অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অসম বিজ্ঞান সমিতি

অসম বিজ্ঞান সমিতি (Assam Science Society) বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে কাম কৰা এটা স্বেচ্ছাসেৱী সংগঠন। ইয়াক ১৯৫৩ চনৰ ১৩ ফ্ৰেব্ৰুৱাৰীত “গৌহাটী বিজ্ঞান সমিতি’’ নামেৰে প্ৰতিষ্ঠা কৰা হৈছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২৬৮ শব্দ · ১ মিনিট সংগৃহীত ৩৫
সংশোধনৰ পৰামৰ্শ

অসম বিজ্ঞান সমিতি (Assam Science Society) বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে কাম কৰা এটা স্বেচ্ছাসেৱী সংগঠন। ইয়াক ১৯৫৩ চনৰ ১৩ ফ্ৰেব্ৰুৱাৰীত “গৌহাটী বিজ্ঞান সমিতি’’ নামেৰে প্ৰতিষ্ঠা কৰা হৈছিল। ১৯৫৬ চনত ইয়াৰ নাম “অসম বিজ্ঞান সমিতি’’ কৰা হয়৷ অসমজুৰি সংগঠনটোৰ এশটা শাখা আছে৷ মেঘালয়ৰ গাৰো পাহাৰৰ টিক্ৰিকিলাতো ইয়াৰ এটা শাখা আছে৷ সংগঠনটোৰ বৰ্তমানৰ সভাপতি ড° মোহন চন্দ্ৰ কলিতা আৰু সাধাৰণ সম্পাদক (কাৰ্যবাহী) মৃণাল কুমাৰ হাজৰিকা৷

১৯৬১ চনৰ পৰা অসম বিজ্ঞান সমিতিয়ে বিজ্ঞান জেউতি নামৰ এই দুমহীয়া জনপ্ৰিয় বিজ্ঞান-আলোচনীখন প্ৰকাশ কৰি আহিছে।১ বৰ্তমান বিজ্ঞান জেউতিৰ সম্পাদক ড° পবন কুমাৰ চহৰীয়া।

বিজ্ঞান জেউতিৰ সম্পাদকসকল

(১ম প্ৰকাশৰ পৰা ১২শ বৰ্ষ (১৯৭৬) লৈ তিনিমহীয়া; ১৩শ বৰ্শ (১৯৭৭) ৰ পৰা দুমহীয়া)

  1. ড° মিনধৰ বৰঠাকুৰ (১/১ ৰ পৰা ১/৩ লৈ) – ১৯৬১-৬২
  2. ড° ভবেন্দ্ৰ নাথ শইকীয়া (১/৪ ৰ পৰা ২/৩ লৈ) – ১৯৬৩-৬৪
  3. ড° মহম্মদ তাহেৰ (২/৪) - ১৯৬৪
  4. ড° ভুৱন মোহন দাস (৩/১ ৰ পৰা ৩/৪ লৈ) – ১৯৬৬-৬৭
  5. ড° শ্যামাপ্ৰসাদ শৰ্মা (৪/১ ৰ পৰা ৭/৪ লৈ) – ১৯৬৮-৭২
  6. ড° চন্দ্ৰমোহন শৰ্মা (৮/১ ৰ পৰা ১৪/৬ লৈ) – ১৯৭২-৭৮
  7. ড° পবিন্দ্ৰনাথ দত্ত (১৫/১ ৰ পৰা ১৬/৬ লৈ) – ১৯৭৯-৮১
  8. ড° সোণেশ্বৰ শৰ্মা (১৭/১ ৰ পৰা ১৯/৬ লৈ) – ১৯৮২-৮৪
  9. দীনেশ বৈশ্য (২০/১ ৰ পৰা ২১/৬ লৈ) – ১৯৮৫-৮৬
  10. ড° শ্যামাপ্ৰসাদ শৰ্মা (২২/১ ৰ পৰা ২৩/৬ লৈ) – ১৯৮৭-৮৯
  11. ড° শিৱনাথ বৰ্মন (২৪/১ ৰ পৰা ২৬/১ লৈ) – ১৯৮৯-৯১
  12. বসন্ত ডেকা (২৬/২ ৰ পৰা ২৯/৪ লৈ) – ১৯৯১-৯৫
  13. ড° নীলমণি বৰা (২৯/৫, ২৯/৬) - ১৯৯৫
  14. ড° অলক কুমাৰ বুঢ়াগোঁহাই (৩০/১ ৰ পৰা ৩১/৬ লৈ) – ১৯৯৫-৯৭
  15. চাকিল জামাল (৩২/১ ৰ পৰা ৩১/৬ লৈ) - ১৯৯৭
  16. ড° প্ৰদীপ শৰ্মা (৩২/৪ ৰ পৰা ৩৩/৫ লৈ) -১৯৯৭-৯৯
  17. ক্ষীৰধৰ বৰুৱা (৩৩/৫ ৰ পৰা) – ১৯৯৯
  18. মৌচম হাজৰিকা
  19. ড৹ জগদীন্দ্ৰ ৰায়চৌধুৰী২
  20. ড° পৱন কুমাৰ চহৰীয়া

তথ্যসূত্ৰ

  1. ↑ kitap.co.in ৰ তথ্য
  2. ↑ বিজ্ঞান জেউতি, ৩৫/৩, অক্টোৱৰ-নৱেম্বৰ, ২০০০

সম্পৰ্কিত শ্ৰেণী

বিজ্ঞানঅসমৰ শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম বিজ্ঞান সমিতি” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৬১ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।