হিন্দী চলচ্চিত্ৰ
২১৮ প্ৰবন্ধ
-
দেৱদাস (১৯৫৫ চলচ্চিত্ৰ)
দেৱদাস (Devdas) বিমল ৰয়ৰ দ্বাৰা পৰিচালিত এখন হিন্দী ভাষী ভাৰতীয় চলচ্চিত্ৰ। ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰখন শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস নামৰ উপন্যাসখনৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে দিলীপ কুমাৰ, বৈজয়ন্তীমালা আৰু সুচিত্ৰা সেনে।
-
দো বিঘা জমিন
দো বিঘা জমিন (Do Bigha Zamin, অৰ্থ: দুই বিঘা মাটি) ১৯৫৩ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ। বিমল ৰয়ৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ বঙালী কবিতা "দুই বিঘা জমি"ৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলৰাজ সাহানী আৰু নিৰূপা ৰয়ে।
-
মিৰ্জা গালিব (চলচ্চিত্ৰ)
মিৰ্জা গালিব (Mirza Ghalib) ১৯৫৪ চনৰ হিন্দী আৰু উৰ্দু ভাষাত নিৰ্মিত, চোহৰাব মোডী পৰিচালিত প্ৰখ্যাত কবি মিৰ্জা গালিবৰ জীৱন আধাৰিত এখন বলিউদী চলচ্চিত্ৰ, যিখন ছবি মুক্তিৰ পিছতে দৰ্শক-সমালোচনকৰ দ্বাৰা প্ৰশংসিত হৈছিল। ইয়াত ভাৰত ভূষণে মিৰ্জা গালিবৰ আৰু সুৰাইয়াই গালিবৰ প্ৰেমিকা ভূমিকাত অভিনয় কৰিছে।
-
ৱাটাৰ (২০০৫ চলচ্চিত্ৰ)
ৱাটাৰ (Water) অনুৰাগ কাশ্যপৰ কাহিনী আৰু দীপা মেহতাৰ পৰিচালনাৰে ২০০৫ চনত মুক্তি পোৱা এক কানাডিয়ান চলচ্চিত্ৰ। অনুৰাগ কাশ্যপে সংলাপসমূহৰ অনুবাদ কাৰ্যও সম্পন্ন কৰিছিল। এই ছবিখন ১৯৩৮ চনৰ বাৰাণসীৰ পটভূমিত বিধৱাসকলৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছিল।
-
আক্ৰোশ (চলচ্চিত্ৰ)
আক্ৰোশ (Akrosh) ১৯৮০ চনত মুক্তি পোৱা ভাৰতীয় হিন্দী ভাষাৰ আইনী নাট্যধৰ্মী চলচ্চিত্ৰ। এইখন গোবিন্দ নিহালানী পৰিচালিত আৰু বিজয় টেণ্ডুলকাৰ ৰচিত প্ৰথম ছবি আছিল।
-
আনন্দ (চলচ্চিত্ৰ)
আনন্দ (Anand) ১৯৭১ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষী ভাৰতীয় চলচ্চিত্ৰ। হৃষিকেশ মুখাৰ্জীৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে ৰাজেশ খান্নাই। অমিতাভ বচ্চন, সুমিতা সন্যাল, ৰমেশ দেৱ আৰু সীমা দেৱ আছিল সহকাৰী অভিনয় শিল্পী।
-
আৰাধনা (১৯৬৯ চলচ্চিত্ৰ)
আৰাধনা (Aradhana) ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষী ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। শক্তি সামন্তৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে শৰ্মিলা ঠাকুৰ আৰু ৰাজেশ খান্নাই। ১৭ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছত চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।
-
এক ডাক্তৰ কি মৌত
এক ডাক্তৰ কি মৌত (Ek Doctor Ki Maut; অনু. এজন ডাক্তৰৰ মৃত্যু) ১৯৯০ চনত মুক্তি পোৱা তপন সিনহাৰ এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি, য'ত এজন চিকিৎসকে তেওঁৰ গৱেষণাই স্বীকৃতি পোৱাৰ পৰিৱৰ্তে বহিস্কাৰ আমোলাতান্ত্ৰিক গুৰুত্বহীনতা, ভাবুকি আৰু অপমান পোৱাৰ ঘটনাৱলী চিত্ৰায়িত কৰা হৈছে।
-
কালসন্ধ্যা (চলচ্চিত্ৰ)
কালসন্ধ্যা (कालसंध्या) হৈছে ১৯৯৭ চনত মুক্তি লাভ কৰা এখন হিন্দী ভাষাৰ বোলছবি। ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই পৰিচালনা কৰা ছবিখনে অসমত ঘটি থকা সামৰিক কাৰ্যকলাপক মুখ্য বিষয় হিচাপে উপস্থাপন কৰিছিল। বিদ্ৰোহে অসমৰ মানুহৰ জনজীৱনৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছিল, সেইয়া ছবিখনৰ জৰিয়তে দেখুৱাব বিচৰা হৈছিল।
-
চিত্ৰলেখা (চলচ্চিত্ৰ)
চিত্ৰলেখা (Chitralekha) ১৯৬৪ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ। কিদাৰ শৰ্মাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অশোক কুমাৰ, প্ৰদীপ কুমাৰ আৰু মীনা কুমাৰীয়ে। ১৯৩৪ চনত প্ৰকাশিত ভগৱতী চৰণ বৰ্মাৰ একে নামৰ হিন্দী উপন্যাস এখনৰ আধাৰত চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছিল।
-
ড'ৰ (চলচ্চিত্ৰ)
ড'ৰ (হিন্দী: डोर; উৰ্দু:ڈور) হৈছে নাগেশ কুকুনুৰে লিখা আৰু পৰিচালনা কৰা ২০০৬ চনৰ এখন ভাৰতীয় নাট্যধৰ্মী চলচ্চিত্ৰ। আয়েশা টাকিয়া, গুল পানাগ আৰু শ্ৰেয়াস তালপাড়েই ইয়াত মুখ্য ভূমিকা লৈছিল।
-
তাৰে জমিন পৰ
তাৰে জমিন পৰ (Stars on the Earth; तारे जमीन पर) এখন ২০০৭ চনত মুক্তিপ্ৰাপ্ত বলিউডৰ চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা আৰু প্ৰযোজক আমিৰ খান। ইয়াত অভিনয় কৰিছে আমিৰ খান, দৰ্শীল ছাফাৰী, তনয় চন্দা, বিপিন শৰ্মা আৰু টিস্কা চোপ্ৰা।
-
দো আঁখেঁ বাৰহ হাথ
দো আঁখেঁ বাৰহ হাথ ( Do Aankhen Barah Haath ) ১৯৫৭ চনত মুক্তি পোৱা, ভি শান্তাৰাম পৰিচালিত এখন ড্ৰামা হিন্দী চলচ্চিত্ৰ। পৰিচালক শান্তাৰামে নিজেই ছবিখনৰ মূল চৰিত্ৰটোত অভিনয় কৰিছিল। মানৱীয় মনস্তত্ত্ব বিষয়ক কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখনক এখন ধ্ৰুপদী হিন্দী ছবি বুলি গণ্য কৰা হয়।
-
নদিয়া কে পাৰ (১৯৮২ চলচ্চিত্ৰ)
নদিয়া কে পাৰ (Nadiya Ke Paar, नदिया के पार) হৈছে গোবিন্দ মুনিশৰ দ্বাৰা পৰিচালিত ১৯৮২ চনৰ এখন ভাৰতীয় অবধী ভাষাত নিৰ্মিত ড্ৰামা ফিল্ম৷ চলচ্চিত্ৰখন কেশৱ প্ৰসাদ মিশ্ৰৰ হিন্দী উপন্যাস “কোহৱৰ কী শৰ্ত”ৰ প্ৰথমাৰ্ধৰ ওপৰত আধাৰিত, চলচ্চিত্ৰখন উত্তৰ প্ৰদেশৰ জৌনপুৰত নিৰ্মাণ কৰা হৈছে৷ চলচ্চিত্ৰখনত অভিনয়…
-
প্ৰেম ৰোগ
প্ৰেম ৰোগ হৈছে ১৯৮২ চনত ৰাজ কাপুৰৰ পৰিচালনা আৰু প্ৰযোজনাত নিৰ্মিত এখন হিন্দী ভাষাৰ সংগীতধৰ্মী ৰোমাণ্টিক নাটক চলচ্চিত্ৰ। ছবিখনৰ চিত্ৰনাট্য লিখিছে জৈনেন্দ্ৰ জৈন আৰু কামনা চন্দ্ৰই।
-
ভূল ভুলৈয়া ২
ভূল ভুলৈয়া ২ হৈছে ২০২২ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ কমেডী-ভৌতিক চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে আনীছ বাজমীয়ে, চিত্ৰনাট্য লিখিছে আকাশ কৌশিক আৰু সংলাপ লিখিছে ফাৰহাদ চামজীয়ে। ছবিখন টি-ছিৰিজ ফিল্মছ আৰু চিনে১ ষ্টুডিঅ'ৰদ্বাৰা প্ৰযোজিত। ই ২০০৭ চনত মুক্তি পোৱা ভূল ভুলৈয়া ছবিখনৰ এটা স্বতন্ত্ৰ ছিকুৱেল।
-
ভূল ভুলৈয়া ৩
ভূল ভুলৈয়া ৩ হৈছে ২০২৪ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ কমেডী-ভৌতিক চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে আনীছ বাজমীয়ে আৰু চিত্ৰনাট্য লিখিছে আকাশ কৌশিকে। ছবিখন টি-ছিৰিজ ফিল্মছ আৰু চিনে১ ষ্টুডিঅ'ৰদ্বাৰা প্ৰযোজিত। ই ২০০৭ চনৰ ভূল ভুলৈয়া আৰু ২০২২ চনৰ ভূল ভুলৈয়া ২-ৰ পিছত এই ধাৰাবাহিকৰ তৃতীয় খণ্ড।
-
মৃগয়া (চলচ্চিত্ৰ)
মৃগয়া (Mrigayaa) ১৯৭৬ চনত মুক্তি পোৱা হিন্দী ভাষাত নিৰ্মিত এখন ‘ঐতিহাসিক নাট্যধৰ্মী’ ছবি। পৰিচালক মৃণাল সেন আৰু প্ৰযোজক কে ৰাজেশ্বৰ ৰাও। ভাগৱতী চৰণ পাণিগ্ৰাহীৰ "চিকাৰ" নামৰ এটা ওড়িয়া চুটিগল্পৰ আধাৰত ছবিৰ কাহিনীৰ ৰচনা কৰা হৈছে।
-
মেইনে গান্ধীকো নেঁহি মাৰা
মেইনে গান্ধীকো নেঁহি মাৰা (Maine Gandhi Ko Nahin Mara) হৈছে ২০০৫ চনত মুক্তিপ্ৰাপ্ত এখনি হিন্দী ভাষাৰ কথাছবি। ছবিখনৰ পৰিচালক হৈছে জাহ্নু বৰুৱা। প্ৰযোজক হৈছে অনুপম খেৰ। ছবিখনৰ দুটা মুখ্য চৰিত্ৰত অনুপম খেৰ আৰু উৰ্মিলা মাতুণ্ডকাৰে আভিনয় কৰিছে।
-
য়ে মেৰা ইণ্ডিয়া
য়ে মেৰা ইণ্ডিয়া (YMI) ২০০৮ চনৰ এখন হিন্দী চলচ্চিত্ৰ, যাৰ লিখক আৰু পৰিচালক এন. চন্দ্ৰা। ছবিখনত অভিনয় কৰিছে অনুপম খেৰ, পেৰিজাদ জোৰাবিয়ান, সয়াজী শিন্দে পূৰব কোহলী, ৰাজপাল য়াদৱ, সৰিকা, সীমা বিশ্বাস আদিয়ে৷
-
লজ্জা (চলচ্চিত্ৰ)
লজ্জা হৈছে ২০০১ চনত ৰাজকুমাৰ সন্তোষীৰ প্ৰযোজনা আৰু পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ অপৰাধ নাটক ছবি। ভাৰতৰ নাৰী আৰু নাৰীবাদৰ দুৰ্দশাৰ আধাৰত নিৰ্মিত ছবিখনে সমাজত নাৰীক যি সন্মানেৰে ৰখা হয় আৰু তেওঁলোকৰ ওপৰত আৰোপ কৰা বাধাৰ ওপৰত ব্যংগ কৰিছে।
-
লায়লা মজনু (২০১৮ চলচ্চিত্ৰ)
লায়লা মজনু হৈছে ২০১৮ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন ৰোমাণ্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। ছবিখনত অবিনাশ তিৱাৰী আৰু নৱাগতা অভিনেত্ৰী তৃপ্তি ডিমৰিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
শ্ৰীকান্ত
শ্ৰীকান্ত (Srikanth) হৈছে দৃষ্টিশক্তিহীন উদ্যোগপতি তথা বোলাণ্ট ইণ্ডাষ্ট্ৰীজৰ প্ৰতিষ্ঠাপক শ্ৰীকান্ত ব’ল্লাৰ জীৱনৰ ওপৰত ২০২৪ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক চলচ্চিত্ৰ।
-
সীতা ঔৰ গীতা
সীতা ঔৰ গীতা (Seeta Aur Geeta) ১৯৭২ চনৰ, চেলিম–জাভেদৰ (চেলিম খান আৰু জাভেদ আখতাৰ) দ্বাৰা ৰচিত আৰু ৰমেশ চিপ্পীৰ দ্বাৰা পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ এখন কমেডী নাট্যধৰ্মী চলচ্চিত্ৰ।
-
সৈনিক (চলচ্চিত্ৰ)
সৈনিক (Sainik) হʼল ছিকন্দৰ ভাৰতীৰ পৰিচালনাত নিৰ্মিত, ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত, এখন ভাৰতীয় একশ্যনধৰ্মী চলচ্চিত্ৰ। ছবিখনত অভিনয়-শিল্পী অক্ষয় কুমাৰ, অশ্বিনী ভাৱে, ৰোনিত ৰয়, আৰু ফাৰহীনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
হৰে ৰাম হৰে কৃষ্ণ (চলচ্চিত্ৰ)
হৰে ৰাম হৰে কৃষ্ণ (Hare Rama Hare Krishna) ১৯৭১ চনত দেৱ আনন্দৰ পৰিচালনাত নিৰ্মিত এখন সংগীত প্ৰধান ড্ৰামা ছবি, য'ত মুমতাজ আৰু জীনত আমানে অভিনয় কৰাৰ উপৰিও মূল পূৰুষ চৰিত্ৰত তেওঁ নিজে অভিনয় কৰিছে।
-
ৰামাইয়া ৱাস্তাৱৈয়া
ৰামাইয়া ৱাস্তাৱৈয়া (Ramaiya Vastavaiya; ) হৈছে প্ৰভু দেৱাৰ দ্বাৰা পৰিচালিত, ২০১৩ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন ৰোমাণ্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। টিপছ ইণ্ডাষ্ট্ৰিজৰ অধীনত, কুমাৰ এছ. তৌৰাণীয়ে চলচ্চিত্ৰখনৰ প্ৰযোজনা কৰে।
-
অনাৰকলী (১৯৫৩ চলচ্চিত্ৰ)
অনাৰকলী (Anarkali) নন্দলাল যশৱন্তলালৰ দ্বাৰা পৰিচালিত আৰু নছিৰ হুছেইন আৰু হামিদ বাটৰ দ্বাৰা লিখিত মোগল সম্ৰাট জাহাংগীৰৰ ঐতিহাসিক কিংবদন্তিৰ ওপৰত আধাৰিত ১৯৫৩ চনৰ এখন ভাৰতীয় ঐতিহাসিক নাট্যধৰ্মী চলচ্চিত্ৰ।
-
অনুৰাধা (১৯৬০ চলচ্চিত্ৰ)
অনুৰাধা (अनुराधा; Love of Anuradha) হৃষিকেশ মুখাৰ্জীয়ে প্ৰযোজনা আৰু পৰিচালনা কৰা ১৯৬০ চনৰ এখন হিন্দী ভাষাৰ চলচ্চিত্ৰ। ছবিখনত অসিত সেন আৰু মুক্ৰীৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলৰাজ সাহনী আৰু লীলা নাইডুৱে। এই ছবিখন মিছ ইণ্ডিয়া নাইডুৰ প্ৰথম ছবি হিচাপে বিখ্যাত।
-
অৰ্থ (চলচ্চিত্ৰ)
অৰ্থ ( Arth) ১৯৮২ চনত মহেশ ভট্টৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় নাট্য ছবি, য'ত শাবানা আজমী আৰু কুলভূষণ খাৰবান্দাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু স্মিতা পাটিল, ৰাজ কিৰণ আৰু ৰোহিনী হাট্টাংগাডীয়ে সহযোগী চৰিত্ৰত অভিনয় কৰিছে। ইয়াত গজল যুটি জগজিৎ সিং আৰু চিত্ৰ সিঙৰ চাউণ্ডট্ৰেক আছে।