অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

সুমন (খাদ্য)

সুমন, বা বাডবাড,: Suman, or budbud, হৈছে ফিলিপাইনছৰ পৰা উৎপত্তি হোৱা এটা দীঘলীয়া চাউলৰ পিঠা। ইয়াক নাৰিকল গাখীৰত ৰন্ধা আঠাযুক্ত চাউলৰ পৰা তৈয়াৰ কৰা হয়, প্ৰায়ে কলৰ পাত, নাৰিকল পাত, বা বুলি বা বুৰি পাম (Crypha) পাতত মেৰিয়াই ভাপত তিয়াই লোৱা হয়। সাধাৰণতে চেনি ছটিয়াই বা লাটিক ভৰাই খোৱা হয়।

হালনাগাদ: ১৩ ছেপ্তেম্বৰ ২০২৫ ৬০৪ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

সুমন, বা বাডবাড,: Suman, or budbud, হৈছে ফিলিপাইনছৰ পৰা উৎপত্তি হোৱা এটা দীঘলীয়া চাউলৰ পিঠা। ইয়াক নাৰিকল গাখীৰত ৰন্ধা আঠাযুক্ত চাউলৰ পৰা তৈয়াৰ কৰা হয়, প্ৰায়ে কলৰ পাত, নাৰিকল পাত, বা বুলি বা বুৰি পাম (Crypha) পাতত মেৰিয়াই ভাপত তিয়াই লোৱা হয়। সাধাৰণতে চেনি ছটিয়াই বা লাটিক ভৰাই খোৱা হয়। চুমানৰ এটা ব্যাপক ৰূপত আঠাযুক্ত চাউলৰ পৰিৱৰ্তে কচু ব্যৱহাৰ কৰা হয়।

জাত

চুমানৰ অসংখ্য জাত আছে, প্ৰায় প্ৰতিখন চহৰতে ইয়াৰ স্থানীয় বিশেষত্ব আছে। কিছুমানৰ বিষয়ে তলত বৰ্ণনা কৰা হৈছে:১

  • বিনুও (বা সুমান সা বিনুও) – সুমনৰ বিৰল জাত, আঠাযুক্ত ধান তিয়াই, গুড়ি কৰি, নাৰিকল আৰু চেনিৰ লগত মিহলাই, টাগবাক গছৰ পাতত মেৰিয়াই ভাপত দিয়া হয়। পাতবোৰে এই জাতৰ চুমানক এক অনন্য সুগন্ধ দিয়ে, পদিনাৰ পাত দিয়া হয়।
  • Kurukod বা kurukud - মিঠা কুটি লোৱা নাৰিকলৰ সৈতে এক প্ৰকাৰৰ কাজু সুমন।২
  • Moron বা চকলেট সুমন - চকলেট বড়িৰ লগত আঠাযুক্ত চাউল মিহলি কৰি বা ক'ক' গুড়ি সৈতে মিহলি কৰি খোৱা হয়। এই পদ্ধতিত নিয়মীয়া চুমানৰ সৈতে টুইষ্ট কৰা হয়। বিশেষকৈ লেইটে প্ৰদেশৰ টাক্লোবান চহৰৰ আশে-পাশে ৱাৰে লোকসকলৰ মাজত ই পূব ভিছায়াৰ পৰা আহিছে।
  • আম্বুলং সুমান বা আম্বোয়ং সুমান- স্থানীয় বিভিন্ন ষ্টাৰ্চ,চাগু ব্যৱহাৰ কৰি নাৰিকলৰ টুকুৰাৰ সৈতে। ই বৈশিষ্ট্যগতভাৱে ৰঙা ৰং বহন কৰে আৰু ইয়াৰ সোৱাদ অধিক মিঠা। এই খাদ্যক আকলানত সুমন উকাও বুলি জনা যায়।
  • ইবুছ বা ইবছ (বা সৰলভাৱে Ibus)৩ – ফিলিপাইনছত সৰ্বব্যাপী সুমান প্ৰজাতিৰ, আঠাযুক্ত চাউল ধুই লোৱা হয়, আৰু তাৰ পিছত নিমখ আৰু নাৰিকলৰ গাখীৰৰ সৈতে মিহলোৱা হয়। এই মিশ্ৰণটো ইবুছ বা ইবছ নামৰ সৰু কলপাতৰ পূৰ্বতে নিৰ্মিত কইল পাত্ৰৰ ওপৰত ঢালি পাতৰ কেন্দ্ৰীয় খাদটোৰ সৈতে স্থাপন কৰা হয়। তাৰ পিছত ইয়াক "লুয়াং ডিলাও" (হালধি)ৰ সৈতে মিহলি কৰা পানী ব্যৱহাৰ কৰি ভাপত দিয়া হয়। ফলত স্পষ্ট হালধীয়া ৰংৰ হয়, লগত টুকুৰা টুকুৰ কৰা নাৰিকল আৰু চেনিৰ মিশ্ৰণৰ সৈতে পৰিবেশন কৰা হয়, নাইবা লাটিক (নাৰিকলৰ গাখীৰ সোণালী বাদামী দাঠ নোহোৱালৈকে কম জুইত উতলাই তৈয়াৰ কৰা)ৰ সৈতে খোৱা হয়।
  • সুমাং ইনাণ্টালা – ইয়াৰ উপাদানসমূহ ইবুছ জাতৰ সৈতে মিল আছে, কিন্তু ইনাণ্টালাৰ পাৰ্থক্য এইটোৱেই যে মিশ্ৰণটো নিজেই সিজোৱা হয়, আৰু তাৰ পিছত কলৰ পাতৰ পৰা কাটি লোৱা সৰু বৰ্গক্ষেত্ৰৰ মেট এখনৰ ওপৰত ঢালি দিয়া হয়।
  • সুমাং কামোটেং কাহোয়৪ – কচু মিহিকৈ পিহি নাৰিকল গাখীৰ, চেনিৰ লগত মিহলাই কলৰ পাতত মেৰিয়াই ভাপত দিয়া হয়।
  • সুমন সা লিহিয়া৫ – তিয়াই থোৱা আঠাযুক্ত চাউল নাৰিকলৰ গাখীৰৰ লগত মিহলাই ক্ষাৰীয় পদাৰ্থৰে শোধন কৰি কলৰ পাতত মেৰিয়াই দুঘণ্টা উতলাই লোৱা হয়। বিশেষকৈ দুটা জাতৰ লাটিকৰ যিকোনো এটাৰ সৈতে ইয়াক পৰিবেশন কৰা হয়— বাদামী ৰঙৰ যিটো বেছিকৈ ৰন্ধা-বঢ়াৰ দ্বাৰা ক’লা কৰা হয় আৰু নাৰিকলৰ সোৱাদ অধিক শক্তিশালী, বা বগাটো যিটো সোৱাদত অধিক সূক্ষ্ম। ইয়াক সংযতভাৱে ব্যৱহাৰ কৰিব লাগে, কাৰণ ই অধিক পৰিমাণে হ’লে খাদ্য অসুৰক্ষিত হ’ব পাৰে।
  • Sumang Inilonggo হ’ল হিলিগায়নন/Ilonggo ভাষাত "Biko"ক বুজায়, যি পৰম্পৰাগত সুমানৰ পৰিবৰ্তে ব্যৱহৃত হয়। Biko হৈছে এটা মিঠা ভাতৰ ডেজাৰ্ট, যি আঠা যুক্ত চাউল, নাৰিকলৰ গাখীৰ, আৰু গুঁড় (palm sugar বা muscovado sugar)ৰে তৈয়াৰ কৰা হয়। ই সাধাৰণতে লাটিক (latik)ৰ সৈতে পৰিবেশন কৰা হয়। সুমানৰ লগত ইয়াৰ মিল আছে, কিন্তু বিকো সাধাৰণতে কলপাতত মেৰিয়াই সিজোৱা নহয়, বৰঞ্চ এটা বৃহৎ পাত্ৰত (pan) ৰন্ধা হয়।

সুমন ৰেপিং

বিভিন্ন ধৰণেৰে সুমন মেৰিয়াই বনোৱাতো এক অনন্য কলা, আৰু ইয়াক প্ৰাক-ঔপনিৱেশিক দিনৰ পৰাই অনুসন্ধান কৰি জানিব পাৰি। ৰেপাৰত বিভিন্ন ধৰণৰ থলুৱা সামগ্ৰী যেনে কল,পাম, আনাহোৱা আৰু বাঁহৰ পাত, নাৰিকল খোলা আদি ব্যৱহাৰ কৰা হয়। কিছুমান ৰেপিং সৰল ভাঁজ যেনে বিনুও আৰু কামোটেং কাহোয়ত পোৱা, যাৰ ফলত আয়তাকাৰ চুমান হয়। আন কিছুমান ইনাণ্টালাৰ দৰে উলম্ব কুণ্ডলীত থাকে, যাৰ ফলত ইয়াক নলীকা আকৃতিৰ ৰূপ দিয়া হয়। আন কিছুমান পিৰামিডৰ দৰে আকৃতিৰ, যেনে বালিছুংছং। কিছুমান চুমানক কলৰ পাতৰ পৰা তৈয়াৰী শঙ্কুৰ সৈতে-আইচক্ৰীমৰ দৰে খোৱা হয়, আৰু আন কিছুমান পুছু ("হৃদয়")ৰ দৰে অতি জটিল জ্যামিতিক আৰ্হিত তৈয়াৰ কৰা হয়। কিছুমান কলৰ ফুলৰ আকৃতিত বনোৱা হয় (যিটোক ফিলিপাইনছত কল উদ্ভিদৰ "হৃদয়" বুলি কোৱা হয়), বা পিনাগি (পাগি শব্দৰ পৰা, অৰ্থাৎ Stingray ), এটা জটিল অষ্টভুজ তৰা আকৃতিত থাকে।১

সুমনৰ বিভিন্ন জাত পুসো (pusô) বা পাটুপাট (patupat)ৰ পৰা পৃথক, কাৰণ পুসো আৰু পাটুপাটত তালপাত (woven palm leaves) ব্যৱহাৰ কৰি মেৰিয়াই তৈয়াৰ কৰা।১৬

তথ্যসূত্ৰ

  1. ↑ Nocheseda, Elmer I. In Praise of Suman Past. Tagalog Dictionary
  2. ↑ Sison, Jainey. (August 18, 2017). KURUKOD (Cassava Suman with Coconut Filling). Mama; s Guide Recipes
  3. ↑ Suman sa Ibus Recipe
  4. ↑ Cassava Suman Recipe by Pinoy Recipeat iba pa
  5. ↑ Suman sa Lihiya Recipe
  6. ↑ Nocheseda, Elmer I. (2011). The Art of Pusô: Palm Leaf Art in the Visayas in Vocabularios of the Sixteenth to the Nineteenth Centuries. Philippine Studies. পৃ. 251–272

সম্পৰ্কিত শ্ৰেণী

খাদ্যৰন্ধনপ্ৰণালী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুমন (খাদ্য)” প্ৰবন্ধৰ সংশোধন ৫৩৮৪১৬ (১৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।