
থোৰান (ইংৰাজী ভাষা: Thoran; ) বা উত্তৰ কেৰালাত ইয়াক উপেৰী বুলি কোৱা হয়। এইবিধ হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰপৰা উৎপত্তি হোৱা নাৰিকল মিশ্ৰিত এবিধ শুকান পাচলিৰ ব্যঞ্জন।১ এই সাধাৰণ ব্যঞ্জনবিধ সাধাৰণতে ভাত আৰু আঞ্জাৰ সৈতে খোৱা হয় আৰু ই কেৰালাৰ পৰম্পৰাগত নিৰামিষ ভোজ সাদ্যাৰো এক অপৰিহাৰ্য অংগ।
প্ৰস্তুত প্ৰণালী
থোৰান হৈছে পৰম্পৰাগতভাৱে মিহিকৈ কটা পাচলিৰদ্বাৰা প্ৰস্তুত কৰা এবিধ শুকান ব্যঞ্জন। ইয়াত বন্ধাকবি, লেচেৰা মাহ (yardlong bean) আৰু অন্যান্য মাহজাতীয় শস্য, কেঁচা কঁঠাল, তিতা কেৰালা (মালয়ালম ভাষা: കയ്പ്പക്ക/പാവയ്ക്ക), ওলকবি (elephant foot yam) ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি সেউজীয়া বা ৰঙা পালেং শাক (ചീര), চজিনা পাত বা কল্মৌ শাকৰ লগতে চজিনা ফুল আৰু বকফুল (Sesbania grandiflora)ৰ দৰে ফুলো ব্যৱহাৰ কৰি থোৰান প্ৰস্তুত কৰা হয়।
মিহিকৈ কুটি লোৱা পাচলি বা শাকখিনি কুটা নাৰিকল, সৰিয়হ, নৰসিংহ পাত আৰু হালধি গুৰিৰ সৈতে ভালদৰে মিহলাই লোৱা হয় আৰু এখন কেৰাহীত তীব্ৰ জুইত অলপ সময়ৰ বাবে ভাজি লোৱা হয়।
বিভিন্ন প্ৰকাৰ
পৰম্পৰাগতভাৱে কেৰালাত সহজলভ্য নোহোৱা পাচলি যেনে— গাজৰ, বীন (Green beans), বন্ধাকবি, কেঁচা বিলাহী২ বা পালেং শাকেৰেও থোৰান প্ৰস্তুত কৰিব পাৰি। দক্ষিণ কেৰালাত প্ৰস্তুত কৰা পৰম্পৰাগত ৰেচিপিত নহৰু ব্যৱহাৰ কৰা নহয়, কিন্তু বৰ্তমান সময়ত ইয়াত নহৰু আৰু পিঁয়াজো যোগ কৰা হয়।
তথ্যসূত্ৰ
- ↑ Robert Bradnock, Roma Bradnock. (2000). South India Handbook. Footprint Handbooks
- ↑ Pacha Thakkaali Thoran
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থোৰান” প্ৰবন্ধৰ সংশোধন ৬২৫৫১১ (৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।