ৰন্ধনপ্ৰণালী
৬১ প্ৰবন্ধ
-
খিচড়ী
খিচড়ী (ইংৰাজী: Kichadi) হৈছে কেৰালাৰ ৰন্ধনশৈলীত ব্যৱহৃত পাচড়ীৰ এবিধ টেঙা সংস্কৰণ। এই টেঙা ব্যঞ্জনবিধ দৈ, বটা জিৰাৰ পেষ্ট আৰু তিয়ঁহ বা কোমোৰাৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। শেষত ইয়াৰ ওপৰত তেলত ভজা সৰিয়হ গুটি আৰু নৰসিংহ পাত ছটিয়াই সজোৱা হয়। খিচড়ী প্ৰায়ে সদ্যা ভোজৰ অংশ হিচাপে পৰিৱেশন কৰা হয়।
-
গাহৰিৰ খুৰাৰ ৰেচিপি
গাহৰিৰ খুৰা (pig's trotter), যাক pettitoe বুলিও কোৱা হয়, গাহৰিৰ ঠেঙেৰে গঠিত খাদ্যোপযোগী অংশ, যাক বিশ্বজুৰি বিভিন্ন খাদ্যবিধত পৰ্কৰ এক কাট হিচাপে ব্যৱহাৰ কৰা হয়। ২০০০ চনৰ শেষ তিনি দশকত ইয়াৰ পুনৰ জনপ্ৰিয়তা দেখা গৈছিল।
-
চিকেন ফ্ৰাইড বেকন
চিকেন ফ্ৰাইড বেকন হৈছে বেকনৰ ষ্ট্ৰিপসমূহ বেটাৰত ডুবাই গভীৰ তেলত ভজা একপ্ৰকাৰৰ খাদ্য, যি চিকেন ফ্ৰাইড ষ্টেকৰ দৰে প্ৰস্তুত কৰা হয়। এইটো এটা আমেৰিকান খাদ্য, যি ১৯৯০-ৰ দশকৰ আৰম্ভণিত টেক্সাছত প্ৰৱৰ্তিত হৈছিল।
-
চীনা নুডলছ
চীনা নুডলছ ( Chinese noodles), চীন দেশত উদ্ভাৱন কৰা হৈছিল। ই চীনা খাদ্য-সংস্কৃতিৰ এক অপৰিহাৰ্য উপাদান আৰু সমগ্ৰ চীনৰ প্ৰধান খাদ্য। চীনা নুডলছসমূহ উৎপাদনৰ অঞ্চল, ব্যৱহৃত উপাদান, আকাৰ আৰু প্ৰস্তুত কৰাৰ ধৰণ অনুসৰি বহুত বৈচিত্ৰ্যপূৰ্ণ।
-
চুকৌনী
চুকৌনী বা চুকাউনী হৈছে নেপালৰ পাল্পা জিলাত উদ্ভৱ হোৱা আলুৰপৰা তৈয়াৰ কৰা আচাৰৰ এটা স্বাদিষ্ট পৰম্পৰাগত নেপালী খাদ্য। এই আচাৰটো সিজোৱা আলুত দৈ, পিঁয়াজ, ধনিয়া আৰু মচলা লগাই তৈয়াৰ কৰা হয়। সাধাৰণতে ৰুটি, চেল ৰুটি, নাইবা ভাতৰ সৈতে ইয়াক খোৱা হয়।
-
চেণ্ডিজ
চেণ্ডিজ, বাদাম বা বেথাল হৈছে ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হোৱা খাদ্য। ই দক্ষিণ ভাৰতৰ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু ৰাজ্যত জনপ্ৰিয়। ইয়াক খাদ্যৰ লগত সংগী হিচাপেও পৰিবেশন কৰা হয়।
-
ট্ৰাছিং বেজী
ট্ৰাছিং বেজী হৈছে ২০ ছেমি দীঘল আৰু ৩ মিমি ব্যাসৰ এটা বেজী, যিটো পোহনীয়া চৰাইৰ মাংস যেনে হাঁহ, কুকুৰা আৰু টাৰ্কিৰ মাংস ৰান্ধিবলৈ মাংস চিলাবলৈ ব্যবহাৰ কৰা হয়৷ এইটো এইকাৰণেই কৰা হয়, যাতে মাংসখিনি ভালকৈ ধৰি সেকিব পৰা যায় আৰু ইয়াৰ আকাৰ ঠিকে থাকে৷ ট্ৰাছিং বেজীৰে পৰম্পৰাগত পোহনীয়া হাঁহ, কুকুৰা বা…
-
ডাৰ্ক কুইজিন
ডাৰ্ক কুইজিন বা হেই আন লিয়াও লি (চীনা: 黑暗料理) হৈছে এক চীনা নৱশব্দ (neologism), যিটো এনে এক ৰন্ধনশৈলীক বুজাবলৈ ব্যৱহাৰ কৰা হয় য’ত আচৰিত বা আনকি বিৰক্তিকৰ যেন লগা খাদ্য বা উপকৰণৰ সংমিশ্ৰণ ব্যৱহাৰ কৰা হয়, কিন্তু সেইবোৰ প্ৰায়ে ভবাতকৈ অধিক সোৱাদযুক্ত হয়।
-
থোৰান
থোৰান (ইংৰাজী: Thoran; ) বা উত্তৰ কেৰালাত ইয়াক উপেৰী বুলি কোৱা হয়। এইবিধ হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰপৰা উৎপত্তি হোৱা নাৰিকল মিশ্ৰিত এবিধ শুকান পাচলিৰ ব্যঞ্জন। এই সাধাৰণ ব্যঞ্জনবিধ সাধাৰণতে ভাত আৰু আঞ্জাৰ সৈতে খোৱা হয় আৰু ই কেৰালাৰ পৰম্পৰাগত নিৰামিষ ভোজ সাধ্যাৰো এক অপৰিহাৰ্য অংগ।
-
দক্ষিণ ভাৰতীয় পৰঠা
পৰঠা (Parotta বা Porotta; উচ্চাৰণ: [pɐroːʈːɐ, poroːʈːɐ]) হৈছে ময়দা আৰু তেলৰপৰা প্ৰস্তুত কৰা ভাজ থকা একপ্ৰকাৰৰ দক্ষিণ ভাৰতীয় ৰুটী। ই অতি কোমল, মচমচীয়া আৰু তৰপ-তৰপীয়া। এই পৰঠা বিশেষকৈ দক্ষিণ ভাৰতৰ কেৰেলা আৰু তামিলনাডু ৰাজ্যৰ লগতে শ্ৰীলংকাতো বহুলভাৱে খোৱা হয়।
-
নাখাম
নাখাম হৈছে গাৰো জনগোষ্ঠীৰ ঐতিহ্যবাহী খাদ্য সম্ভাৰ, যিটো মূলত শুকান মাছৰ পৰা তৈয়াৰ কৰা হয়। এইটো গাৰো সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ, বিশেষকৈ ৱাংগালা উৎসৱ আদি সাংস্কৃতিক অনুষ্ঠানত নাখামৰ ব্যৱহাৰ বিশেষভাৱে দেখা যায়। নাখাম গাৰোসকলৰ দৈনন্দিন আহাৰত প্ৰ’টিনৰ এক প্ৰধান উৎস হিচাপে গণ্য কৰা হয়।
-
পাতুৰি
পাতুৰি এক বঙালী ব্যঞ্জন। এই ব্যঞ্জন নিৰামিষ আৰু আমিষ উভয় ৰূপত ৰান্ধিব পাৰি। আমিষ ব্যঞ্জন মাছ পাতুৰিৰ ভিতৰত বিশেষকৈ ভেটকী মাছৰ পাতুৰি বৰকৈ জনপ্ৰিয়। এই ব্যঞ্জন তৈয়াৰ কৰিবলৈ কলপাতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিয়নো উপাদানসমূহ কলপাতত মেৰিয়াই বান্ধি কম জুই বা ভাপত সিজোৱা হয়।
-
পিগছ ইন এ ব্লেংকেট
আমেৰিকা যুক্তৰাষ্ট্ৰত পিগছ ইন এ ব্লেংকেট হৈছে সৰু হট ডগ বা অন্যান্য ছচেজ, যাক পৃথকে পৃথকে পেষ্ট্ৰিত মেৰোৱা হয়। সাধাৰণতে ইয়াক এপেটাইজাৰ হিচাপে পৰিবেশন কৰা হয়।
-
পুপুছা
পুপুছা হৈছে এল ছালভাডৰ আৰু হণ্ডুৰাছত তৈয়াৰ কৰা ডাঠ গ্ৰিডল কেক বা ফ্লেটব্ৰেড, যি মাকৈৰ গুড়ি বা চাউলৰ গুড়ি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। পুপুছা হ'ল এল ছালভাডৰৰ জাতীয় খাদ্য আৰু ইয়াক উদ্যাপন কৰিবলৈ বিশেষ দিন হিচাপে নৱেম্বৰ মাহত জাতীয় পুপুছা দিৱস পালন কৰা হয়।
-
পুৰণ পোলী
পুৰণ পোলী হৈছে দক্ষিণ ভাৰত আৰু মহাৰাষ্ট্ৰ ৰাজ্যত জনপ্ৰিয় ভাৰতীয় মিঠা ৰুটী বা ইংৰাজী ভাষাত ফ্লেটব্ৰেড বুলি কোৱা হয়। ইয়াক পুৰণ পুৰী, হলিগে, অব্বাট্টু, বব্বত্টলু, পলি, বক্ষমুলু আৰু বলি বুলিও জনা যায়,।
-
ফাবাদা আষ্টুৰিয়ানা
ফাবাদা আষ্টুৰিয়ানা, প্ৰায়ে কেৱল ফাবাদা নামেৰে জনাজাত, এটা চহকী আষ্টুৰিয়ান বীন ষ্টু, যি স্পেইনৰ আষ্টুৰিয়াছ প্ৰিন্সিপালিটিৰ স্বায়ত্তশাসিত সম্প্ৰদায়ৰ পৰা উদ্ভৱ হৈছে। ইয়াক সমগ্ৰ স্পেইন জুৰি আৰু বিশ্বজুৰি স্পেনিছ ৰেষ্টুৰেণ্টসমূহত ব্যাপকভাৱে পোৱা যায়।
-
ফুড ষ্টীমাৰ
ফুড ষ্টীমাৰ বা ষ্টীম কুকাৰ পাকঘৰত ব্যৱহৃত এটা সৰু সঁজুলি, যিটো ভাপৰ তাপেৰে বিভিন্ন খাদ্য ৰন্ধা বা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই ধৰণৰ ৰন্ধা ব্যৱস্থাক “ভাপত দিয়া’’ বুলি কোৱা হয়।
-
বেকন এণ্ড কেবেজ (খাদ্য)
বেকন এণ্ড কেবেজ (আইৰিছ: bagún agus cabáiste) হৈছে আয়াৰলেণ্ডৰ সংস্কৃতিৰ সৈতে পৰম্পৰাগতভাৱে জড়িত খাদ্য। এই ব্যঞ্জনত কবি আৰু আলুৰ সৈতে সিজোৱা গাহৰিৰ পিঠিফালৰ মাংস টুকুৰা টুকুৰ কৰি দিয়া হয়। ধোঁৱাত শুকুওৱা বেকনও কেতিয়াবা ব্যৱহাৰ কৰা হয়।
-
বেছবৰমাক
বেছবৰমাক (: Beshbarmak, কিৰ্গিজ: бешбармак, ৰোমানীজড: beşbarmak; বাছকিৰ: бишбармаҡ, ৰোমানীজড: bişbarmaq; আক্ষৰিক অৰ্থত ‘পাঁচ আঙুলি’) মধ্য এছিয়াৰ পৰম্পৰাগত খাদ্য সমূহৰ ভিতৰত এবিধ জনপ্ৰিয় খাদ্য।
-
ব্ৰাইনিং
ব্ৰাইনিং (Brining) হৈছে খাদ্যবস্তুক বিশেষকৈ মাংস আৰু মাছৰ সোৱাদ বৃদ্ধি আৰু ৰসাল কৰিবলৈ বা সংৰক্ষণ কৰিবলৈ নিমখৰ দ্ৰৱত ডুবাই ৰখা প্ৰক্ৰিয়া। ইয়াক সাধাৰণতে দুটা ধৰণে কৰা হয়: ভিজা ব্ৰাইনিং (wet brining) আৰু শুকান ব্ৰাইনিং (dry brining)।
-
মচৌৰা
মচৌৰা হৈছে কিম্বন কৰি সূৰ্যৰ তাপত শুকুৱাই তৈয়াৰ কৰা খাদ্যবস্তু, যি কলা দালিৰ লগত বিভিন্নধৰণৰ সেউজীয়া শাক-পাচলি মিহলাই তৈয়াৰ কৰা হয়। এই খাদ্যৰ উৎপত্তি হৈছে নেপালত আৰু বিভিন্ন দেশত থকা নেপালী সমাজে ইয়াক প্ৰস্তুত কৰে।
-
মণিপুৰী ৰন্ধনপ্ৰণালী
মণিপুৰী ৰন্ধনপ্ৰণালী (Manipuri cuisine) হৈছে উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য মণিপুৰৰ পৰম্পৰাগত ৰন্ধনপ্ৰণালী। ৰাজ্যখনৰ দৈনন্দিন আহাৰ ভাতৰ ওপৰত আধাৰিত। আনুষংগিক ব্যঞ্জন হিচাপে পাচলি, মাছ আৰু মাংসৰ কেইবিধমান ব্যঞ্জন ইয়াৰ সৈতে থাকে।
-
মালাবাৰ মাছৰ তৰকাৰী
মালবাৰ মাথী কাৰি (ইংৰাজী: Malabar matthi curry), যাক মাছৰ কাৰি বুলিও জনা যায়, কেৰেলাৰ এক পৰম্পৰাগত ব্যঞ্জন। এই খাদ্যবিধ সাধাৰণতে কেৰেলা শৈলীৰ ঝোলত মাছ আধা সিজাই প্ৰস্তুত কৰা হয়, য’ত বিভিন্ন মচলা আৰু পাচলি যেনে ভেন্দি বা পিঁয়াজ আদি ব্যৱহাৰ কৰা হয়।
-
মেৰিনেচন
মেৰিনেচন হৈছে মচলাযুক্ত, প্ৰায়ে অম্লীয় তৰলত খাদ্য সামগ্ৰীক ৰন্ধনৰ আগতে সানি ৰখাৰ প্ৰক্ৰিয়া। এই মিশ্ৰণক মেৰিনেড বুলি কোৱা হয়, যি হ'ব পাৰে অম্লীয় (ভিনেগাৰ, নেমুৰ ৰস, বা মদ আদি উপাদানেৰে তৈয়াৰ কৰা), বা এনজাইমেটিক (মাটিকঁঠাল, অমিতা, দৈ, বা আদা আদি উপাদানেৰে তৈয়াৰ কৰা), বা অনা-আম্লিক তথা…
-
লাও ৰন্ধনপ্ৰণালী
লাও ৰন্ধনপ্ৰণালী বা লাওচিয়ান ৰন্ধনপ্ৰণালী (Lao Cuisine) হৈছে লাওছৰ ৰন্ধনপ্ৰণালী আৰু ই দক্ষিণ-পূব এছিয়াৰ অন্যান্য ৰন্ধনপ্ৰণালীতকৈ ভিন্ন। লাওসকলৰ মুখ্য খাদ্য হৈছে ছেৱা দিয়া আঠাজাতীয় চাউল। লাও ভাষাত আঠাজাতীয় চাউলক খাও নিয়াও বুলি কোৱা হয়।
-
ল’ক-ল’ক
ল’ক-ল’ক (ইংৰাজী: Lok-lok) হৈছে এক প্ৰকাৰৰ পৰম্পৰাগত মালয়েছিয়ান হট পট শৈলীৰ ব্যঞ্জন। ইয়াত বিভিন্ন ধৰণৰ মাংস, মাছ আৰু পাচলি শলাত ভৰাই ভ্ৰাম্যমাণ দোকানৰ জৰিয়তে গ্ৰাহকক পৰিৱেশন কৰা হয়। এইবিধ মালয়েছিয়াৰ এক অত্যন্ত জনপ্ৰিয় পথৰ কাষৰ খাদ্য।
-
শংকৰপালী
শংকৰপালী, শক্কৰপাৰা, মুৰালী, খুৰমা, লকদি মিঠাই, বা কেৱল মিঠাই হৈছে চেনি,আটা, ঘি (বা মাখন), মইদা, আৰু পিঠাগুৰিৰ পৰা তৈয়াৰী ভাৰতীয় মিঠাই। শাকৰপাৰা নামটো পাৰ্চী ভাষাৰ পৰা উদ্ভৱ হৈছে।
-
সাপৰ চুৰুহা
সাপৰ চুৰুহা বা সাপৰ চূপ হংকঙৰ একজনপ্ৰিয় সুস্বাদু খাদ্য আৰু স্বাস্থ্য পৰিপূৰক, য'ত অন্ততঃ দুবিধ সাপৰ মাংস মূল উপাদান হিচাপে থাকে। ক্ৰিইচেন্থিমাম পাত আৰু মছলা মিহলোৱাৰ বাবে এই চুৰুহা সোৱাদ অলপ মিঠা হয় যদিও সাপৰ মাংস কুকুৰাৰ মাংসৰ সোৱাদৰ সৈতে মিল থকা বুলি কোৱা হয়।
-
সুমন (খাদ্য)
সুমন, বা বাডবাড,: Suman, or budbud, হৈছে ফিলিপাইনছৰ পৰা উৎপত্তি হোৱা এটা দীঘলীয়া চাউলৰ পিঠা। ইয়াক নাৰিকল গাখীৰত ৰন্ধা আঠাযুক্ত চাউলৰ পৰা তৈয়াৰ কৰা হয়, প্ৰায়ে কলৰ পাত, নাৰিকল পাত, বা বুলি বা বুৰি পাম (Crypha) পাতত মেৰিয়াই ভাপত তিয়াই লোৱা হয়। সাধাৰণতে চেনি ছটিয়াই বা লাটিক ভৰাই খোৱা হয়।
-
ৰন্ধনশৈলী
ৰন্ধনশৈলী হৈছে সুকীয়া উপাদান, কৌশল আৰু খাদ্যৰ দ্বাৰা বৈশিষ্ট্যযুক্ত খাদ্য প্ৰস্তুত শৈলী, আৰু সাধাৰণতে কোনো নিৰ্দিষ্ট সংস্কৃতি বা ভৌগোলিক অঞ্চলৰ সৈতে জড়িত। আঞ্চলিক খাদ্য প্ৰস্তুত কৰাৰ কৌশল, ৰীতি-নীতি আৰু উপাদানসমূহ একত্ৰিত হৈ এটা অঞ্চলৰ বাবে অনন্য খাদ্যসমূহ সক্ষম কৰে।