অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নাখাম

নাখাম হৈছে গাৰো জনগোষ্ঠীৰ ঐতিহ্যবাহী খাদ্য সম্ভাৰ, যিটো মূলত শুকান মাছৰ পৰা তৈয়াৰ কৰা হয়। এইটো গাৰো সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ, বিশেষকৈ ৱাংগালা উৎসৱ আদি সাংস্কৃতিক অনুষ্ঠানত নাখামৰ ব্যৱহাৰ বিশেষভাৱে দেখা যায়। নাখাম গাৰোসকলৰ দৈনন্দিন আহাৰত প্ৰ’টিনৰ এক প্ৰধান উৎস হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৩৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নাখাম হৈছে গাৰো জনগোষ্ঠীৰ ঐতিহ্যবাহী খাদ্য সম্ভাৰ, যিটো মূলত শুকান মাছৰ পৰা তৈয়াৰ কৰা হয়। এইটো গাৰো সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ, বিশেষকৈ ৱাংগালা আদি সাংস্কৃতিক অনুষ্ঠানত নাখামৰ ব্যৱহাৰ বিশেষভাৱে দেখা যায়। নাখাম গাৰোসকলৰ দৈনন্দিন আহাৰত প্ৰ’টিনৰ এক প্ৰধান উৎস হিচাপে গণ্য কৰা হয়।১

উৎপত্তি আৰু অৰ্থ

গাৰো ভাষাত ‘‘নাখাম’’ শব্দৰ অৰ্থ “শুকান মাছ” বা “ধোঁৱাত শুকুৱাই লোৱা মাছ”। গাৰো লোকসংস্কৃতিত এই খাদ্য সম্ভাৰৰ সূচনা বহু যুগ আগৰ পৰা হৈছে, যেতিয়া মাছ সংৰক্ষণৰ বাবে সূৰ্যৰ তাপ বা জুইৰ ধোঁৱাত শুকুৱাই থোৱাৰ প্ৰথা আৰম্ভ হৈছিল। এইদৰে সংৰক্ষিত মাছ পৰৱৰ্তীকালত বিভিন্ন ধৰণৰ খাদ্যত ব্যৱহৃত হ’ব ধৰিলে।২

প্ৰস্তুতিপদ্ধতি

নাখাম সাধাৰণতে গাৰোসকল নদী, খাল বা পুখুৰীৰ সৰু মাছ ধৰি সূৰ্যৰ পোহৰত শুকুৱাই বা জুইৰ ধোঁৱাত লাহে লাহে শুকুৱাই সংৰক্ষণ কৰে। শুকান মাছবোৰ পৰৱৰ্তীকালত পানীত ভিজাই ”নাখাম থ্ৰু”, “নাখাম খাৰ”, “নাখাম চাটনি” আদি ব্যঞ্জন হিচাপে ব্যৱহাৰ কৰা হয়।

  • নাখাম থ্ৰু — শুকান মাছ, শাক-পাচলি, আদা, পিয়াঁজ আৰু স্থানীয় মচলা দি মাটিৰ হাড়ীত বনোৱা এক জুলীয়া খাদ্য সম্ভাৰ।
  • নাখাম চাটনি — শুকান মাছ, সেউজীয়া জলকীয়া, আদা আৰু পিয়াঁজৰ সৈতে বনোৱা চাটনি।
  • নাখাম খাৰ — খাৰ পানীৰ সৈতে শুকান মাছেৰে বনোৱা ব্যঞ্জন, যাৰ স্বাদ তিতা-নিমখীয়া ধৰণৰ হয়।৩

সাংস্কৃতিক গুৰুত্ব

নাখাম গাৰো জনগোষ্ঠীৰ সমাজ-সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ। ‘‘নাখাম থ্ৰু’’ বা ‘‘নাখাম খাৰ’’ উৎসৱ, বিবাহ, অতিথি আদৰণি আৰু উৎসৱৰ বিশেষ দিনত প্ৰস্তুত কৰা হয়। এই খাদ্য সম্ভাৰ গাৰো সমাজত ঐতিহ্য, আতিথ্য আৰু গাৰো পৰিচয়ৰ প্ৰতীক।২

পুষ্টিগুণ

শুকান মাছত প্ৰ’টিন, কেলচিয়াম, আয়ৰণ আৰু ভিটামিন বি থাকে। গাৰো অঞ্চলত এই পদৰ প্ৰচলন আঞ্চলিক সম্পদৰ সদ্ব্যৱহাৰ আৰু স্বাস্থ্যসম্মত আহাৰৰ উদাহৰণ হিচাপে ধৰা হয়।১

তথ্যসূত্ৰ

  1. ↑ (13 September 2020). Nakham: The Garo Traditional Dried Fish Delicacy. NorthEast Today
  2. ↑ (24 July 2021). Nakham: A staple dried fish in Garo cuisine. EastMojo
  3. ↑ (15 March 2022). Traditional Garo Cuisine: Nakham. Outlook Traveller. Outlook India

সম্পৰ্কিত শ্ৰেণী

খাদ্যৰন্ধনপ্ৰণালী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাখাম” প্ৰবন্ধৰ সংশোধন ৬৩৭২৭১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।