ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী (Indian Institute of Technology Guwahati, भारतीय प्रोद्योगिकी संसथान गुवाहाटी, IIT Guwahati, IITG) হৈছে ভাৰতৰ ষষ্ঠখন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰে অসমৰ গুৱাহাটীত প্ৰতিষ্ঠা কৰে। ভাৰত চৰকাৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীক এখন "ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান" ৰূপে স্বীকৃতি দিছে১।
ইতিহাস


১৯৮৫ চনত সদৌ অসম ছাত্ৰ সন্থা আৰু ভাৰত চৰকাৰৰ মাজত হোৱা চুক্তি অনুসৰি অসমত শিক্ষাৰ ক্ষেত্ৰত উন্নতি কৰাৰ লক্ষ্যৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী স্থাপন কৰা হয়।

১৯৯৪ চনত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী স্থাপন কৰা হয় যদিও ১৯৯৫ চনৰ পৰাহে শিক্ষাদান আৰম্ভ কৰা হয় ১৯৯৫ চনত ইয়াত বেচেলৰ অফ টেকনল'জীৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰা হয়। আন আন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানসমূহৰ নিচিনাকৈ ইয়াত JEEৰ (Joint Entrance Examination) যোগেদি বি. টেক. পাঠ্যক্ৰমৰ নামভৰ্তি কৰোৱা হয়২। ১৯৯৮ চনত প্ৰথম বাৰৰ বাবে GATEৰ (Graduate Aptitude Test in Engineering) যোগেদি এম. টেক. (Master of Technology) পাঠ্যক্ৰমৰ বাবে নামভৰ্তি কৰা হয়।
চৌহদ
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী, ব্ৰহ্মপুত্ৰ নদৰ উত্তৰপাৰে উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত। ৭০০ একৰ (২.৮ বৰ্গ কিঃমিঃ) জুৰি ইয়াৰ চৌহদ বিস্তৃত হৈ আছে। গুৱাহাটী মহানগৰৰ পৰা ইয়ালৈ প্ৰায় ২০ কিঃমিঃ। চৌহদৰ একাষে ব্ৰহ্মপুত্ৰ নদ আৰু আনফালৰ পৰা পাহাৰে আগুৰি আছে।
বিভাগ সমূহ
নদীৰ পাৰত Academic Complex]]

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত থকা বিভাগসমূহ হৈছে:
- জৈৱপ্ৰযুক্তি বিভাগ
- ৰাসায়নিক অভিযান্ত্ৰিকী বিভাগ
- ৰসায়ন বিজ্ঞান বিভাগ
- চিভিল ইঞ্জিনিয়াৰিং বিভাগ
- নগৰ তথা আঞ্চলিক পৰিকল্পনা (URP) বিভাগ
- জল সম্পদ অভিযান্ত্ৰিকী বিভাগ
- কম্পিউটাৰ চায়েঞ্চ এণ্ড ইঞ্জিনিয়াৰিং বিভাগ
- Department of Design
- ইলেকট্ৰনিক্স এণ্ড ইলেকট্ৰকেল ইঞ্জিনিয়াৰিং বিভাগ (পূৰ্বতে ইলেকট্ৰনিক্স এণ্ড কমিউনিকেশ্বন বিভাগ বুলি জনা গৈছিল)
- Humanities আৰু সমাজ বিজ্ঞান বিভাগ
- পদাৰ্থ বিজ্ঞান বিভাগ
- গণিত বিভাগ
- মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ
- ইলেকট্ৰকেল এণ্ড ইলেকট্ৰনিক্স ইঞ্জিনিয়াৰিং বিভাগ
- ইনডাচট্ৰিয়েল এণ্ড প্ৰডাকচন ইঞ্জিনিয়াৰিং বিভাগ
প্ৰতিষ্ঠানটোৰ উপৰোক্ত বিভাগসমূহে বি.টেক, বি.ডিজাইন, এম.ডিজাইন, এম.টেক, পি.এইচ.ডি., এম.এ (Development Studies) আৰু এম.এচচি.ৰ পাঠ্যক্ৰম প্ৰদান কৰে।
স্থান
আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত, আই আই টি গুৱাহাটীয়ে ২০১১ বৰ্ষৰ QS World University Rankingsত ৫৫১-৬০০তম স্থান আৰু ২০১২ বৰ্ষৰ QS Asian University Rankingsত ৮৯তম স্থান লাভ কৰিছে ২০১২ বৰ্ষৰ ভাৰতৰ অভিযান্ত্ৰিক মহাবিদ্যালয় সমূহৰ মাজত ইণ্ডিয়া টুডে-য়ে দশম স্থান, আউটলুক ইণ্ডিয়া য়ে অষ্টম স্থান আৰু ডাটাকুৱেষ্ট -য়ে ২০১১ বৰ্ষৰ ৭তম স্থান প্ৰদান কৰিছে। ২০০৯ চনত মিণ্ট চলোৱা এটা সমীক্ষাত চৰকাৰী মহাবিদ্যালয় সমূহৰ ভিতৰত ষষ্ঠ স্থান প্ৰদান কৰিছে
গৱেষণা কেন্দ্ৰ
আই আই টি গুৱাহাটীত মুঠ ছটা গৱেষণা কেন্দ্ৰ আছে। সেইকেইটা হৈছে:
- Centre for Educational Technology
- Centre for Nanotechnology
- Centre for Mass Media Communication
- Central Instruments Facility
- Centre for Energy
- Centre for the Environment
ছাত্ৰাবাস
আই আই টি গুৱাহাটী হৈছে সম্পূৰ্ণ আৱাসিক চৌহদ। সকলো ছাত্ৰ-ছাত্ৰী চৌহদৰ ভিতৰত থকা ছাত্ৰাবাসত থাকে। উত্তৰ-পূব ভাৰতৰ নদী আৰু ইয়াৰ উপনদী সমূহৰ নাম অনুসৰি ছাত্ৰাবাস সমূহৰ নাম ৰখা হৈছে। ছাত্ৰাবাস সমূহৰ নাম হৈছে: মানস, দিহিং, কামেং, কপিলী, বৰাক, চিয়াং, উমিয়াম, দিবং, দিচাং, লোহিত আৰু ব্ৰহ্মপুত্ৰ। আটাইতকৈ ডাঙৰ ছাত্ৰাবাস হৈছে ব্ৰহ্মপুত্ৰ। ইয়াত একেলগে ১১৪০ জন ছাত্ৰ থকাৰ ব্যৱস্থা আছে। ছাত্ৰী-নিৱাস দুটাৰ নাম হৈছে- ধনশিৰি আৰু সোৱণশিৰি। ইয়াৰ উপৰিও বিবাহিত স্নাতকোত্তৰ মহলাৰ ছাত্ৰৰ বাবে এটা ছাত্ৰাবাস আছে।
বাৰ্ষিক উৎসৱসমূহ
প্ৰত্যেক বছৰে আই আই টি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰশাসনে কেইবাটাও উৎসৱ আৰু প্ৰতিযোগিতাৰ আয়োজন কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য দুটা উৎসৱ হৈছে Techniche আৰু Alcheringa।
Techniche
Techniche হৈছে আই আই টি গুৱাহাটীৰ প্ৰযুক্তিবিদ্যা সম্বন্ধীয় উৎসৱ। প্ৰতি বছৰে তিনিদিন ধৰি এই উৎসৱৰ আয়োজন কৰা হয়। ইয়াত বিভিন্ন বিদ্বান লোক আৰু ভাৰতৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বাৰ্তালাপ আৰু আলোচনা কৰাৰ সুবিধা দিয়া হয়। পি. চিদাম্বৰম, কিৰণ বেদী, এইচ. চি. বৰ্মা, মাইক ফিনকে, জন চি. মেথাৰৰ দৰে প্ৰসিদ্ধ ব্যক্তিসকলে ইয়াত ভাগ লৈছে।
২০১২ চনৰ ৩০ আগষ্টৰ পৰা ২ ছেপ্তেম্বৰলৈকে Techniche ’১২ আই টি গুৱাহাটীত সুকলমে অনুষ্ঠিত হৈ যায়।
Alcheringa
Alcheringa হৈছে আই আই টি গুৱাহাটীৰ বাৰ্ষিক সাংস্কৃতিক উৎসৱ। সাধাৰণতে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত তিনি দিন-চাৰি ৰাতি ধৰি এই উৎসৱ অনুষ্ঠিত হয়। ২০১১ বৰ্ষত ভাৰতৰ প্ৰায় ১৫০খন মহাবিদ্যালয়ৰ প্ৰায় ৪০,০০০ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছিল৩।
অন্যান্য প্ৰতিযোগিতাসমূহ
- মন্থন (Manthan): মহাবিদ্যালয়ৰ ছাত্ৰাবাস সমূহৰ মাজত প্ৰতিবছৰে অনুষ্ঠিত হোৱা সাংস্কৃতিক প্ৰতিযোগিতা।
- অলফাজ: প্ৰতিবছৰে অনুষ্ঠিত হোৱা literary উৎসৱ।
- কৃতি (Kriti): মহাবিদ্যালয়ৰ ছাত্ৰাবাস সমূহৰ মাজত প্ৰতিবছৰে অনুষ্ঠিত হোৱা প্ৰযুক্তিবিদ্যা সম্বন্ধীয় প্ৰতিযোগিতা।
- স্পৰ্ধা (Spardha): মহাবিদ্যালয়ৰ ছাত্ৰাবাস সমূহৰ মাজত প্ৰতিবছৰে অনুষ্ঠিত হোৱা খেল-ধেমালি প্ৰতিযোগিতা।
- কলা প্ৰদৰ্শন প্ৰতিযোগিতা ( Performing Arts Festival, PAF): কলা প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি প্ৰতি বছৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।
- AdvayaPG: মহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।
ইয়াৰ উপৰিও, ভাৰতৰ বিভিন্ন আই আই টি সমূহৰ মাজত প্ৰতি বছৰে শীত কালত খেল-ধেমালি Inter-IIT Sports Meetৰ আয়োজন কৰা হয়। প্ৰতি বছৰে এই প্ৰতিযোগিতা বিভিন্ন আই আই টিত অনুষ্ঠিত হয়। ২০০৬ চনত, প্ৰথম বাৰৰ বাবে আই আই টি গুৱাহাটীত ৪২তম আই আই টি খেল-ধেমালি প্ৰতিযোগিতাৰ অনুষ্ঠিত হৈছিল।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Institutes of National Importance. The Institute for Studies in Industrial Development (ISID)
- ↑ JEE 2009. IIT Guwahati
- ↑ (17 January 2011). Alcheringa 2011:The Dream Gets Closer. The Meghalaya Guardian,Page 3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী” প্ৰবন্ধৰ সংশোধন ৪২১৪১৭ (২০ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।