অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মেঠোন

মেঠোন (Gaur, Indian bison, বৈজ্ঞানিক নাম-Bos gaurus) দক্ষিণ-পূব এছিয়াৰ এবিধ বৃহৎ আকাৰৰ স্থানীয় প্ৰজাতি৷ এই প্ৰজাতিবিধ আই ইউ চি এন ৰঙা তালিকাত অসুৰক্ষিত হিচাপে স্বীকৃতি দিয়া হৈছে৷৷ মেঠোনৰ দেহৰ উচ্চতা বনৰীয়া Cattle সমূহৰ ভিতৰত সৰ্বাধিক৷

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৫৭১ শব্দ · ৩ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

মেঠোন (Gaur, Indian bison, বৈজ্ঞানিক নাম-Bos gaurus) দক্ষিণ-পূব এছিয়াৰ এবিধ বৃহৎ আকাৰৰ স্থানীয় প্ৰজাতি৷ এই প্ৰজাতিবিধ আই ইউ চি এন ৰঙা তালিকাত অসুৰক্ষিত হিচাপে স্বীকৃতি দিয়া হৈছে৷৷ মেঠোনৰ দেহৰ উচ্চতা বনৰীয়া Cattle সমূহৰ ভিতৰত সৰ্বাধিক৷১

দৈহিক গঠন

মতা মেঠোন
মতা মেঠোনছবি: Altaipanther · Public domain
মেঠোনৰ শিং
মেঠোনৰ শিংছবি: Douglas Hamilton · Public domain

মেঠোনৰ দেহটো অতি শক্তিশালী৷ ইয়াৰ কপালত শিঙদুটাৰ মাজেৰে এডাল উত্তল ওখ অংশ (high convex ridge) সন্মুখলৈ আছে আৰু ইয়াৰ বাবে মেঠোনৰ মূৰৰ সন্মুখ অংশত গাঁতৰ দৰে দেখা যায়৷ ইয়াৰ কাণ দুখন বৃহৎ, নেজ চুটি৷ মতা মেঠোনৰ গাৰ বৰণ গাঢ় মটিয়া, বুঢ়া মেঠোনৰ ছাল প্ৰায় ক'লা বৰণীয়া৷ অৱশ্যে মূৰৰ চকুৰ ওপৰৰ অংশ প্ৰায় গাঢ় মুগা বা কেতিয়াবা বগা যেন দেখা যায়৷ ইয়াৰ ঠেঙৰ তলৰ অংশ শুদ্ধ বগা বৰণৰ৷ ইয়াৰ বাহুৰ পৰা পিছফালৰ অংশলৈকে পিঠিয়েদি এডাল থিয় আঁচ (ridge) আছে৷ মেঠোনৰ গাৰ নোম চুটি৷১

মেঠোনৰ মূৰৰ পৰা দেহৰ দৈৰ্ঘ্য প্ৰাব ২৫০-৩৩০ ছে:মি: আৰু নেজৰ দৈৰ্ঘ্য ৭০-১০৫ ছে:মি: হয়৷ ইয়াৰ দেহৰ উচ্চতা বাহুৰ ওচৰত ১৬৫-২২০ ছে:মি:৷ মেঠোনৰ গড় ওজন প্ৰায় ৬৫০-১০০০ কিলোগ্ৰাম৷২ মতা মেঠোন মাইকীতকৈ প্ৰায় এক-চতুথাংশ ডাঙৰ আৰু ইয়াৰ ওজনো অধিক৷৩

মেঠোনৰ মতা আৰু মাইকী উভয়ৰে শিং থাকে৷ শিংযোৰ মূৰৰ দুয়োকাষে বাঢ়ি ওপৰলৈ ঘোৰ খোৱা হয়৷ শিঙৰ মাজত উত্তল অংশ এটা থাকে৷ শিঙৰ বৰণ শেঁতা সেউজীয়া বা হালধীয়া আৰু জোঙা অংশটো ক'লা হয়৷১ শিঙৰ গড় দৈৰ্ঘ্য প্ৰায় ৬০-১১৫ ছে:মি: পৰ্যন্ত হয়৷৩৪

মেঠোন বৰ্তমান জীৱিত অৱস্থাত থকা স্থলচৰ প্ৰাণীবোৰৰ ভিতৰতে অন্যতম বৃহৎ আকাৰৰ প্ৰাণী৷ ইয়াৰ বাহিৰে কেৱল হাতী, গঁড় আৰু হিপ্পপটেমাছৰ ওজন অধিক বুলি জনা যায়৷

বিস্তৃতি

বৰ্ত্তমানৰ বিস্তৃতি
বৰ্ত্তমানৰ বিস্তৃতিছবি: Altaileopard · CC BY-SA 3.0
Malayan gaur locally called ''seladang''
Malayan gaur locally called seladangছবি: Mahbob Yusof · CC BY 2.0
নাগাৰহোলে ৰাষ্ট্ৰীয় উদ্যানত মতা মেঠোন
নাগাৰহোলে ৰাষ্ট্ৰীয় উদ্যানত মতা মেঠোনছবি: Dineshkannambadi · CC BY-SA 3.0
বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানত মেঠোন
বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানত মেঠোনছবি: Vinayak wiki · CC BY-SA 3.0

ঐতিহাসিকভাৱে মেঠোন সমগ্ৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াতে পোৱা গৈছিল৷ ইয়াৰ ভিতৰত ভিয়াটনাম, কম্বোডিয়া, লাওছ, চীন, থাইলেণ্ড, মালয়েছিয়া, ম্যানমাৰ, ভাৰত, বাংলাদেশ, ভূটান, নেপাল আদিয়ে প্ৰধান৷ বৰ্ত্মান এই প্ৰজাতিটো কেইটামান বিভক্ত অঞ্চল (fragmented)ত হে বিস্তৃত হৈ আছে৷ ই শ্ৰীলংকাৰ পৰা সম্পূৰ্ণকৈ নিশ্চিহ্ন হৈ পৰিল৷

বাসস্থান

মেঠোন ঘাইকৈ অৰ্ধ সেউজীয়া, সেউজীয়া আৰু সেমেকা পৰ্ণপাতী অৰণ্যত দেখা পোৱা যায়৷ ইয়াক সাগৰপৃষ্ঠৰ পৰা ৫০০০-৬০০০ মিটাৰ উচ্চতাৰ বনাঞ্চল সমূহত দেখা যায়৷ পৰ্যাপ্ত পানী, ঘাঁহ, বাঁহজাতীয় উদ্ভিদ, গুল্ম আৰু বৃক্ষজাতীয়া উদ্ভিদ থকা বনাঞ্চল মেঠোনে অধিক পছন্দ কৰে৷৫

ভাৰতবৰ্ষত মেঠোনৰ জনসংখ্যা নব্বৈৰ দশকত প্ৰায় ১২,০০০-২২,০০০ বুলি ঠাৱৰ কৰা হৈছিল৷ দাক্ষিণাত্যৰ পৰ্বতীয়া অঞ্চলত ইয়াৰ এটা বৃহৎ গোট বাস কৰে বুলি জনা যায়৷ বিশেষকৈ নাগাৰহোলে ৰাষ্ট্ৰীয় উদ্যান, মুডুমালাই ৰাষ্ট্ৰীয় উদ্যান, বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান আদিত মেঠোনৰ বসতি অধিক৷৬ ভাৰত,ভূটান, বাংলাদেশত ইয়াৰ জনসংখ্যা প্ৰায় ২৩,০০০-৩৪,০০০ বুলি অনুমান কৰা হৈছে৷ ৫ ৭

আচৰণ

at Kabini]]

মেঠোন সাধাৰণতে দিনৰ ভাগত অধিক সক্ৰিয় হৈ থাকে৷ কিন্তু মানুহৰ বসতিৰ আশে পাশে ই নিশাচৰ স্বভাৱো লয়৷ খৰালি কালত ই গোট গঠন কৰি সৰু এলেকাত কটায় বাৰিষা অহাৰ লগে লগে পৰ্বতীয়া অঞ্চললৈ প্ৰব্ৰজন কৰে৷ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত মেঠোনে ৮-১১ টা জন্তু লগ হৈ গোটত বাস কৰে৷ এপ্ৰিল মে মাহত অধিক মতা মাহে প্ৰজননৰ বাবে গোটত লগ হয়৷ মে-জুন মাহত ইহঁতে এই ডাঙৰ গোট এৰি কেৱল মতা মেঠোনৰ গোট গঠন কৰে৷ এনে গোট সমূহে দিনে ২-৫ কিলোমিটাৰ কৈ অঞ্চলত চৰি ফুৰে৷৮

মেঠোনৰ দল সাধাৰণতে পূৰ্ণবয়স্ক মাইকী মেঠোনে নেতৃত্ব দিয়ে৷ পূৰ্ণবয়স্ক মতা মেঠোন প্ৰায়ে অকলশৰীয়াকৈ থাকে৷ শত্ৰুৰ উপস্থিতিত ই এক বিশেষ ধৰণৰ এলাৰ্ম দিয়ে৷৯

খাদ্য

''Adina cordifolia'' (Haldina) tree leaves
Adina cordifolia (Haldina) tree leavesছবি: J.M.Garg · CC BY 3.0

মেঠোনে ঘাইকৈ বিভিন্ন উদ্ভিদ খাই জীয়াই থাকে৷ ই গছৰ ওপৰৰ অংশ অৰ্থাৎ পাতৰ আগ, কাণ্ড, গুটি আৰু ফুল আদি খাই জীয়াই থাকে৷ ১০

প্ৰজনন

মেঠোনৰ প্ৰজনন সমগ্ৰ বছৰ জুৰি হয়৷ জুনমাহৰ পৰা ডিচেম্বৰৰ ভিতৰত সৰ্বাধিক প্ৰজনন হয়৷ প্ৰায় ২৭৫ দিনৰ গৰ্ভধাৰণৰ অন্তত মেঠোনে এটাকৈ পোৱালিৰ জন্ম দিয়ে৷ দ্বিতীয় বা তৃতীয় বছৰৰ ভিতৰত মেঠোন পূৰ্নবয়স্ক হৈ উঠে৷ মেঠোনৰ গড়ৱ আয়ুস প্ৰায় ৩০ বছৰ৷৮

স্থিতি

লাওছত চোৰাংচিকাৰৰ বাবে মেঠোনৰ জনসংখ্যা ঘোৰ সংকটৰ মুখামুখি হৈছে৷১১ তেনেদৰে থাইলেণ্ডতো ইয়াৰ মাংসৰ বৰ্ধিত বজাৰমূল্যৰ বাবে হোৱা চোৰাংচিকাৰে জনসংখ্যাৰ ক্ষতি কৰিছে৷

সংৰক্ষণ

মেঠোনক ইতিমধ্যে CITES Appendix I ত স্থান দিয়া হৈছে৷ ই বিস্তৃত হৈ থকা প্ৰায়বোৰ অম্চলতে ইয়াৰ প্ৰতিৰক্ষাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে৷

লগতে চাওক

  • Anoa
  • Wild water buffalo
  • Drawings by Douglas Hamilton
  • Domestic Asian water buffalo
  • Banteng
  • Zebu, the common type of cattle from India: gaur may have contributed to some breeds.
  • Aurochs
  • Largest organisms
  • Manjampatti white bison

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Lydekker, R. (1888–1890). The new natural history Volume 2. Printed by order of the Trustees of the British Museum (Natural History), London
  2. ↑ Smith, A. T., Xie, Y. (eds.) (2008). A Guide to the Mammals of China. Princeton University Press, Princeton Oxforshire. Page 472
  3. ↑ Nowak, R. M. (1999). Walker's Mammals of the World. The Johns Hopkins University Press. পৃ. 1158–1159
  4. ↑ Sanderson, G. P. (1907). Thirteen Years Among the Wild Beasts of India: Their Haunts and Habits from Personal Observation. John Grant. পৃ. 243–265
  5. ↑ Choudhury, A. (2002). Distribution and conservation of the Gaur Bos gaurus in the Indian Subcontinent. Mammal Review 32: 199–226
  6. ↑ Ranjitsinh, M. K. (1997) Beyond the Tiger: Portraits of Asian Wildlife. Birajbasi Printers, New Delhi, India
  7. ↑ আৰ্কাইভ কপি
  8. ↑ Burton, R. (2002). International Wildlife Encyclopedia. Marshall Cavendish. পৃ. 936–938. ISBN 978-0-7614-7266-7
  9. ↑ Huffman, B. (2004). Bos frontalis – Gaur. ultimateungulate.com
  10. ↑ Shukla, R., Khare, P. K. (1998). Food habits of wild ungulates and their competition with live stock in Pench Wildlife Reserve central India. Journal of the Bombay Natural History Society 95(3): 418–421
  11. ↑ Duckworth, J. W.; Salter, R. E.; Khounboline, K. (1999). Wildlife in Lao PDR: 1999 Status Report. IUCN – The World Conservation Union / Wildlife Conservation Society / Centre for Protected Areas and Watershed Management

সম্পৰ্কিত শ্ৰেণী

স্তন্যপায়ী প্ৰাণীতৃণভোজী প্ৰাণীঅসমৰ স্তন্যপায়ী বন্যজন্তু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেঠোন” প্ৰবন্ধৰ সংশোধন ৬৪০১৭১ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।