ বিভিন্ন আলোচনীত প্ৰকাশ হৈছিল। সজ আচৰণ আৰু বিয়াৰ উপহাৰ শৰ্মাৰ দ্বাৰা ৰচিত দুখন অসমীয়া কিতাপ। কেইবাখনো সংস্কৃত পুথি তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল আৰু আমাৰ দেশ নামৰ কিশোৰ আলোচনী এখনৰ সম্পাদক আছিল। শৰ্মাই ১৯৪৮ চনত মাদ্ৰাজত বহা দক্ষিণ-পূৱ এছীয় শিক্ষা সন্মিলনত আমন্ত্ৰিত অতিথি ৰূপে যোগদান কৰিছিল।২ ১৯৫২ চনত তেওঁৰ মৃত্যু হয়।৪

বাৰ্দ্ধক্যজনিত ৰোগত ২০২০ চনৰ ১৯ অক্টোবৰ তাৰিখে গুৱাহাটীৰ এপ'ল' হস্পিটেলত মৃত্যু বৰণ কৰা ভাৰতৰ এগৰাকী অৰ্থনীতিবিদ জয়ন্ত মাধৱ তুলসী নাৰায়ণ শৰ্মাৰ পুত্ৰ আছিল।৫

তথ্যসূত্ৰ

  1. ↑ শ্ৰীমতী চন্দ্ৰমা বৰকটকী. সাহিত্য মাধুৰী. এ বি এম পাব্লিছিং হাউচ্. পৃ. ২
  2. ↑ অসমীয়া জীৱনী অভিধান. শিৱনাথ বৰ্মন. চ’ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড. পৃ. ১১৬-১১৭
  3. ↑ জগন্নাথ বৰুৱা মহাবিদ্যালয়
  4. ↑ (28 June 2015). Jorhat NGO gets new building. telegraphindia.com
  5. ↑ (২০ অক্টোবৰ, ২০২০). আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অৰ্থনীতিবিদ ড॰ জয়ন্ত মাধৱৰ দেহাৱসান. অসমীয়া প্ৰতিদিন

সম্পৰ্কিত শ্ৰেণী

অসমীয়া শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুলসী নাৰায়ণ শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৭১২৮৮ (২৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।