অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
চুদিংফা
চুদিংফা বা চ্যু-দিং-ফা ওৰফে চন্দ্ৰকান্ত সিংহ ১৯৩২ শকৰ ৬ মাঘত অসমৰ ৰজা হৈছিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ভায়েক আছিল। ৰজা হোৱাৰ সময়ত তেওৰ বয়স আছিল তেৰ বছৰ। তেও দুবাৰকৈ অসমৰ ৰজা হৈছিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউৰ দিনতে কুকুৰাচোৱা ভুতৰ পুতেকৰ খবৰ সংঘটিত হৈছিল।
-
জ্ঞানদা কাকতি
জ্ঞানদা কাকতি (Gyanada Kakati) এগৰাকী অসমীয়া অভিনেত্ৰী আৰু কণ্ঠশিল্পী। ১৯৪৯ চনত পাৰঘাট ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰা কাকতিয়ে অসমীয়াৰ উপৰিও বঙালী ছবিতো অভিনয় কৰিছে। পূবেৰুণ ছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয় হোৱা কাকতিয়ে ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোসৎৱত অংশগ্ৰহণ কৰে।
-
টুপীমূৰীয়া বান্দৰ
টুপীমূৰীয়া বান্দৰ (Capped Langur) উত্তৰ-পূব ভাৰতত সচৰাচৰ দেখা পোৱা এবিধ বান্দৰৰ প্ৰজাতি। এই বান্দৰৰ প্ৰজাতিটো বিশ্বৰ অন্যান্য দেশ যেনে, বাংলাদেশ, নেপাল, ভূটান, চীন, আৰু ম্যানমাৰতো পোৱা যায়। টুপীমূৰীয়া বান্দৰৰ প্ৰধান বসতিস্থল চিৰসেউজীয়া বনাঞ্চল।
-
ডুমডুমা
ডুমডুমা অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন নগৰ।
-
দীনেশ দাস
দীনেশ দাস (Dinesh Das, ১৯৪১-বৰ্তমান) অসমৰ এজন অভিনেতা। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰ, মঞ্চ নাটক, অনাতাঁৰ নাটক, দূৰদৰ্শন ধাৰাবাহিক, টেলিফিল্ম, চুটি ছবি আৰু ভিডিঅ' ছবিত অভিনয় কৰিছে। চলচ্চিত্ৰত তেওঁ প্ৰধানকৈ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে।
-
দীপালী বৰঠাকুৰ
দীপালী বৰঠাকুৰ (Deepali Borthakur, ৩০ জানুৱাৰী, ১৯৪১ - ২১ ডিচেম্বৰ ২০১৮) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী।
-
পাইক প্ৰথা
পাইক প্ৰথা (Paik System) আহোমসকলৰ ৰাজত্ব কালত প্ৰচলিত এক প্ৰথা আছিল। বিশ্বাস কৰা হয় যে, এই প্ৰথাটো দক্ষিণ-পূব এছিয়াত প্ৰচলিত আছিল। আহোমসকল ১২২৮ খ্ৰীষ্টাব্দত অসমলৈ অহাৰ পিছত এই প্ৰথাৰ প্ৰচলন কৰে। এই প্ৰথাটোকে ১৬০৯ খ্ৰীষ্টাব্দত মোমাই তামূলী বৰবৰুৱাই কিছু সাল-সলনি কৰি নতুনকৈ প্ৰচলন কৰে।
-
পুতলা নাচ
পুতলা নাচ (Marionette) হৈছে পুতলা বা পাপেট (Puppet)-সমূহক সূতা লগাই ওপৰৰ পৰা পৰিচালনা কৰা এক কলা।পুতলা নাচক ভাৰতীয় নাট্য সাহিত্যৰ আদি বুলি কোৱা হয়। পাচালী সাহিত্য নামৰ পাচালিকাৰ পৰা উদ্ভৱ হোৱা সাহিত্যৰ মূলো হৈছে এই পুতলা।পুতলা নাচত নৃত্য-গীত আৰু নাটকীয় মুদ্ৰাৰ সংযোগ ঘটে।
-
পুষ্য বৰ্মা
পুষ্য বৰ্মা (Pushya Varman)(ৰাজত্ব ৩৫০-৩৭৪) হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা। তেওঁ ৩৫০ খ্ৰীষ্টাব্দত কামৰূপত এই বংশৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ সময়তে ব্ৰাহ্মণ সকলৰ প্ৰভাৱ ৰাজ্যখনত বৃদ্ধি পাইছিল। তেওঁ মগধৰ বিখ্যাত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল।
-
বিজয় শংকৰ
বিজয় শংকৰ (Bijay Sankar) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী অভিনেতা আছিল। তেওঁৰ জনপ্ৰিয় নাম হৈছে অকুদা। পঞ্চাচ আৰু ষাঠিৰ দশক দুটা অসমীয়া চলচ্চিত্ৰত তাৰকা প্ৰথাৰ আৰম্ভণি হোৱাৰ প্ৰত্যক্ষদৰ্শী।
-
ভট্টদেৱ
ভট্টদেৱ (Bhattadeva, ১৫৫৮ – ১৬৩৮) অসমৰ শঙ্কৰোত্তৰ কালৰ কবিসকলৰ ভিতৰত অন্যতম। ভট্টদেৱে সমসাময়িক সাহিত্যৰ প্ৰচলিত মাধ্যম পৰিহাৰ কৰি নতুন মাধ্যম এটা গ্ৰহণ কৰিবলৈ আগবঢ়াত যথেষ্ট সাহসৰ পৰিচয় দিছিল। সেয়ে এওঁকেই প্ৰকৃতাৰ্থত অসমীয়া গদ্য সাহিত্যৰ জনকৰূপে আখ্যায়িত কৰিব পাৰি।
-
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী (Indian Institute of Technology Guwahati, भारतीय प्रोद्योगिकी संसथान गुवाहाटी, IIT Guwahati, IITG) হৈছে ভাৰতৰ ষষ্ঠখন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰে অসমৰ গুৱাহাটীত প্ৰতিষ্ঠা কৰে।
-
ময়ূৰ বৰা
ময়ূৰ বৰা (Mayur Bora; জন্ম: ১৯৭০) এজন অসমীয়া লেখক, চিন্তাবিদ আৰু সমালোচক। একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা।
-
মেঠোন
মেঠোন (Gaur, Indian bison, বৈজ্ঞানিক নাম-Bos gaurus) দক্ষিণ-পূব এছিয়াৰ এবিধ বৃহৎ আকাৰৰ স্থানীয় প্ৰজাতি৷ এই প্ৰজাতিবিধ আই ইউ চি এন ৰঙা তালিকাত অসুৰক্ষিত হিচাপে স্বীকৃতি দিয়া হৈছে৷৷ মেঠোনৰ দেহৰ উচ্চতা বনৰীয়া Cattle সমূহৰ ভিতৰত সৰ্বাধিক৷
-
শাওণ
শাওণ অসমীয়া বৰ্ষপঞ্জীৰ চতুৰ্থ মাহ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় শকাব্দৰ পঞ্চম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। শাওণত ৩২ দিন থাকে। ১শাওণ হ'ল এই মাহৰ প্ৰথম দিন।
-
সঞ্জীৱ হাজৰিকা
সঞ্জীৱ হাজৰিকা (Sanjeev Hazarika) অসমৰ এজন মঞ্চ আৰু চলচ্চিত্ৰাভিনেতা, নাট পৰিচালক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৫৬ চনত তেওঁৰ জন্ম হয়। ১৯৮০ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৮ চনত তেওঁ আকাশবাণী গুৱাহাটীৰ অনাতাঁৰ নাটকৰ অভিনেতা হিচাপে বাচনিভূক্ত হয়।
-
সাঁচিপাত
সাঁচিপাত হৈছে সাঁচিগছৰ (Aquilaria agallocha) ছালৰ পৰা তৈয়াৰ কৰা মধ্যযুগীয় অসমত ব্যৱহৃত এক লেখন সামগ্ৰী। মূলতঃ এইবোৰ আছিল হাতেলিখা পুথি (manuscript)। ঐতিহাসিক দৃষ্টিকোণৰে অসমত সাঁচিপাতৰ ব্যৱহাৰ প্ৰায় সপ্তম-অষ্টম খ্ৰীষ্টীয় শতিকাৰপৰাই আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে।
-
হালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)
হালধীয়া চৰায়ে বাওধান খায় (The Catastrophe) ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ তৃতীয়খন অসমীয়া চলচ্চিত্ৰ। পাটকাই ফিল্মচৰ বেনাৰত নিৰ্মিত এই ছবি খনৰ কাহিনীভাগ হোমেন বৰগোহাঞিৰ একে নামৰ বহু পঠিত উপন্যাসৰ পৰা লোৱা হৈছে।
-
ৰবি শৰ্মা
ৰবি শৰ্মা (Ravi Sarma) অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰসমূহতো তেখেতে নিয়মিতভাৱে অভিনয় কৰি আহিছে।
-
ৰাধাগোবিন্দ বৰুৱা
ৰাধাগোবিন্দ বৰুৱা (Radha Govinda Baruah) (১৭ অক্টোবৰ, ১৯০০ – ১৫ জুলাই, ১৯৭৭) এগৰাকী অসমীয়া ব্যৱসায়ী, সমাজ সংগঠক, সাংস্কৃতিক আৰু ক্ৰীড়া উদ্যোক্তা। তেওঁ 'দ্য আছাম ট্ৰিবিউন' বাতৰি কাকত গোষ্ঠীৰ জন্মদাতা। তেওঁ 'দৈনিক অসম' (১৯৬৫) আৰু সাপ্তাহিক 'অসম বাণী' কাকতো প্ৰতিষ্ঠা কৰিছিল।
-
অগ্নিস্নান
অগ্নিস্নান (Agnisnaan) হৈছে ১৯৮৫ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন ড্ৰামাভিত্তিক অসমীয়া চলচ্চিত্ৰ। শইকীয়াৰ অন্তৰীপ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হয়। চলচ্চিত্ৰখনত অভিনয় কৰে ইন্দ্ৰ বণিয়া, কাশ্মীৰি শইকীয়া বৰুৱা, মলয়া গোস্বামী, বিজু ফুকন আদিয়ে।
-
অমলেন্দু গুহ
ড॰ অমলেন্দু গুহ (জন্ম ৩০ জানুৱাৰী ১৯২৪- ৭ মে' ২০১৫) অসমৰ এগৰাকী বাওঁপন্থী মতাদৰ্শৰ খ্যাতনামা ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক পেঞ্চনাৰ আছিল। তেওঁ দৰং কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপক আছিল আৰু দিল্লীৰ ইণ্ডিয়ান স্কুল অব্ ইণ্টাৰনেচনেল ষ্টাডিজৰ পৰা পিএইচ.ডি ডিগ্ৰী লাভ কৰিছিল।
-
অমিয় কুমাৰ দাস
লোকনায়ক অমিয় কুমাৰ দাস (১৮৯৫-১৯৭৫) এজন ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আছিল। তেওঁ অসম চৰকাৰৰ কেবাটাও গুৰুত্বপূৰ্ণ বিভাগ যেনে শিক্ষা, শ্ৰম আৰু অসামৰিক যোগান দপ্তৰৰ মন্ত্ৰী আছিল।
-
অসম বিজ্ঞান সমিতি
অসম বিজ্ঞান সমিতি (Assam Science Society) বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে কাম কৰা এটা স্বেচ্ছাসেৱী সংগঠন। ইয়াক ১৯৫৩ চনৰ ১৩ ফ্ৰেব্ৰুৱাৰীত “গৌহাটী বিজ্ঞান সমিতি’’ নামেৰে প্ৰতিষ্ঠা কৰা হৈছিল।
-
অসম ৰাজ্যিক সংগ্ৰহালয়
অসম ৰাজ্যিক সংগ্ৰহালয় হৈছে উত্তৰ-পূব ভাৰতৰ মুখ্য সংগ্ৰহালয়। অসম ৰাজ্যিক সংগ্ৰহালয়টো গুৱাহাটী মহানগৰৰ দীঘলীপুখুৰীৰ দক্ষিণত অৱস্থিত। অসম ৰাজ্যিক সংগ্ৰহালয়টো কামৰূপ অনুসন্ধান সমিতিয়ে স্থাপন কৰিছিল আৰু ১৯৪০ চনৰ ২১ এপ্ৰিলত তেতিয়াৰ অবিভক্ত অসমৰ গৱৰ্ণৰ ছাৰ ৰবাৰ্ট ৰেইডৰ দ্বাৰা মুকলি কৰা হৈছিল।
-
আনন্দ বৰমুদৈ
আনন্দ বৰমুদৈ (Ananda Barmudoi) হৈছে এগৰাকী অসমীয়া লেখক, সমালোচক, অধ্যাপক, সম্পাদক৷ তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰপৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছে৷ অসমীয়া সমালোচনা সাহিত্যত বৰমুদৈয়ে বহুকেইখন মূল্যবান গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে ভাষা-সাহিত্য, সমালোচনা সাহিত্য, তত্ত্ব বিষয়ক বহুকেইখন…
-
ইন্দ্ৰ বণিয়া
ইন্দ্ৰ বণিয়া (Indra Bania) অসমৰ এজন অভিনেতা। ১৯৪২ চনৰ ২৪ ডিচেম্বৰত লখিমপুৰ জিলাৰ ধলপুৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। ষাঠীৰ দশকৰ পৰা অসমৰ নাট্য জগতত তেওঁ এক সুকীয়া স্থান লাভ কৰে।
-
উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়
উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় (North Lakhimpur University) পূৰ্বৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত) উত্তৰ লখিমপুৰৰ খেলমাটিত অৱস্থিত এখন বিশ্ববিদ্যালয়। পূৰ্বৰ মহাবিদ্যালয়খনি ১৯৫২ চনত স্থাপিত হৈছিল যি পাছলৈ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় বিল ২০২৩ অনুসৰি বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হয়।
-
কলং নদী
কলং নদী নাইবা কৈলাং (Kolong) হৈছে ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনদী। এই নদীখন নগাঁও জিলাৰ জখলাবন্ধাৰ হাতীমূৰা অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ পৰা আঁতৰি গৈছে আৰু গুৱাহাটীৰ কাষৰ কলংপাৰত সমাপ্ত হৈছে। উপনদীখন প্ৰায় ২৫০ কিলোমিটাৰ (১৬০ মিঃ) দীঘল আৰু নদীখন নগাঁও, মৰিগাঁও আৰু কামৰূপ জিলাসমূহৰ মাজেৰে প্ৰবাহিত হৈছে।
-
গাৰো জনগোষ্ঠী
গাৰো জনগোষ্ঠী হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয়, অসম, ত্ৰিপুৰা আৰু নাগালেণ্ড ৰাজ্য, আৰু বাংলাদেশৰ কিছুমান চুবুৰীয়া অঞ্চলত বসবাস কৰা চীনা-তিব্বতীয় জনগোষ্ঠী।