তেজপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Tezpur Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও শোণিতপুৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
এই সমষ্টিটো শোণিতপুৰ জিলাৰ অন্তৰ্গত আৰু ই শোণিতপুৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই তেজপুৰ লোকসভা সমষ্টিৰ অংশ আছিল)। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।
বিধানসভাৰ সদস্যসকল
| Election | Member | Party affiliation | Margin of Victory | |
|---|---|---|---|---|
| সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে ১৯৫২ চনত তেজপুৰ উত্তৰ আৰু তেজপুৰ দক্ষিণ নামেৰে দুটা সমষ্টি আছিল | ||||
| ১৯৫২ (উত্তৰ) | বিশ্বদেৱ শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ | ||
| ১৯৫২ (দক্ষিণ) | কমলা প্ৰসাদ আগৰৱালা | ভাৰতীয় জাতীয় কংগ্ৰেছ | ||
| ১৯৫৭ চনৰ পৰা তেজপুৰ একক সমষ্টি হিচাপে গঠিত হয় | ||||
| ১৯৫৭ | কমলা প্ৰসাদ আগৰৱালা | ভাৰতীয় জাতীয় কংগ্ৰেছ | ||
| ১৯৬২ | ||||
| ১৯৬৭ | বিষ্ণু প্ৰসাদ ৰাভা | স্বতন্ত্ৰ প্ৰাৰ্থী | ৩৭৩ | |
| ১৯৭০ (উপ-নিৰ্বাচন) | বিজয় চন্দ্ৰ ভাগৱতী | ভাৰতীয় জাতীয় কংগ্ৰেছ | ||
| ১৯৭২ | ৰবীন্দ্ৰ কুমাৰ গোস্বামী | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৪,১৪৯ | |
| ১৯৭৮ | জীৱন বৰা | জনতা পাৰ্টী | ৯,৯৬১ | |
| ১৯৮৩ | নবীন চন্দ্ৰ কাঠ হাজৰীকা | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৫,০৮৪ | |
| ১৯৮৫ | বৃন্দাবন গোস্বামী | স্বতন্ত্ৰ প্ৰাৰ্থী | ২০,১২০ | |
| ১৯৯১ | বিজিত শইকীয়া | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১০,৫৬৪ | |
| ১৯৯৬ | বৃন্দাবন গোস্বামী | অসম গণ পৰিষদ | ১,৮৮৩ | |
| ২০০১ | ৯৯৪ | |||
| ২০০৬ | ৮,৪২৪ | |||
| ২০১১ | ৰাজেন বৰঠাকুৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ২১,৫৮২ | |
| ২০১৬ | বৃন্দাবন গোস্বামী | অসম গণ পৰিষদ | ৩৪,৬৬৩ | |
| ২০ইউ১ | পৃথ্বীৰাজ ৰাভা | অসম গণ পৰিষদ | ৯,৮৬০ | |
| ২০২৬ | ১৯,৯৫০ |
নিৰ্বাচনী ফলাফল
২০২৬ চনৰ বিধানসভা নিৰ্বাচন
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ (AGP) দলৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাই বিজয় সাব্যস্ত কৰি তেজপুৰ সমষ্টিৰ বিধায়ক হিচাপে পুনৰ নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:
২০২১ চনৰ বিধানসভা নিৰ্বাচন
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজপুৰ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩০০১৯ (২৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।