সাপৰ চুৰুহা বা সাপৰ চূপ হংকঙৰ একজনপ্ৰিয় সুস্বাদু খাদ্য আৰু স্বাস্থ্য পৰিপূৰক, য'ত অন্ততঃ দুবিধ সাপৰ মাংস মূল উপাদান হিচাপে থাকে। ক্ৰিইচেন্থিমাম পাত আৰু মছলা মিহলোৱাৰ বাবে এই চুৰুহা সোৱাদ অলপ মিঠা হয় যদিও সাপৰ মাংস কুকুৰাৰ মাংসৰ সোৱাদৰ সৈতে মিল থকা বুলি কোৱা হয়। ১২ এই চুৰুহা সাধাৰণতে "স্নেক কিং" বা "শ্বিয়া ৱাং" নামেৰে জনাজাত বিশেষ দোকানত পৰিবেশন কৰা হয়, যিবোৰ বেছিভাগেই শ্বুম ছুই প' আৰু ক'লুন চহৰত অৱস্থিত। শীতকালত এই চুৰুহা প্ৰতিটো বাটিত প্ৰায় ৬০ ডলাৰ হংকং ডলাৰ (৭.৭৫ মাৰ্কিন ডলাৰ)ত বিক্ৰী হয়।। বহু শতিকাৰ আগতে যুঁজাৰু ৰাজ্যৰ যুগত উদ্ভৱ হোৱা, চীনা সংস্কৃতিত সাপৰ চূপক ইয়াৰ ঔষধি লাভালাভ আৰু উচ্চ পুষ্টিগত মূল্যৰ বাবে প্ৰশংসা কৰা হৈছিল। অৱশ্যে, কিন্তু শেহতীয়া বিগত বছৰবোৰত হংকঙত সাপৰ চুৰুহাৰ উদ্যোগ হ্ৰাস পাইছে কিয়নো এই চুৰুহাৰ নিৰ্মাতাসকলৰ দক্ষতা নতুন প্ৰজন্মলৈ আগবঢ়াই নিবলৈ মানুহ কম।৩
ঐতিহাসিক পটভূমি
ৰ শ্বেউং ৱানত থকা সাপৰ এম্পোৰিয়াম; গ্ৰাহকসকলে অপেক্ষা কৰি আছে; বাওঁফালে "বিষাক্ত সাপ"ৰ কাঠৰ পিঞ্জৰা]]
চীনা সংস্কৃতিত সাপৰ চুৰুহাক দুহেজাৰ বছৰতকৈও অধিক সময় ধৰি এক সুস্বাদু খাদ্য হিচাপে জনাজাত। প্ৰি-কিনৰ শ্বানহাইজিঙে লিপিবদ্ধ কৰিছিল যে গুৱাংডং প্ৰদেশৰ বাসিন্দাসকলে সাপৰ চুৰুহা খাবলৈ আৰম্ভ কৰিছিল; আৰু কিং বংশৰ শেষৰ ফালে চীনত খাদ্য সংস্কৃতি বহুলভাৱে জনপ্ৰিয় হৈ ওঠিছিল।৪ সাপৰ চূৰুহাক “উচ্চ মৰ্যাদাৰ”৪ খাদ্য হিচাপে গণ্য কৰা হৈছিল কাৰণ ইয়াৰ বিভিন্ন উপাদান আৰু জটিল প্ৰস্তুতিৰ বাবে ই আছিল ধন, সাহস আৰু সন্মানৰ প্ৰতীক; আৰু কেৱল কিছুমান বিশেষ বিষয়া আৰু চেলিব্ৰিটিকহে পৰিবেশন কৰা হৈছিল।“স্নেক কিং লেম” আছিল হংকঙত সাপৰ চূপ বিক্ৰীৰ বিশেষজ্ঞ প্ৰথমখন দোকান, যিখন ১১০ বছৰ আগতে বনহাম ষ্ট্ৰীটত স্থাপন কৰা হৈছিল, কিন্তু একেখন জিলাৰ হিলিয়াৰ ষ্ট্ৰীট লৈ স্থানান্তৰিত হৈছে। আশীৰ দশকত সাপ-চূপ উদ্যোগে সোণালী যুগ লাভ কৰিছিল। সেই সময়ছোৱাত ১০০ৰো অধিক খাদ্যৰ দোকান আছিল যিয়ে সাপৰ জোল প্ৰস্তুত কৰিছিল। আনকি হংকঙৰ কিছুমান দোকানে অধিক চাহিদাৰ সৈতে মোকাবিলা কৰিবলৈ নতুন শাখাও খুলিবলগীয়া হৈছিল।৫ আজিকালি খাদ্যৰ মূল্যৰ মুদ্ৰাস্ফীতি আৰু ভাড়া আকাশলংঘী হোৱাৰ বাবে সাপ-চূপৰ বিশেষজ্ঞ ষ্ট’ৰৰ সংখ্যা ২০লৈ হ্ৰাস পাইছে। তাতোকৈ ডাঙৰ কথাটো হ’ল, সাপ-চূপ নিৰ্মাতাসকলৰ বাবেও উত্তৰাধিকাৰী বিচাৰি পোৱাটো কঠিন। এই প্ৰক্ৰিয়াটোৰ লগত জড়িত অনুভূত কষ্ট, বিপদ আৰু অসুবিধাৰ বাবে কম লোকে বৃত্তিটোত প্ৰৱেশ কৰে, যাৰ বাবে বিষাক্ত সাপৰ সৈতে সঘনাই সংস্পৰ্শৰ প্ৰয়োজন হয়।৬ তদুপৰি, সাপ আমদানিৰ সৈতে জড়িত আমোলাতন্ত্ৰৰ ফলত হোৱা গুৰুতৰ যোগান সমস্যাই গ্ৰাহকৰ চাহিদাৰ হ্ৰাস পেলাইছে।
প্ৰস্তুত প্ৰণালী
সচৰাধৰাপৰা সাপৰ চূপ তৈয়াৰ কৰিবলৈ অন্ততঃ দুবিধ প্ৰজাতিৰ সাপৰ প্ৰয়োজন হয়, যাৰ মঙহখিনি সূতাৰ দৰে মিহিকৈ কুটি লোৱা হয়। এটা নিয়ম অনুসৰি এই মঙহখিনি ষ্টকৰ সৈতে এটা যন্ত্ৰত দিয়া হয় যাতে মঙহৰ টুকুৰাবোৰত ষ্টকৰ সোৱাদ ভালদৰে সোমাই পৰে। ইয়াৰ উপৰিও মঙহখিনি সোৱাদ বৃদ্ধিৰ বাবে কুকুৰাৰ মঙহ, গাহৰিৰ হাড়, চৰ্বিহীন মঙহ, মাছৰ পটকা (fish maw), ভেঁকুৰ, আদা, নেমু পাত আৰু অন্যান্য মচলাৰ সৈতে সিজাবও পাৰি। এই মিশ্ৰণটো প্ৰায় ছয় ঘণ্টাতকৈও অধিক সময় ধীমে ধীমে সিজাই এটা ঘন চূপ প্ৰস্তুত কৰা হয় আৰু সোৱাদ অনুসৰি নিমখ, জলকীয়া গুৰি আৰু ডাৰ্ক চয় চছ যোগ কৰা হয়।৩৭ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ইয়াত ঘন কৰিবলৈ সাধাৰণতে মাকৈৰ গুৰি বা পানীশিঙৰিৰ পেষ্ট ব্যৱহাৰ কৰা হয়, যাৰ ফলত ই তৰল ঝোল হোৱাৰ পৰিৱৰ্তে এটা স্বচ্ছ আৰু ঘন চূপত পৰিণত হয়। সাপৰ চূপৰ অধিক জটিল বা বিশেষ প্ৰস্তুতিত গাহৰিৰ মাংসৰ টুকুৰা, আৰু তৰা মচলাকে ধৰি বিভিন্ন বনৌষধি তথা মচলা অন্তৰ্ভুক্ত কৰা হয়।
ৰন্ধনৰ বাবে ব্যৱহাৰ কৰা সাপৰ প্ৰজাতি ঠাইভেদে ভিন্ন হয়, কিন্তু পানী সাপ আৰু অজগৰ আটাইতকৈ জনপ্ৰিয় পছন্দ। সাপৰ চূপত সাধাৰণতে ফেঁটীসাপ, কলাখৰীয়া সাপ, ইণ্ডো-চাইনীজ এন্দুৰ খোৱা সাপ, তিনি-ডালিয়া সুন্দৰী সাপ আৰু হানড্ৰেড-পেচ ভাইপাৰ ব্যৱহাৰ কৰা হয়। সাপৰ চূপ পৰিৱেশন কৰা বহুতো ৰেষ্টুৰেণ্টত গ্ৰাহকসকলে নিজৰ পছন্দ অনুসৰি জীয়াই থকা সাপ বাছি লৈ প্ৰস্তুত কৰাই ল'ব পাৰে।৭
সোৱাদ
সাপৰ মঙহৰ ৰং পাতল গুলপীয়া হয়। মাছৰ সৈতে তুলনা কৰিলে, সাপৰ মঙহৰ সোৱাদ বহু বেছি চহকী আৰু ই মাছতকৈ কিছু টান বা চোবাই খাব লগা হয়।৮ চিএনএন (CNN) ৰ ৰেমী ইনোচেঞ্চিঅ’ই বৰ্ণনা কৰিছে যে, "মিহিকৈ কূটা ক'লা কাঠফুলা, মিহিকৈ কুটি লোৱা কুকুৰাৰ মঙহ, সুগন্ধি আদা আৰু অন্যান্য বনৌষধি তথা মচলাৰে এই ৰেচিপিটো প্ৰস্তুত কৰা হয়, যিয়ে ইয়াক এটা পুষ্টিকৰ চূপত পৰিণত কৰে। ইয়াৰ সোৱাদ কুকুৰাৰ মঙহৰ দৰেই – যদিও অলপ বেছি টান।"৮
পৰম্পৰাগতভাৱে, নিমখৰ মাত্ৰা হ্ৰাস কৰিবলৈ সাপৰ চূপৰ সৈতে অতি মিহিকৈ কূটা নেমু পাত আৰু চন্দ্ৰমল্লিকা ফুল পৰিৱেশন কৰা হয়। আজিকালি বহুতে ইয়াৰ সোৱাদ আৰু গাঁথনি উন্নত কৰিবলৈ গোলমৰীচ, ভিনেগাৰ আৰু ভজা ময়দাৰ পাতল টুকুৰা যোগ কৰে। বৰ্তমান ক্ৰেব ক্ল' চন্দ্ৰমল্লিকাৰ নাটনি হোৱাৰ বাবে প্ৰায়ে ইয়াৰ পৰিৱৰ্তে ব'ল্টনিয়া উদ্ভিদ ব্যৱহাৰ কৰা হয়।
লোক চিকিৎসা

পুৰণি চীনা চিকিৎসা শাস্ত্ৰত বিশ্বাস কৰা হয় যে সাপৰ চূপৰ কেইবাটাও ঔষধি গুণ আছে, যাৰ ভিতৰত শাৰীৰিক অসুস্থতা দূৰ কৰা, তেজ বৃদ্ধি কৰা, ছালৰ উজ্জ্বলতা উন্নত কৰা আৰু শৰীৰৰ কি (qi) বা শক্তিৰ মাত্ৰা বৃদ্ধি কৰা অন্যতম।৯ চীনা লোকসকলৰ মাজত এইটোও ব্যাপকভাৱে বিশ্বাস কৰা হয় যে সাপৰ চূপ এবিধ "উষ্ম" খাদ্য, যিয়ে শৰীৰটোক গৰম কৰি ৰাখে (বা ইয়াক য়াং প্ৰদান কৰে) যিয়ে শীতকালত "শীতল" য়িনক সন্তুলিত কৰিব পাৰে।৮
লগতে চাওক
- শিয়া ওৱাং হিপ, হংকঙৰ কাউলুনৰ আপলিউ ষ্ট্ৰীটত অৱস্থিত সাপৰ ব্যঞ্জন আৰু সাপৰ চূপৰ বাবে বিশেষভাৱে জনাজাত এখন ৰেষ্টুৰেণ্ট
তথ্যসূত্ৰ
- ↑ "Hong Kong’s snake soup kings" Ramy Inocencio, CNN Travel (2013)
- ↑ Slurping snake soup in Hong Kong, Seattle Times, Kabir Chibber (2009)
- ↑ Pak, Jennifer "Last orders for Hong Kong's snake soup?" BBC (2013)
- ↑ 〈淮南子〉 精神訓「越人得髯蛇以為上肴,中國得之無用」Liu An, (2nd-century BCE ). 'Seminal Breath and Spirit'. In: (ed), Huáinánzǐ . 1st ed. China: 明 李時珍在他的著作《本草綱目》中記:「南人嗜蛇」 Li ShiZhen, (1578). Compendium of Materia Medica. 1st ed. China 唐 段公路〈北戶錄〉、段成式 〈酉陽雜記〉 也有廣東人吃蛇的記載 宋 朱沃在〈萍州可談〉中指出:「廣南食蛇,市中賣蛇羹」 太史五蛇羹是南方粤菜系中一道著名的菜肴,自晚清時期由人稱江太史的江孔殷發明
- ↑ "Snake King Lam". Hong Kong Connection, RTHK, 21 March 2013
- ↑ Hong Kong 'snake kings' stand the test of time. Agence France-Presse (2013)
- ↑ Job de Leon (2012) "Three snake recipes you have to try" . GMA News Online
- ↑ "Hong Kong’s snake soup kings" Ramy Inocencio, CNN Travel (2013)
- ↑ Andy Deemer (2010). "Why do Chinese people eat snakes, ants, and worms for medicine?" The World of Chinese
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাপৰ চুৰুহা” প্ৰবন্ধৰ সংশোধন ৬৩৭৮১৬ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।